ভোগেশ্বৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্জুন ভোগেশ্বৰ বৰুৱা
ব্যক্তিগত তথ্যাৱলী
স্থানীয় নাম ভোগেশ্বৰ বৰুৱা
জন্ম নাম ভোগেশ্বৰ বৰুৱা
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
জন্ম ৩ ছেপ্তেম্বৰ ১৯৪০ চন
শিৱসাগৰ
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া এথলেটিক্ছ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
Highest world ranking এচিয়ান গেমছ ৮০০ মিটাৰ দৌৰ সোণৰ পদক

ভোগেশ্বৰ বৰুৱা (ইংৰাজী: Bhogeswar Baruah) ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। [1] তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত। [2] ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰে। এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেৱেঁই একমাত্ৰ অসমীয়া। [3] সেই বছৰে (১৯৬৬ চনত) তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। [4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]