চুতীয়া জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চুতীয়াৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
চুতীয়া জনগোষ্ঠী
মুঠ জনসংখ্যা
১৪-১৫ লাখ (আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
প্ৰধান: লখিমপুৰ জিলা, ধেমাজি জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলা,
অন্য: নগাঁও জিলা, কাছাৰ জিলা, কৰিমগঞ্জ জিলা, মৰিগাঁও জিলা, কাৰ্বি আংলং জিলা, কামৰূপ জিলা, দৰং জিলা
ভাষাসমূহ

অসমীয়া ভাষা, দেউৰী-চুতীয়া ভাষা(পৌৰাণিক ৰাজকীয়)

ধৰ্ম

অৰ্ধ হিন্দু

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

বড়ো-কছাৰী

চুতীয়া অসমৰ এটা বড়ো-কছাৰী মূলৰ আদিম জনগোষ্ঠী। বৰ্তমান অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত চুতীয়াসকলৰ বসতি দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও নগাঁও, কাছাৰ, কৰিমগঞ্জ, মৰিগাওঁ, কাৰ্বি আংলং, কামৰূপ আৰু দৰং জিলাতো কিছু সংখ্যক চুতীয়াই বাস কৰে। ১৮৮১-১৯২১ চনত কৰা লোক পিয়লত(census) গোৱালপাৰা জিলাতো কিছু সংখ্যক(আজিৰ‌‌ দিনত আনুমানিক ৪০-৫০‌ হাজাৰ) চুতীয়া আছিল বুলি উল্লেখ আছে যদিও আজিৰ দিনত দেখা পোৱা নাযায়। হয়তো বিভিন্ন কাৰণত এই সকল লোক কোচ বা‌ শৰনীয়া জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈছিল।

ইতিহাস[সম্পাদনা কৰক]

চুতীয়া সকল প্ৰাগ-ঐতিহাসিক কালৰ বড়ো-কছাৰী মূলীয় ভুমিপুত্ৰ জনগোষ্ঠীৰ লোক হয়। ১২ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে থকা প্ৰায় সমগ্ৰ ভূ-খণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। আহোমে চুতীয়া ৰাজ্য দখল কৰি চুতীয়াসকলৰ কিছুমানক ৰাজবিষয়া কৰি লয় আৰু কিছুমানৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰে।

শ্ৰেণী বিভাজন[সম্পাদনা কৰক]

বুৰুক চুতীয়া, বৰাহী চুতীয়া, বিহিয়া চুতীয়া, লফাই চুতীয়া, বেবেজিয়া চুতীয়া, ইত্যাদি চুতীয়া সকলৰ বংশৰ নাম। ধাৰ্মিক আৰু বৈবাহিক সম্পৰ্ক পতাৰ ফলত চুতীয়াসকলৰ পৰাই হিন্দু চুতীয়া, আহোম চুতীয়া, মিৰি চুতীয়া আৰু দেউৰী- এই চাৰিটা প্ৰধান ভাগত ভগোৱা হয়। বৰ্তমান মিৰি চুতীয়া মিচিং জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈ আছে আৰু দেউৰী সকলে পৃথক জনগোষ্ঠী হিচাপে পৰিচয় দিয়ে।

ধৰ্ম-বিশ্বাস[সম্পাদনা কৰক]

আজিৰ দিনত চুতীয়া সকল পকা-পন্থি আৰু কেচা-পন্থি দুটা গোটত বিভক্ত হৈ আছে। পকা-পন্থি(৪০% লোক) সকলে প্ৰাচীন কালৰ জনজাতীয় তান্ত্ৰিক পদ্ধতিৰ ধৰ্ম বিশ্বাস আৰু ৰীতি-নীতি জীয়াই ৰাখিছে আৰু কেঁচা সকলে কিছু পৰিমাণে নববৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত পৰিছে। আদিতে চুতীয়াসকলে কেঁচাইখাইতী গোসাঁনীক মহা মাতৃৰূপে পূজা কৰিছিল। এসময়ত এই পূজাত নৰবলিৰ প্ৰথাও প্ৰচলন আছিল। ইয়াৰ বাহিৰেও চুতীয়া সকলে শিৱ, বিষ্ণু, লক্ষ্মী, ইত্যাদি সকলক পূজা কৰে। [1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-৯১ (১)