ঠেঙ্গাল কছাৰী জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ঠেঙ্গাল কছাৰী জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, ডিমাপুৰ
ধৰ্ম

হিন্দু ধৰ্ম

ঠেঙ্গাল কছাৰী (ইংৰাজী: Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। মঙ্গোলীয় প্ৰজাতিৰ পৰা উদ্ভৱ হোৱা এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে। উত্তৰ পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। আনুমানিক খৃ:পূ: ১০০০ বছৰৰ পূৰ্বে তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰিছিল। [1]


ৰেভাৰেণ্ড ছিডনী এণ্ডলে বড়োগোষ্ঠীৰ লোকক দুটা ভাগত ভাগ কৰিছে, সেইদুটা হৈছে:-

  1. উত্তৰ গোষ্ঠী আৰু
  2. দক্ষিণ গোষ্ঠী।
  1. উত্তৰ গোষ্ঠী - বড়ো, ৰাভা, মেচ, ধিমাল, কোঁচ, ছলনিমীয়া, মহলীয়া, ফুলগৰীয়া, শৰণীয়া
  2. দক্ষিণ গোষ্ঠী - ডিমাছা, হোজাই, লালুং, গাৰো, হাজং, পৰ্বতীয়া তিপ্ ৰা আদি।

ড॰ ভুবনমোহন দাসে এই বিভাজনক অসমত প্ৰব্ৰজন অনুসৰি দুটা ভাগত ভাগ কৰিছে -

  1. পশ্চিম গোষ্ঠী আৰু
  2. পূ্ব গোষ্ঠী।

এই পূব গোষ্ঠীতেই ঠেঙ্গাল কছাৰীক ড॰ দাসে অন্তৰ্ভুক্ত কৰিছে।


Thengalkacharis.jpg
ৰেভাৰেণ্ড ছিডনী এণ্ডলৰ "The Kacharis" গ্ৰন্থৰ আধাৰত পণ্ডিতসকলে অনুমান কৰা অনুসৰি ঠেঙ্গাল কছাৰীৰ অৱস্থান


Bhubanmohandas.jpg
ড॰ ভুবনমোহন দাসৰ "The Peoples of Assam" গ্ৰন্থৰ মতে ঠেঙ্গাল কছাৰীৰ অৱস্থান

'ঠেঙ্গাল' ৰ উত্পত্তি[সম্পাদনা কৰক]

বুৰঞ্জীবিদ আৰু পণ্ডিত সকলৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত প্ৰথমে বাস কৰা মংগোলীয় বা কিৰাত সকলেই এসময়ত কছাৰী নাম পায় আৰু 'কছাৰী' নামকৰণ অসমৰ হিন্দু ওচৰ-চুবুৰীয়া সকলৰ সৃষ্টি।

হেমকোষ অভিধানত ' ঠেঙ্গাল ' ৰ বিষয়ে অসমৰ এজাতি আদিমবাসী কছাৰী বুলি উল্লেখ কৰিছে।

কিম্বদন্তিমতে, ৰজাই কছাৰী সাহসী আৰু যুদ্ধ বিদ্যাত পাকৈত সকলক যুদ্ধৰ বাবে সৈনিক হিচাপে ৰাখিছিল আৰু যুদ্ধৰ বাবে তেওঁলোকক ঠেঙা (Pantloon) পিন্ধিবলৈ দিছিল। সেই ঠেঙা পিন্ধাৰ বাবেই তেওঁলোকক ঠেঙাল বুলি মাতিছিল। সময়ৰ লগে লগে সেই ঠেঙা পিন্ধা কছাৰীসকলেই ঠেঙাল সম্প্ৰদায়ত পৰিণত হয়।

বৰ্তমান ঠেঙাল কছাৰী সকল যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, দৰং, শোণিতপুৰ, কাৰ্বি আংলং আদি জিলাত আৰু ডিমাপুৰত সিঁচৰতি হৈ আছে।[2]


পৰম্পৰাগত সাজপাৰ[সম্পাদনা কৰক]

ঠেঙ্গাল কছাৰীসকলৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত পুৰুষসকলৰ প্ৰধান সাজ চুৰীয়া,চাদৰ, হাতৰ দীঘল চোলা। এৰী, মুগা,পাট আৰু অনান্য সূতাৰে মহিলাসকলে ঘৰতে পুৰুষৰ বাবে তৈয়াৰ কৰি দিয়ে। বিয়া-বাৰুত পুৰুষে মুগাৰ চোলা-চুৰীয়া, চেলেং,গামোচা আৰু মূৰত মুগাৰ পাগ মাৰে। দৰাৰ বাবে আঢ়ৈকঠীয়া চেলেং কাপোৰ, দুকঠীয়া গামোচা বাধ্যতামূলক। তেনেদৰে মহিলা সকলে মেখেলা, বুকুত ৰিহাৰে বান্ধি মেথনি মাৰে, গাত চাদৰ আদি পৰম্পৰাগতভাৱে পৰিধান কৰে। গাভৰু ছোৱালীয়ে সাধাৰণভাৱে ৰিহা, চাদৰ মেখেলা পিন্ধে। মুগা, এৰি, পাটৰ গুণাকৰা, গাঁৰিদিয়া বা কেচবচা ৰিহা, মেখেলা চাদৰৰ প্ৰচলন থকাৰ উপৰিও কপাহী সূতাৰেও তৈয়াৰী সাজৰ প্ৰচলন আছে। ৰিহা-মেখেলাৰ পাতলিত গছ লতা, ফুল পাতৰ, জীৱ-জন্তু আৰু জ্যামিতিক ছবি বাচি লোৱাত ঠেঙ্গাল কছাৰী তিৰোতাসকল বৰ পাকৈত বুলি কোৱা হয়। এই ৰীতিৰ অনুৰূপ চিত্ৰ ডিমাপুৰ আৰু কাছমাৰি পথাৰৰ ভাস্কৰ্যত থকা বুলি ড° বিৰিঞ্চি কুমাৰ বৰুৱাঅসমীয়া ভাষা আৰু সংস্কৃতি নামৰ গ্ৰন্থত উল্লেখ কৰিছে। ঠেঙ্গাল জনগোষ্ঠীৰ দৰাৰ দৰে কইনাৰ সাজো সুকীয়া। আঢ়ৈকঠীয়া ফুলাম চেলেং,ৰঙীন ফুলাম মেখেলা,ৰিহা সুন্দৰকৈ কইনাৰ বাবে তৈয়াৰ কৰে।[3]  জনজাতীয় মহিলাৰ মাজত ওৰণি আৰু সেন্দুৰৰ ব্যৱহাৰ দেখা পোৱা নাযায় যদিও ঠেঙ্গাল কছাৰী তিৰোতাই ওৰণি লয় আৰু সেন্দুৰ ব্যৱহাৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. কিৰাত জন-কৃতি, লেখক: ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়, পৃষ্ঠা নং ২৬
  2. অসমৰ ঠেঙ্গাল কছাৰীৰ ইতিবৃত্ত, লেখক:- ৺ নন্দ বৰা
  3. নন্দ বৰা. অসমৰ ঠেঙ্গাল কছাৰীৰ ইতিবৃত্ত. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]