কাৰ্বি ভাষা
কাৰ্বি | |
---|---|
আৰ্লেং (Arleng) | |
অঞ্চল | অসম, মেঘালয়, অৰুণাচল প্ৰদেশ |
জাতীয়তা | কাৰ্বি |
স্থানীয় ভাষিক |
5,28,503 (2011)[1] |
ভাষা পৰিয়াল |
Sino-Tibetan
|
ভাষা সংকেত | |
ISO 639-3 | Either: mjw – কাৰ্বি ajz – কাৰ্বি ভৈয়াম (আমৰি) |
গ্লোটোলগ | karb1240 [2] |
কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে (মিকিৰ বা আৰ্লেং) কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। শ্বাফাৰ (১৯৭৪) আৰু ব্ৰেডলীয়ে (১৯৯৭) মিকিৰ ভাষাক এক পথচ্যুত (aberrant) কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে, আনহাতে থাৰগুডে (২০০৩) ইয়াক শ্ৰেণীকৰণ নকৰি চীনা-তিব্বতীয়ৰ মাজত ৰাখিছে। ব্লেঞ্চ আৰু প'ষ্টে (২০১৩) ইয়াক গোটেই ভাষা পৰিয়ালটোৰ সকলোতকৈ গুৰি ভাষাৰ এটা বুলিছে।
ধুমুৰালী / কামৰূপ কাৰ্বিৰ বাহিৰে কথিত ভাষাটোৰ স্থানবিশেষে বিশেষ পাৰ্থক্য নাই। মান্য ভাষাৰূপে সাধাৰণতে ডিফু অঞ্চলৰ কথিত ভাষাটোকে ধৰা হয়।[3]
ইতিহাস
[সম্পাদনা কৰক]উত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ ভাষাৰ দৰে কাৰ্বি ভাষাও ৰোমান লিপিৰে আৰু কেতিয়াবা অসমীয়া লিপিৰে লিখা হয়। সকলোতকৈ পুৰণি কাৰ্বি লিখিত পাঠ্যবোৰ আমেৰিকান বাপ্টিষ্ট মিচন আৰু কেথলিক গীৰ্জাৰ খ্ৰীষ্টান মিচনেৰীসকলে উলিয়াইছিল। মিচনেৰীসকলে ১৯০৩ চনত Birta নামৰ এখন কাৰ্বি বাতৰি কাকত ছপাইছিল। ৰেভাৰেণ্ড আৰ ই নেইবৰৰ ১৮৭৮ চনত প্ৰকাশিত 'Vocabulary of English and Mikir, with Illustrative Sentences' ক প্ৰথম কাৰ্বি অভিধান বুলিব পাৰি। চাৰ্ড'কা পেৰিন কে'ৰ ১৯০৪ চনত প্ৰকাশিত 'English–Mikir Dictionary' , ছাৰ চাৰ্লছ লিয়াল আৰু এডৱাৰ্ড ষ্টেকৰ ১৯০৮ চনত প্ৰকাশিত কাৰ্বিসকলৰ জনগোষ্ঠীয় বিৱৰণৰ প্ৰথম দলিল The Mikirs আৰু গি ডি ৱাকাৰৰ ১৯২৫ চনৰ 'A Dictionary of the Mikir Language' আদিবোৰ কাৰ্বি লোক, ভাষা আৰু ব্যাকৰণৰ কেইখনমান পুৰণি গ্ৰন্থ।[4]
কাৰ্বিসকলৰ কথিত ভাষাও চহকী। ইয়াৰে এক উদাহৰণ ম'চেৰা (Mosera বা অতীতৰ সোঁৱৰণ) য'ত কাৰ্বিসকলৰ উৎপত্তি আৰু প্ৰব্ৰজন বৰ্ণনা কৰা হয়।
ভিন্নতা
[সম্পাদনা কৰক]ক'নাৰ্থে (২০১৪)কাৰ্বি ভাষাৰ দুটা ৰূপ আঙুলিয়াই দিছে।
- পাহাৰীয়া কাৰ্বি: অসমৰ কাৰ্বি আংলং জিলাৰ ৰংখাং উপভাষা।
- ভৈয়ামৰ কাৰ্বি (ডোম্ৰা কাৰ্বি): অসমৰ কামৰূপ জিলা আৰু মৰিগাঁও জিলা আৰু মেঘালয়ৰ ৰি-ভৈ জিলাত কোৱা হয়।
ধ্বনি
[সম্পাদনা কৰক]কাৰ্বি ভাষাত সাতটা স্বৰবৰ্ণ আৰু উনৈছটা ব্যঞ্জনবৰ্ণ উচ্চাৰণ হয় (দুয়োটা মিলি ছাব্বিছটা)। স্বৰবৰ্ণবোৰৰ হস্ৰ আৰু দীৰ্ঘৰ পাৰ্থক্য নাই। তলৰ তথ্যসমূহ ক'নাৰ্থৰ (২০১৭) পৰা উদ্ধৃত।[5]
ব্যঞ্জনবৰ্ণ
[সম্পাদনা কৰক]আৰম্ভণিৰ ব্যঞ্জনবৰ্ণ
[সম্পাদনা কৰক]ওষ্ঠ্য | দন্তমূলীয় | তালব্য | পশ্চতালব্য | কণ্ঠনালীয় | ||
---|---|---|---|---|---|---|
বিৰাম | অল্পপ্ৰাণ-কণ্ঠীয় | p | t | c | k | |
অল্পপ্ৰাণ-অকণ্ঠীয় | b | d | ɟ~j | |||
মহাপ্ৰাণ | pʰ~ɸ | tʰ | kʰ | |||
উষ্ম | β~w | s | h | |||
নাসিক্য | m | n | ||||
লুঠিত | r~ɾ | |||||
সমকাৰক | l | ɟ~j |
শেষৰ ব্যঞ্জনবৰ্ণ
[সম্পাদনা কৰক]দ্বৌষ্ঠ্য | দন্তমূলীয় | তালব্য | পশ্চতালব্য | কণ্ঠনালীয় | ||
---|---|---|---|---|---|---|
বিৰাম | p | t | k | |||
নাসিক্য | m | n | ŋ | |||
লুঠিত | r~ɾ~ɹ |
স্বৰবৰ্ণ
[সম্পাদনা কৰক]প্ৰান্তীয় | কেন্দ্ৰীয় | মূলীয় | |
---|---|---|---|
উচ্চ | /i/ | /u/ | |
উচ্চ-মধ্য | /e/ | /o/ | |
নিম্ন | /a/ |
কাৰ্বিৰ যুক্তাক্ষৰ | (ei) | ai | oi | ui |
---|
শব্দাংশৰ গঠন
[সম্পাদনা কৰক]কাৰ্বি শব্দাংশ মুক্ত (C)(C)V(V) বা বন্ধ (C)(C)VC হ'ব পাৰে। এনেধৰণৰে ব্যঞ্জন গোটৰ সংযোগ হ'ব পাৰে: /pl pr pʰl pʰr tʰr kl kr kʰr/.
অসমীয়াৰ প্ৰভাৱ
[সম্পাদনা কৰক]কাৰ্বি ভাষাত বহুতো অসমীয়া মূলৰ শব্দ পোৱা যায়। কাৰ্বি উচ্চাৰণৰে বহুকেইটাই অন্য ৰূপ লৈছে। যেনে- চাৰিজন বুঢ়া> চাৰবুৰা, ঘৰ> কহৰ, মধুৰী আম> মাদুৰাম, ঘণ্টা> খন্তা আদি। কিতাপ, আলহী, আপদ, কেৰাহী আদি শব্দ একে ৰূপতে ব্যৱহাৰ হয়।[3]
শব্দ গঠন
[সম্পাদনা কৰক]মিচিং ভাষাত দুটা শব্দৰ সংযোগত নতুন এটা শব্দৰ গঠন হোৱাৰ দৰে কাৰ্বি ভাষাতো এনে উদাহৰণ পোৱা যায়। এনেকৈ সৃষ্টি হোৱা নতুন শব্দটোত সাধাৰণতে মূল শব্দ দুটাৰ প্ৰথম অংশকেইটা লোপ পায় আৰু দ্বিতীয় অংশকেইটা ৰৈ যায়। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে। উদাহৰণস্বৰূপে- আৰলং+ কেচৰ= লংচৰ, তমন+ কেদেং= মনদেং, কিন্তু থেংপি+ আফাং= থেংফাং, কেল'ক+ পিক= লক্পিক আদি।[3]
কাৰ্বি বাক্য
[সম্পাদনা কৰক]ড° অৰ্পণা কোঁৱৰৰ প্ৰবন্ধৰ পৰা লোৱা কিছুমান কাৰ্বি ভাষাৰ বাক্য তলত দিয়া হ'ল -
- নে আন চ’ - মই ভাত খাওঁ
- চাইনং বাপচ’ - গৰুৱে ঘাঁহ খায়
- লা কিতাপ ত’ক - সি কিতাপ লিখে
- নে নাং ফান নিং দ’ক - মই তোমাক ভাল পাওঁ
- নে ফান মাৰৱে এপুম - মোক এটা আম দিয়া
- চহাং-চৰেক আকান ছাং চিকিপ ইছি পিথা - ভিক্ষাৰীক চাউল এমুঠি দিয়া
- নে কলম পেনছি ত'ক - মই কলমেৰে লিখোঁ
- নে হেম দামজি - মই ঘৰলৈ যাম
- নে বজাৰ পেনছি অ'ক নাম - মই বজাৰৰ পৰা মাছ আনিছোঁ
- দিফুছি বাজাৰ দ' - দিফুত এখন বজাৰ আছে
- হি থাই আলং হন-হনথা আৱে - বজাৰত শাক-পাচলি নাই
ভৌগোলিক বিতৰণ
[সম্পাদনা কৰক]কাৰ্বি ভাষা উত্তৰ-পূব ভাৰতৰ এই ঠাইসমূহত কোৱা হয়।
- অসম:
- অৰুণাচল প্ৰদেশ:
- মেঘালয়:
- নাগালেণ্ড:
- ডিমাপুৰৰ ওচৰ-পাজৰৰ অঞ্চল
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://www.censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/Statement1.aspx 2001 census
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Karbic". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/karb1240.
- ↑ 3.0 3.1 3.2 বৰুৱা, ভীমকান্ত (২০০৩). অসমৰ ভাষা. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৫৩-১৫৪.
- ↑ Karbis Of Assam
- ↑ Konnerth, Linda. 2017. "Karbi." In The Sino-Tibetan Languages (2017).
- ↑ Konnerth, Linda (2014). A Grammar of Karbi (PhD). University of Oregon. http://hdl.handle.net/1794/17928। আহৰণ কৰা হৈছে: 2019-02-03.