কথা-ভাগৱত
কথা-ভাগৱত হৈছে ভট্টদেৱে অসমীয়া গদ্যত ভাঙনি কৰা ভাগৱত পুৰাণৰ অনুবাদ। খ্ৰীষ্টীয় ষোড়শ শতিকাত, অকল অসমেই নহয় সকলো প্ৰাদেশিক ভাষাতেই ধৰ্মশাস্ত্ৰ ভাঙনি পদবন্ধত হৈছিল, তেনে সময়তে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক দামোদৰদেৱে স্ত্ৰী-শূদ্ৰ সকলোৰে সুবিধাৰ্থে গীতা, ভাগৱত আদি শাস্ত্ৰবোৰক গদ্যত ভাঙনি কৰিবলৈ আদেশ দিছিল। সেই অনুযায়ী, তেওঁ প্ৰথমে কথা-গীতা আৰু তাৰ পিছত কথা-ৰত্নাৱলী, কথা-ভাগৱতৰ ৰচনা কৰে। এই সংক্ষিপ্ত ভাগৱত ৰচনা কৰোঁতে তেৰায়ে শ্ৰীধৰ স্বামীৰ ভাষ্যৰ সহায় লৈছিল। কথা-ভাগৱতৰ দশম স্কন্ধৰ শেষৰ অধ্যায়ত গ্ৰন্থকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো প্ৰশংসা কৰিছে। গ্ৰন্থখনত প্ৰত্যক্ষ উক্তিৰ প্ৰাধ্যানতা অধিক, আনহাতে নাম-ধাতুৰ প্ৰয়োগো ইয়াৰ অন্য বৈশিষ্ট্য। শব্দ চয়ন আৰু বৈয়াকৰণ বৈশিষ্ট্যৰ ওপৰত সংস্কৃত ভাষাৰ যথেষ্ট প্ৰভাৱ আছে। পাটবাউসী নামৰ ঠাইত ভট্টদেৱে ১৫১৫ শকৰ পৰা ১৫১৯শকৰ ভিতৰত অসমীয়া গদ্যত কথা-ভাগৱত ৰচনা কৰিছিল বুলি ঠাৱৰ কৰা হৈছে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কথা-ভাগৱত. প্ৰকাশক Assam: ড কৈলাস শৰ্মা. 1987. পৃষ্ঠা. xiiv.