কলিতা জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কলিতা জনগোষ্ঠী
মুঠ জনসংখ্যা
৭০ লাখ (আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
        অসম ৫০  লাখ
ভাষাসমূহ

অসমীয়া ভাষা

ধৰ্ম

Om symbol.svg হিন্দু ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

অসমীয়া

কলিতা সকল হৈছে অসমৰ এক প্ৰাচীন আৰু খিলঞ্জীয়া জাতি। বাণীকান্ত কাকতিৰ কলিতা জাতিৰ ইতিবৃত্ত, কালিৰাম মেধিৰ Assamese Grammar and Origin of the Assamese Language, কিঙ্কৰৰ আলপাইন-কলিতা গোষ্ঠীৰ ইতিহাস, মাধুৰ্যমণ্ডিত বৰুৱাকলিতা জাতিৰ ইতিহাস আদি গ্ৰন্থত কলিতা সকলৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হৈছে।

[1] বহু পুৰণি কালৰে পৰা কলিতা ৰাজ্যৰ অস্তিত্বৰ কথা জনা যায়। ১৫-১৬ শতিকাত কলিতা ৰাজ্যৰ থকাৰ প্ৰমাণ আছে।[2] মাধুৰ্যমণ্ডিত বৰুৱাৰ মতে, কলিতা ৰাজ্যৰ প্ৰথম ভেটি প্ৰতিষ্ঠা হৈছিল ৩১৯২ খ্ৰীষ্টপূৰ্বত।[3]

সামাজিক জীৱন[সম্পাদনা কৰক]

কলিতা সকল মূলতঃ কৃষিজীৱি যদিও আহোম-কোঁচৰ ৰাজত্বৰ সময়ত তেওঁলোকে আহোম -কোঁচৰ -ৰাজদূত, সৈনিক, পাইক হিচাপে কাম কৰিছিল। কলিতা সকলৰ মাজত ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই তিনিও বৰ্ণ পোৱা যায়। বৰ কলিতা আৰু কাঠ কলিতাসকল ক্ষত্ৰিয়; কেওট কলিতা, সোণাৰী কলিতাসকল বৈশ্য; বেজ কলিতাসকলো বৈশ্য হ'ব লাগে; কুমাৰ কলিতা, কমাৰ কলিতা, খেন কলিতা, নট কলিতা, চমাৰ কলিতা, মালী কলিতা আদি বৰ্ণাশ্ৰম অনুসাৰী শূদ্ৰ বৰ্ণত পৰিব।

আহোম ৰাজ্যৰ পাইক ব্যৱস্থাৰ উপাধি সমূহ ক্ৰমে বৰা, শইকীয়া, হাজৰিকা, বৰুৱা আৰু ফুকন কলিতা সকলৰ মাজতো পোৱা যায়। ফুকন, বৰুৱা আদি উপাধি আহোম, কলিতা আৰু ব্ৰাহ্মণ সকলৰ মাজত সমানে পোৱা যায়। তদুপৰি বৰা, বৰুৱা, শইকীয়া, হাজৰিকা আৰু ৰাজখোৱা উপাধি সমূহ আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু কলিতা সকলৰ মাজত দেখা পোৱা যায়। বৈৰাগী আৰু খাউণ্ড -এই দুয়ো উপাধি আহোম ৰজাৰ ৰাজদূত সকলক প্ৰদান কৰা হৈছিল। এই উপাধি প্ৰদান কৰোঁতে কলিতা সকলক প্ৰাধান্য দিয়া হৈছিল।[4]

আনহাতে প্ৰধানকৈ মোগল শাসিত পশ্চিম অসমত কলিতা সকলে ৰাজহ বিভাগত আগস্থান পাইছিল।

কিছুমান লেখতল'বলগীয়া কলিতা উপাধিসমূহ হৈছে লহকৰ, মহন্ত, বৰ্মন, বৰদলৈ, ভূঞা, চলিহা, চৌধুৰী, ডেকা, দাস, দত্ত, কাকতি, বৰকাকতী, ঠাকুৰীয়া, মেধি, তালুকদাৰ, খাটনিয়াৰ, তহবিলদাৰ ইত্যাদি। কলিতা সকলে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত এক শৰণ নাম ধৰ্ম আকোঁৱালি লৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় প্ৰত্যেকটো মহকুমাতে এই জনগোষ্ঠী পোৱা যায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলী। অসম নামৰ ভূ-খণ্ড আদিতে কামৰূপ, প্ৰাগজ্যোতিষপূৰ আদি বেলেগ বেলেগ নামৰ বিভিন্ন সময়ত পৰিচিত আছিল আৰু ইয়াৰ চাৰিসীমাও বৰ্তমানৰ দৰে নাছিল। বিভিন্ন সময়ত ইয়াৰ পৰিসীমা ভিন ভিন আছিল। কেতিয়াবা যদি ইয়াৰ বিস্তৃতি বহু প্ৰসাৰীত হৈছিল, আন কেতিয়াবা আকৌ ই বহুপৰিমাণে সংকুচিত হৈছে। কলিতাসকল ( বিজু সেনাপতি 7002014452ৰ লিখনিৰ পৰা সংগ্ৰহ)হৈছে অসম, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ জনগোষ্ঠী। প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মনাথ গোঁহাঞিবৰুৱাদেৱে তেখেতৰ ‘অসম বুৰঞ্জী’ত এই কথা স্পষ্ট কৰি গৈছে যে কলিতাসকল অসমৰ আটাইতকৈ পুৰণীকলীয়া আদিবাসী, নৰক, ভগদত্ত আৰু ৰজাসকল কলিতাসকলৰ আদিপুৰুষ আছিল। ৰাজমোহন নাথৰ ‘The Background of Assamese Culture’ ত উল্লেখ কৰা অনুসৰি ২৪জন নৰকৰ ভিতৰত প্ৰথম নৰকৰ সময় আছিল খী. পূ. ২২০০ ৰ পৰা খী. পূ.


২১৬৯। দ্বিতীয়ৰ পৰা তৃবিংশতিতম নৰকৰ সময় আছিল খী: পূ: ২১৬৯ৰ পৰা খী: পূ: ১৫০৯। শেষৰজন নৰকৰ সময় আছিল খী: পূ: ১৫০৯ ৰ পৰা খী: পূ: ১৪৪৯ আৰু তেওঁৰেই পুতেক আছিল ভগদত্ত। বুৰঞ্জীয়ে ঢুকী নোপোৱা কালতে অসমত কলিতাসকলে নিজৰ সভ্যতা সংস্কৃতি গঢ়ি তুলিছিল। পৰবৰ্তী সময়ত বিভিন্ন ঠাইৰ পৰা অহা বহুসংখ্যক লোক কলিতাসকলৰ অন্তৰ্ভুক্ত হৈছিল। সেইবাবেই কলিতা সকলৰ ইতিবৃত্ত সম্পৰ্কে বহু ভিন ভিন মতামত পোৱা যায়। কিন্তু প্ৰকৃত সত্যটো হ’ল কলিতা সকল এই ভূ-খণ্ডৰ চাবেক বাসিন্দা। বিভিন্ন উৎসৰ পৰা অহা তথ্যসমূহো শুদ্ধ। কাৰণ বেদ উপনিষদৰ কালৰে পৰা প্ৰভুত্ত থকা কলিতা সভ্যতাত বেলেগ বেলেগ সময়ত আহি সংযোজিত হোৱা লোকসকলক লৈ বৃহত্তৰ কলিতা জনগোষ্ঠী গঠিত হৈছে। ভাৰবৰ্ষলৈ আৰ্য্যসকল অহাৰ বহু পূৰ্বেই অহা আলপাইন সকলেই হৈছে কলিতা সকলৰ নৃ-গোষ্ঠীয় পৰিচয়। ইয়াৰ পাছতো অনেক সময়ত বিভিন্ন দিশৰ পৰা অনেক লোক আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আলপাইন মূলীয় কলিতাসকলৰ লগত বিলীন হৈছে। কুলুতাচ সকলৰ এটা ঠালো কলিতা সকলৰ অন্তৰ্ভুক্ত হৈছিল। কৌনজৰ পৰা অহা কিছু লোক আৰু ইয়াৰ বহু পূৰ্বেই হিমালয়ৰ পাদদেশত থকা লোকসকলৰ বহু লোক বৃহত্তৰ কলিতা সকলৰ এক অংশৰ পূৰ্বপুৰুষ বুলিব পাৰি। কলিতা লোকসকলৰ মাজত গভীৰ অধ্যয়ন কৰিলে দেখা যায় যে এই লোকসকলৰ জাতি, জনগোষ্ঠী উভয়ৰে লক্ষণ বিৰাজমান। সেইবাবে বিজ্ঞান ভিত্তিক বিশ্লেষণেৰে কলিতা এক জাতি নে জনগোষ্ঠী একেষাৰতে কৈ দিয়া কঠিন। পণ্ডিত ড॰ বাণীকান্ত কাকতীদেৱে কলিতা এক জাতি বুলি অভিহিত কৰিলেও কলিতাসকলৰ মাজত দেখা পোৱা বহু উপাদানৰ ভিত্তিত কলিতা এক জনগোষ্ঠী বুলি কোৱাটোহে বেছি সমিচিন হ’ব। এই জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন সম্প্ৰদায় আছে। তাৰ ভিতৰত কমাৰ কলিতা, কুমাৰ কলিতা, সৰু কলিতা, বৰ কলিতা,কেওট কলিতা,নট কলিতা, সুত কলিতা, কঁহাৰ কলিতা, নাপিত কলিতা, ধুবী কলিতা, সোণাৰী কলিতা, কাড়ী কলিতা, হালৈ কলিতা, জালৈ কলিতা, শালৈ কলিতা,মালী কলিতা আদিবোৰেই প্ৰধান। ইয়াৰ উপৰিও কলিতা জনগোষ্ঠীৰ লোকসকলে বিভিন্ন সময়ত বিভিন্ন বৃত্তি বা কৰ্মত মনোনিবেশ কৰাৰ কাৰণে তেওঁলোকক ভিন ভিন নামেৰে জনা গৈছিল। বহুসময়ত তেনে কাম আৰু দায়িত্বৰ ওপৰতে ভিত্তি কৰি ভিন ভিন উপাধিও লাভ কৰিছিল। বৰ্তমানো ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা সকলে প্ৰায় ৯৩টা উপাধি ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত সেনাপতি, ভূঞা, বৰুৱা, মহন্ত, শইকীয়া, কাকতি, দত্ত, পাগবন্ধা, কলিতা, দাস, তামূলী, বৰা, খাৰঘৰীয়া, বাৰিক, পাঠক, চৌধৰী, খাতনিয়াৰ, লহকৰ, তালুকদাৰ, হাজৰিকা, নেওগ, পাটগিৰি, পোদ্দাৰ, অধিকাৰী, বড়া, ঠাকুৰীয়া, বৰ্মন, ডেকা, দিহিদাৰ, মেধী, পাটোৱাৰী, হুন্দুৰী, বৈৰাগী, মালী, স্বজন, তাঁতি, সাউদ, বেজবৰুৱা, বাঢ়ৈ, বাণিয়া, কুমাৰ, জৰামূৰীয়া, দুলীয়া, বনিক, কায়স্থ, চহৰীয়া, বৈশ্য, কেওত, যোগী, নাথ, সুৰী, তেলী, ভকত, হাড়ী, বৰদলৈ, ধনদিয়া, গায়ন, বায়ন, ৰাজখোৱা, ফুকন, দেউৰী, নামতিয়াল, সূত্ৰধাৰ, ভৰালী, পুৰকায়স্থ, ডাকোৱা আদিয়েই প্ৰধান। অৱাশ্যে ইয়াৰ বহু উপাধি কলিতাসকলৰ বাহিৰেও আন আন জনগোষ্ঠীৰ লোকেও ব্যৱহাৰ কৰা দেখা যায়। কলিতাসকল এই ভূ-খণ্ডৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনগোষ্ঠী হিচাপে পৰিচিত হৈ আহিছে। এওলোক যুগ যুগ ধৰি অতি প্ৰভাৱশালী আছিল আৰু কলিতা সভ্যতা আছিল স্বত্ৰন্ত্ৰ আৰু স্বয়ংসম্পূৰ্ণ। সমাজ ব্যৱস্থা এটা সম্পূৰ্ণ হ’বৰ বাবে প্ৰয়োজনীয় সকলো কাম এওঁলোকে নিজেই কৰিব পাৰিছিল আৰু সমাজৰ প্ৰায় সকলোধৰণৰ কামতে এওঁলোকে মনোনিবেশ কৰিছিল। কিন্তু, সুবিধাবাদী তথাকথিত উচ্ছবংশীয় লোকৰ প্ৰৰোচনা আৰু চক্ৰান্তত পৰি কলিতাসকলৰ মাজতেই বহু শ্ৰেণীবিভাগ আৰু উচ্চ নিচৰ ভেদাভেদ আহিল। এনেকুৱা ভেদাভেদ আৰু বহু ঐতিহাসিক অন্যায়ৰ কবলত পৰি কলিতাসকলৰ মাজত কিছু সম্প্ৰদায় বিভাজিত হ’ল। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আচিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত কৰা হ’ল। এঁওলোকৰ কিছুমান আকৌ ভাৰতীয় সংবিধানৰ জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ আওঁতাত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি পুনৰ বিভাজনৰ ফাঁট বহল কৰাৰ ষড়যন্ত্ৰ কৰা হ’ল। কিন্তু একে জীৱনশৈলিৰ গৰিষ্ঠ সংখ্যক কলিতা লোক সাধাৰণ জাতিৰ আঁওতাত থাকি গ’ল। যাৰ ফলত নিজ জনগোষ্ঠীৰ মাজতে এটা স্পষ্ট বিভেদ আনিবলৈ ষড়যন্ত্ৰকাৰিসকল সক্ষম হ’ল আৰু এসময়ত আটাইতকৈ প্ৰভাৱশালী জনগোষ্ঠীৰূপে পৰিচিত কলিতাসকল ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ক্ৰমে ক্ৰমে সকলো দিশৰ পৰাই পিছপৰি আহিল। বৰ্তমান অসমত কলিতাসকল হ’লগৈ আটাইতকৈ পিছপৰা জনগোষ্ঠীসমূহৰ অন্যতম। আজিৰ তাৰিখত বৰ কলিতা আৰু সৰু কলিতাৰ প্ৰভেদ বৰ বিশেষ নাই বুলিব পাৰি কিন্তু কুমাৰ কলিতা, সুত কলিতা, শালৈ কলিতা, হাৰী কলিতা আদি লোকসকল এটা গোট আনটোৰ পৰা ইমানেই আঁতৰি যোৱা পৰিলক্ষিত হৈছে যে বহুক্ষেত্ৰত এটা গোটে আন এটা গোটৰ লগত একে জনগোষ্ঠীৰ বুলি পৰিচয় দিবলৈও শংকা কৰে। এনে হোৱাৰ ফলত ঐতিহ্যময় কলিতা সভ্যতাটোৰ প্ৰতি তীব্ৰ সংকট আহি পৰিছে আৰু জনগোষ্ঠীটোৰ সমূহীয়া সমস্যাসমূহ সমাধানৰ বাবে পথ মূকলী কৰাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহবান আহি পৰিছে। কলিতা সভ্যতা হৈছে নিজস্ব ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, ঐতিহ্য পৰম্পৰাৰে সম্পূৰ্ণ সভ্যতা। কলিতাসকল মূলত কৃষিজীৱি আছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোধৰণৰ খাদ্যশস্যৰ উৎপাদক আছিল এঁওলোক। খেতিৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ এঁওলোকে নিজেই তৈয়াৰ কৰি লৈছিল। লোকসংস্কৃতিৰ ক্ষেত্ৰখনটো কলিতাসকল চহকী আছিল। কলিতাসকলৰ নিজা লোকবাদ্য, লোকনৃত্য, লোকাচাৰ, খাদ্যভাষ,খেল ধেমালী, গৃহ নিৰ্মাণ প্ৰণালী, লোকবিশ্বাস আৰু পৰম্পৰা আছে। ভথেলী আৰু ম’হোহো উৎসৱ হৈছে কলিতাসকলৰ দুটা উল্লেখযোগ্য উৎসৱ। ইয়াৰ উপৰিও এওঁলোকৰ মাজত নিৰ্দিষ্ট কিছুমান পূজা-পাতল আৰু ধৰ্মীয় বিশ্বাস আছে। জয়পুৰীয়া কলিতা সমাজত থকা কালীপূজা ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। ইয়াৰ উপৰিও কলিতা সকলৰ মাজত থকা ভূত-প্ৰেত আৰু বেজালী বিশ্বাস, আশিৰ্বাদ,গালি, শাও-শপনী, শপত, পাপ আৰু প্ৰায়শ্চিত্তৰ বিশ্বাস, জন্ম-মৃত্যু সম্বন্ধীয় বিশ্বাস আদিবোৰ অতি বিস্ময়কৰ আৰু এই সমূহৰ ওপৰত গৱেষণাৰ যথেষ্ট থল আছে। কলিতা সকলৰ নিজস্ব এক জুপুৰী ঘৰৰ আৰ্হি আছিল। বাঁহ,কাঠ্,বেত, ইকৰা, খাগৰী, খেৰ আদিৰে ঘৰ সজা কামটো এঁওলোক পাকৈত। মৃৎ শিল্প আৰু নৌকা শিল্পত ব্ৰহ্মপুত্ৰ উপত্যকাত এঁওলোক অনবদ্য। ঘৰৰ বাৰীৰ চাৰিওফালে চাৰিতা খাল খান্দি ঢাপ মাৰি লোৱাতো কলিতাসকলৰ নিয়ম। ইয়াৰ উপৰিও কলিতাসকলৰ গোহালী, ভঁৰালঘৰ, ঢেকীশাল, বৰঘৰ, ৰান্ধানীশাল আৰু জুইশাল পতাৰ নিদিষ্ট নিয়ম আৰু পৰম্পৰা আছে। বহুক্ষেত্ৰত ডাকৰ বচনো পালন কৰা দেখা যায়। ‘ পূৱে হাঁহ, পশ্চিমে বাঁহ, উত্তৰে চৰু, দক্ষিণে গৰু’ আদিবোৰ আজিপৰ্য্যন্ত পালন কৰি থকা দেখা যায়। এনেবোৰ নীতি নিয়ম সকলো সম্প্ৰদায় আৰু বৃত্তিৰ লগত জড়িত কলিতাসকলৰ মাজতে দেখা যায়। ইয়াকো সংমিশ্ৰিত জনগোষ্ঠীটোৰ ঐক্যবন্ধনৰ এক আহিলা হিচাপে ল’ব পাৰি। বৃহত্তৰ কলিতা সম্প্ৰদায়ৰ অন্তৰ্গত সকলো কলিতাই নিজৰ মাজত ষড়যন্ত্ৰ আৰু পৰোচনামূলকভাৱে সুমুৱাই দিয়া ভেদাভেদবোৰ পাহৰি পুনৰ একত্ৰিত হৈ থিয় দিয়াৰ সময় আহি পৰিছে। এনে কৰিলে কলিতাসকলৰ উমৈহতীয়া সমস্যাসমূহ সমাধানৰ বাট সুচল হ’ব আৰু ঐতিহ্যময় কলিতা সভ্যতায়ো পুনৰ প্ৰাণ পাই উঠি সমগ্ৰ বিশ্বৰ এক জাকতজিলিকা সভ্যতালৈ পৰিণত হ’ব। এই সংমিশ্ৰিত জনগোষ্ঠীটো হৈ ৰঁওক সমগ্ৰ বিশ্ববাসীৰ বাবে এক আদৰ্শ।

কলিতা জনগোষ্ঠীৰ কেইজনমান বিখ্যাত ব্যক্তি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Col Ved Prakash (2007). "Encyclopaedia of North-East India, Volume 1". India, Northeastern. Atlantic Publishers & Dist. পৃষ্ঠা: 150. http://books.google.co.in/books?id=Ic4UCdaxbHIC&pg=PA150&dq=kalita++kshatriya+caste&hl=en&sa=X&ei=ZYI5VP_GOseiuQS144KABw&ved=0CDQQ6AEwAw#v=onepage&q=kalita%20%20kshatriya%20caste&f=false। আহৰণ কৰা হৈছে: 12 October 2014. 
  2. Pratap Chandra Choudhury (1988). "Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D". Assam (India). Spectrum Publications. পৃষ্ঠাসমূহ: 193,275. http://books.google.co.in/books?ei=dpE5VMudGMWTuATx34H4Aw&id=EE1uAAAAMAAJ&dq=kalita+rulers+in+assam&focus=searchwithinvolume&q=kalita। আহৰণ কৰা হৈছে: 12 October 2014. 
  3. মাধুৰ্যমণ্ডিত বৰুৱা। কলিতা জাতিৰ ইতিহাস। ৰেখা প্ৰকাশন, গুৱাহাটী। প্ৰথম প্ৰকাশ, ২০২০। পৃষ্ঠা ৯৮
  4. A History of Assam by Sir Edward Gait, page 124