ভক্তিবিবেক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে ভাগৱত পুৰাণ, মহাভাৰত আৰু আন আন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে, গ্ৰন্থখনত তেওঁ নিজৰ গুৰু দামোদৰদেৱৰো প্ৰশংসা কৰিছে। কিতাপখনৰ অধ্যায়সমূহ হ'ল: ভক্তিস্থান নিৰ্ণয়, গুৰু-শিষ্য নিৰ্ণয়, শৰণ নিৰ্ণয়, নাম মাহাত্ম্য, ভগৱৎ-ভক্তি মাহাত্ম্য, সৎসংগ নিৰ্ণয়, শ্ৰৱণ-কীৰ্ত্তন নিৰূপণ, শ্ৰৱণ নিৰ্ণয়, কীৰ্ত্তন নিৰ্ণয়, স্মৰণ মাহাত্ম্য, পাদসেৱন-মাহাত্ম্য, পূজা নিৰ্ণয়, পূজা মাহাত্ম্য, দাস্য নিৰ্ণয় আৰু ভগৱন্মুত্তে সত্যত্বম।