চ'ত
March | চ'ত | April | ||||
দে | সো | ম | বু | বৃ | শু | শ |
০১ 15 |
০২ 16 |
০৩ 17 |
০৪ 18 |
০৫ 19 |
০৬ 20 |
০৭ 21 |
০৮ 22 |
০৯ 23 |
১০ 24 |
১১ 25 |
১২ 26 |
১৩ 27 |
১৪ 28 |
১৫ 29 |
১৬ 30 |
১৭ 31 |
১৮ 01 |
১৯ 02 |
২০ 03 |
২১ 04 |
২২ 05 |
২৩ 06 |
২৪ 07 |
২৫ 08 |
২৬ 09 |
২৭ 10 |
২৮ 11 |
২৯ 12 |
৩০ 13 |
|||||
১৪২৭ ভাস্কৰাব্দ |
চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম।[1] বহাগত ৩০ দিন থাকে।[2] ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়। ৩০ চ'তৰ দিনা অসমীয়া লোকে ৰঙালী বিহুৰ আৰম্ভণি হিচাপে গৰু বিহু পালন কৰে। এই দিনা মহাবিষুব সংক্ৰান্তি। হিন্দু ধৰ্ম অনুসৰি, চ'ত মাহৰ প্ৰথম দিনাৰ পৰা প্ৰভু ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিছিলে। নৱবৰ্ষ বা হিন্দু নৱবৰ্ষৰ দিনটি চ'ত মাহৰ প্ৰথম দিনা উদযাপিত হয়। এই মাহটিত বসন্ত ঋতুৰ আৰম্ভ হয়। উগাদি, গুড়ি পৰ্ব চ'তি চান্দ হ'ল তেলেগু আৰু কানাড়া নৱবৰ্ষ হিচাপে উদযাপন কৰা উৎসৱ। ইয়াৰ লগতে মাৰাঠী আৰু সিন্ধি নৱবৰ্ষ।[3]চ'ত মাহৰ একাদশী তিথিৰ পৰা বাসন্তী পূজাৰ নৱৰাত্ৰি আৰম্ভ হয়। নৱমী তিথিত শ্ৰী ৰাম চন্দ্ৰৰ জন্ম দিন হিচাপে ৰামনৱমী উদযাপন কৰা হয়। এই সময়ত অসমৰ হাবিত কুলি চৰাই মাত শুনিবলৈ পোৱা যায়।
অন্য পঞ্জিকাত ব'হাগৰ সমসাময়িক মাহ[সম্পাদনা কৰক]
অসমীয়া পঞ্জিকাত চ'ত মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত মাৰ্চ আৰু এপ্ৰিল হয়। চ'ত ১৪ বা ১৫ মাৰ্চত আৰম্ভ হয় আৰু এপ্ৰিলৰ মধ্যলৈকে থাকে।[4] চ'ত মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত ফাল্গুন মাহ চলি থাকে।[5]
উৎসৱ পৰ্ব আদি[সম্পাদনা কৰক]
২০২০চন অনুসৰি
- ১ চ'ত : মঘাই ওজা স্মৃতি দিৱস।
- ২ চ'ত : চন্দ্ৰপ্ৰভা শইকীয়ানী স্মৃতি দিৱস।
- ৭ চ'ত : বিশ্ব কবিতা দিৱস, কুশল কোঁৱৰ স্মৃতি দিৱস।
- ৯ চ'ত : ভট্টদেৱ, নলিনীবালা দেৱী স্মৃতি দিৱস।
- ১১ চ'ত : ৰজনীকান্ত বৰদলৈ স্মৃতি দিৱস।
- ১২ চ'ত : মিত্ৰদেৱ মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি দিৱস।
- ১৬ চ'ত : কেশৱ মহন্ত, বিৰিঞ্চি কুমাৰ বৰুৱা স্মৃতি দিৱস।
- ১৭ চ'ত : বাসন্তী পূজা (সপ্তমী)
- ১৮ চ'ত : বাসন্তী পূজা (অষ্টমী), আশোকাষ্টমী, অন্নপূৰ্ণা (দেৱী) পূজা
- ২৩ চ'ত : মহাবীৰ জয়ন্তী
- ২৪ চ'ত : বিশ্ব স্বাস্থ্য দিৱস
- ২৬ চ'ত : চাবেবৰাৎ
- ২৭ চ'ত : গুড ফ্ৰাইডে
- ২৮ চ'ত : ইষ্টা চ্যাটাৰডে
- ২৯ চ'ত: শ্ৰী শ্ৰী নীল পূজা
- ৩০ চ'ত : মহাবিষুৱ সংক্ৰান্তি, গৰু বিহু, চড়ঁক পূজা,
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ http://hindupad.com/assamese-months/
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ http://hindupad.com/assamese-months/
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ http://hindupad.com/assamese-months/