চীনা-তিব্বতীয় ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চীনা-তিব্বতীয়
জাতি: চীনা,মান,অসমৰ চীনা- তিব্বতীয় আৰু টাই জনগোষ্ঠী
ভৌগোলিক
বিস্তৃতি:
চীন, মানদেশ, ব্ৰহ্মপুত্ৰ উপত্যকা
ভাষাৰ শ্ৰেণীবিভাজন: Sino-Tibetan
  • চীনা-তিব্বতীয়
উপশ্ৰেণীসমূহ:
প্ৰায় ৪০ জনীয়া এটা প্ৰতিষ্ঠিত নিম্নস্তৰৰ গোট
বিভিন্ন প্ৰস্তাৱিত শীৰ্ষ-স্তৰৰ গোট
পৰম্পৰাগত বিভাজন:
ISO 639-2 and 639-5: sit

চীনা-তিব্বতীয় ভাষাৰ বিভিন্ন শাখাৰ সম্প্ৰসাৰণ

চীনা-তিব্বতীয় ভাষা(ইংৰাজী: Sino-Tibetan language) এটা ভাষা পৰিয়াল; ইয়াৰ ভিতৰত প্ৰায় ৪০০টা ভাষা অন্তৰ্ভুক্ত। পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত এই ভাষাৰ ব্যৱহাৰ কৰা হয়। জনসংখ্যাৰ ক্ষেত্ৰত ই ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ পিছতে দ্বিতীয় স্থানত আছে। চীন-তিব্বতী ভাষাৰ ভিতৰত চীনা ভাষাৰ ১২ বিলিয়ন, মান ভাষাৰ ৩.৩ কোটি আৰু তিব্বতী ভাষাৰ ৮০ লাখ ব্যৱহাৰকাৰী আছে।

চীনা গৱেষণা[সম্পাদনা কৰক]

লি (১৯৩৭)[সম্পাদনা কৰক]

১৯৩৭ চনৰ চাইনিজ ইয়েৰবুকত লি ফাং-কুৱেইয়ে কৰা এক সমীক্ষাত এই পৰিয়ালটোক চাৰিটা শাখাৰে গঠিত বুলি বৰ্ণনা কৰিছে:[1]

  • চীনা ভাৰতীয় (চীনা-তিব্বতীয়)
    • চীনা
    • টাই (পাছলৈ কাম-টাই)
    • মিয়াও-য়াও (হমং-মিয়েন)
    • মান তিব্বতীয়

১.চীনা ভাষা[সম্পাদনা কৰক]

এই শাখাত চীনা ভাষা অন্তৰ্গত কৰা হৈছে।

২.টাই ভাষা[সম্পাদনা কৰক]

পশ্চিমীয়া গৱেষকে টাই সকলক এটা স্বাধীন ভাষা পৰিয়াল (ক্ৰা-ডাই ভাষা পৰিয়াল) হিচাপে স্বীকৃতি দিছে। কিন্তু চীনা গৱেষক সকলে টাই সকলক চীনা-তিব্বতীয় ভাষাৰ চাৰিটা শাখাৰ এটা শাখা বুলি ভাগ কৰিছে।[2][1]

৩.মান-তিব্বতীয়[সম্পাদনা কৰক]

অসমৰ মান-তিব্বতীয় জনগোষ্ঠী সমূহ হৈছে:

৪.মিয়াও-য়াও (হমং-মিয়েন)[সম্পাদনা কৰক]

পশ্চিমীয় গৱেষণা[সম্পাদনা কৰক]

বেনেডিক্ট (১৯৪২)[সম্পাদনা কৰক]

বেনেডিক্টে ভিয়েটনামীসকলক প্ৰকাশ্যভাৱে বাদ দিছিল আৰু মন-খ্মেৰত ৰাখিছিল লগতে হমং-মিয়েন আৰু ক্ৰা-ডাইক অষ্ট্ৰ'-টাইত ৰাখিছিল।[3]

  • চীনা
  • টিবেটো-কেৰেন
  • কেৰেন
  • তিব্বত-বাৰ্মান

ইতিহাস[সম্পাদনা কৰক]

১৯ শতিকাত প্ৰথমে প্ৰস্তাৱ কৰা হৈছিল যে কায় অঞ্চলৰ চীনা, তিব্বতী, বাৰ্মিজ আৰু অন্যান্য ভাষাসমূহ জিনগতভাৱে সম্পৰ্কিত; যিটো এতিয়া সকলোৰে পৰিচিত।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Li, Fang-Kuei (1937), "Languages and Dialects", in Shih, Ch'ao-ying; Chang, Ch'i-hsien (eds.), The Chinese Year Book, Commercial Press, pp. 59–65, reprinted as Li, Fang-Kuei (1973), "Languages and Dialects of China", Journal of Chinese Linguistics, 1 (1): 1–13, JSTOR 23749774.
  2. Luo, Yongxian. 2008. Sino-Tai and Tai-Kadai: Another look. In Anthony V. N. Diller and Jerold A. Edmondson and Yongxian Luo (eds.), The Tai-Kadai Languages, 9-28. London & New York: Routledge.
  3. Benedict, Paul K. (1942), "Thai, Kadai, and Indonesian: A New Alignment in Southeastern Asia", American Anthropologist, 44 (4): 576–601, doi:10.1525/aa.1942.44.4.02a00040, JSTOR 663309.
  4. Handel (2008), পৃষ্ঠা. 422, 434–436.