বৰ্ণালী কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ণালী কলিতা
জন্ম ৩১ আগষ্ট, ১৯৭৮ (৪৫ বছৰ)
নামৰূপ, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য গায়িকা, বিহু
পেচা নেপথ্য গায়িকা
বাদ্যযন্ত্ৰ কণ্ঠ
কাৰ্যকাল ১৯৯২ - বৰ্তমানলৈ
ৰেকৰ্ড লেবেল বিভিন্ন
পিতৃ-মাতৃ অনন্ত কুমাৰ কলিতা (পিতৃ)
অনুৰাধা (মাতৃ)[1]
ৱেবছাইট www.iambornali.com

বৰ্ণালী কলিতা (ইংৰাজী: Bornali Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিহু ৰাণী। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰমজান, মাইনা, অটোগ্ৰাফী ইত্যাদি৷ তেওঁ এতিয়ালৈ ১০,০০০ৰো অধিক গান গাইছে৷[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

অসমৰ ডিব্ৰুগড়ৰ নামৰূপত ডাঙৰ দীঘল হোৱা বৰ্ণালী কলিতাৰ জন্ম ১৯৭৮ চনৰ ৩১ আগষ্টত হয়।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

বৰ্ণালী কলিতাই ১৯৯৪ চনৰ পৰা গান গাবলৈ আৰম্ভ কৰে। বৰ্ণালী কলিতাই তেওঁৰ গানৰ দ্বাৰা অসমীয়া সাংস্কৃতিক উদ্যোগলৈ অৱদান আগবঢ়াইছে। তেওঁ বঙালী, গাৰো, কাৰ্বি, খাচী, বড়োৰ লগতে বহুতো ভাষাৰ গীত গাইছে। এতিয়ালৈকে তেওঁ ৮,০০০তকৈও অধিক গান ৰচনা কৰিছে।[2]

বঁটা আৰু সন্মান[1][সম্পাদনা কৰক]

  • সুধাকণ্ঠ ড° ভূপেন হাজৰিকা বঁটা,
  • অসম সাহিত্য সভাৰ অসম শিল্পী বঁটা,
  • অসম লেখিকাৰ সুৰ শিল্পী বঁটা, ইত্যাদি

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Deka, Prantik (27 July 2019). "Bornali Kalita Completes 20 Years in the Music Industry". Kothasobi.com. Archived from the original on 24 April 2021. https://web.archive.org/web/20210424072057/https://kothasobi.com/bornali-kalita-interview/। আহৰণ কৰা হৈছে: 24 April 2021. 
  2. 2.0 2.1 2.2 "Bornali Kalita". Biographyinsider.com. https://biographyinsider.com/bornali-kalita/। আহৰণ কৰা হৈছে: 24 April 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]