ভট্টদেৱ
ভট্টদেৱ | |
---|---|
জন্ম | বৈকুণ্ঠনাথ ১৫৫৮ খ্ৰীষ্টাব্দ কামৰূপৰ বিজনকুছি (বৰ্তমানৰ বিচানকুছি) |
মৃত্যু | ১৬৩৮ খ্ৰীষ্টাব্দ পাটবাউসী, ব্যাসকুছি সত্ৰ |
পেচা | কবি, অনুবাদক |
ভাষা | অসমীয়া |
ভট্টদেৱ (ইংৰাজী: Bhattadeva) (১৫৫৮-১৬৩৮[1]) অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম৷ ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল৷ সেয়ে এওঁক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয়৷[2]
ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য[3]৷ খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত কামৰূপৰ (বৰ্তমান বৰপেটা জিলাৰ বিচানকুছি) অন্তৰ্গত বিজনকুছিত জন্ম হয়৷ এওঁৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী৷ যথাৰীতি শিক্ষা লাভ কৰাৰ পিছত এজন অদ্বিতীয় পণ্ডিত ৰূপে পৰিচয় দিয়ে আৰু দেউতাকৰ কথা মতে দামোদৰদেৱত শৰণ লয়৷ দামোদৰদেৱে কোচবিহাৰলৈ যাওঁতে তেওঁক নিজ পাটবাউসী সত্ৰত ভাগৱতী পাতি যায়৷ পাটবাউসী সত্ৰতে ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও শ শ ছাত্ৰ পঢ়াই শিক্ষা প্ৰচাৰো কৰিছিল৷ সেই কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ হেন জ্ঞান কৰিছিল৷ তেওঁ পাটবাউসী সত্ৰৰ বাহিৰেও ব্যাসকুছি সত্ৰ স্থাপন কৰে৷ ইয়াতেই ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দত ভট্টদেৱে ইহলীলা সম্বৰণ কৰে৷[2]
সূচী
সাহিত্যিক অৱদান[সম্পাদনা কৰক]
দামোদৰদেৱে পৰীক্ষিতনাৰায়ণৰ ৰাজৰোষত পৰি কামৰূপ ৰাজ্য এৰি কোচবিহাৰলৈ যোৱাৰ সময়ত ভট্টদেৱেক আন আন উপদেশৰ লগতে কথা ৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়৷ সেইমতেই ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি দামোদৰদেৱক দেখুওৱাত দামোদৰদেৱে বিশদ আৰু ব্যাপক আলোচনাৰে নিলিখি চমু আৰু সৰল কথাৰূপে দিবলৈ কয়৷ এই মৰ্মে ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম 'কথা-ভাগৱত' ৰচনা কৰে৷ ইয়াৰ পিছত ভট্টদেৱে 'কথা গীতা', 'কথা-ৰত্নাৱলী' আদি গ্ৰন্থ ৰচনা কৰে৷[2]
বিভিন্ন গ্ৰন্থসমূহ[সম্পাদনা কৰক]
- কথা গীতা[3]
- কথা-ভাগৱত[3]
- কথা ৰত্নাৱলী[3]
- শৰণমালিকা[3]
- গুৰুবংশাৱলী[3]
- প্ৰসঙ্গমালা
- ভক্তিসাৰ (সংস্কৃত ভাষাত ৰচিত)[1]
- ভক্তিবিবেক (সংস্কৃত ভাষাত ৰচিত)[1]
উপাধি, সন্মান[সম্পাদনা কৰক]
ভট্টদেৱক ভাগৱতত ব্যুত্পত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিতসমাজে তেওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই দুটা উপাধিৰে বিভূষিত কৰিছিল৷
ভট্টদেৱৰ গদ্যৰীতি[সম্পাদনা কৰক]
তিনিখন (কথা-ভাগৱত, কথা গীতা, কথা-ৰত্নাৱলী) অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিলেও ভট্টদেৱে দৈনন্দিন কথ্যভাষাক গ্ৰহণ কৰা নাছিল৷ কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গ্ৰহণ কৰিছিল৷ কিন্তু কথা ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দবন্ধী হৈ পৰিছে৷ বাক্যবোৰ অন্ত্যনুপ্ৰাসযুক্ত আৰু শব্দাবিন্যাস ৰীতি সমযুক্ত হৈছে৷ ভট্টদেৱৰ বাক্যত শব্দবিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগত বিশুদ্ধ৷ বাক্যবোৰ চুটি চুটি আৰু সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত৷ তত্সম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে৷
অসমীয়া গদ্যক গধুৰ ভাৱ-প্ৰকাশৰ বাহক ৰূপে ব্যৱহাৰ কৰি ভট্টদেৱে অসমীয়া ভাষাক যি মৰ্যদা প্ৰদান কৰিলে সেই কাৰণে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভট্টদেৱৰ বিশেষ স্থান আছে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "Bhattadev". vedanti.com. http://www.vedanti.com/Legends/bhattadev.htm। আহৰণ কৰা হৈছে: February 19, 2013.
- ↑ 2.0 2.1 2.2 ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ১৫৮-১৫৯.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 Parmita Borah. "Eminent Personalities of Assam". creative.sulekha.com. http://creative.sulekha.com/eminent-personalities-of-assam_467977_blog। আহৰণ কৰা হৈছে: February 18, 2013.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিউৎসত ভট্টদেৱ বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |