সমললৈ যাওক

হিমা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিমা দাস
Hima Das

২০ বছৰ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপ ২০১৮ত হিমা দাস
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৯ জানুৱাৰী, ২০০০ (২৬ বছৰ)
ধিং , নগাঁও জিলা, অসম
বাসগৃহ গুৱাহাটী, অসম
ক্ৰীড়া
ক্ৰীড়া ট্ৰেক আৰু ফিল্ড
শিতান ৪০০ মিটাৰ
প্ৰশিক্ষক নিপন দাস[1]
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ৪০০ মিটাৰ: ৫০.৭৯ ছেকেণ্ড (এছিয়ান গেমছ ২০১৮, জাকাৰ্তা)

হিমা দাস (জন্ম: ৯ জানুৱাৰী ২০০০) এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। তেওঁক ধিং এক্সপ্ৰেছ নামেৰে জনা যায়। তেওঁ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে আৰু ৫০.৭৯ ছেকেণ্ড সময়ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে।

বৰ্তমান হিমা মহিলাৰ ৪০০ মিটাৰ দৌৰত অনুৰ্ধ্ব শাখাৰ বিশ্ব চেম্পিয়ন আৰু ভাৰতীয় ৰেকৰ্ডৰ অধিকাৰী[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

২০০০ চনৰ ৯ জানুৱাৰী তাৰিখে নগাঁও জিলাৰ ধিঙত হিমাৰ জন্ম হয়। তেওঁৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস। হিমা তেওঁলোকৰ ৬ গৰাকী সন্তানৰ ভিতৰত কনিষ্ঠতম।[3] হিমায়ে স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। তাৰপাছত তেওঁৰ প্ৰতিভা খেলুৱৈ তথা প্ৰশিক্ষক নিপন দাসে প্ৰত্যক্ষ কৰি এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগায়। জিলাভিত্তিত খেলত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হয়। তেওঁৰ প্ৰশিক্ষকে উন্নত প্ৰশিক্ষণৰ বাবে হিমাক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। প্ৰথমে তেওঁৰ পৰিয়ালৰলোকে এই বিষয়ে আপত্তি কৰিছিল যদিও পিছলৈ তেওঁ সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।[4]

খেলুৱৈ জীৱন

[সম্পাদনা কৰক]

হিমাই ২০১৮ চনত ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। এই ইভেণ্টত তেওঁ ৫১.৪৬ ছেকেণ্ড সময় লয়।[5]. তেওঁ ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গ'ল্ড ক'ষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত মহিলাৰ ৪০০ মিটাৰ দৌৰ আৰু ৪×৪০০ মিটাৰ ৰিলে দৌৰ সম্পূৰ্ণ কৰিছিল।[6] ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি ষষ্ঠ স্থান লাভ কৰিছিল।[7] ৪×৪০০ মিটাৰ ৰিলে দৌৰত তেওঁ ভাৰতীয় দলৰ অংশ আছিল আৰু ফাইনেলত তেওঁলোকে সপ্তম স্থান লাভ কৰে।[8] তেওঁ ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৪০০ মিটাৰ ৰেছত সোণৰ পদক লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰে।[9]

২০১৮ চনৰ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ ৰ মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ ৫১.০০ ছেকেণ্ডৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত থাকি পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হয়।[10] ২০১৮ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁ আকৌ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভাঙি ৫০.৭৯ ছেকেণ্ডেৰে চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে।[11]

আন্তৰ্জাতিক প্ৰতিযোগিতা[12]

[সম্পাদনা কৰক]
প্ৰতিযোগিতাখেলৰ স্থানস্থানইভেণ্টসময়
২০১৮ কমনৱেলথ গেমচগ'ল্ড ক'ষ্ট, অষ্ট্ৰেলিয়াষষ্ঠ৪০০ মিটাৰ৫১.৩২ চেকেণ্ড
২০১৮ কমনৱেলথ গেমচগ'ল্ড ক'ষ্ট, অষ্ট্ৰেলিয়াসপ্তম8*৪০০ মিটাৰ ৰিলে (দলগত ইভেণ্ট)৩.৩৩.৬১ চেকেণ্ড
২০১৮ আই এ এ এফ ৱৰ্ল্ড (ইউ-২০) চেম্পিয়নশ্বিপটেম্পায়াৰ, ফিনলেণ্ডপ্ৰথম৪০০ মিটাৰ৫১.‌৪৬ চেকেণ্ড
২০১৮ এচিয়ান গেমচজাকাৰ্টা-পালেমবাং, ইণ্ডোনেচিয়াদ্বিতীয়৪০০ মিটাৰ৫০.‌৭৯ চেকেণ্ড
২০১৮ এচিয়ান গেমচজাকাৰ্টা-পালেমবাং, ইণ্ডোনেচিয়াপ্ৰথম8*৪০০ মিটাৰ ৰিলে (দলগত ইভেণ্ট)৩.২৮.৭২ চেকেণ্ড
২০১৯ পজনান এথলেটিকচ গ্ৰাঁ প্ৰি[13] কুটনো, পোলেণ্ডপ্ৰথম২০০ মিটাৰ২৩.৯৭ ছেকেণ্ড
২০১৯ ক্লাডনো মেমৰিয়েল এথলেটিক মীটচেক গণৰাজ্যপ্ৰথম২০০ মিটাৰ২৩.৪৩ চেকেণ্ড[14]

ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন(মুকলিত)[15]

[সম্পাদনা কৰক]
বিভাগসময়স্থানতাৰিখ
১০০ মিটাৰ দৌৰ১১.৭৪ চেকেণ্ডপাতিয়ালা(ভাৰত)২৭/০২/২০১৮
২০০ মিটাৰ দৌৰ২৩.১০ চেকেণ্ডগুৱাহাটী(ভাৰত)২৭/০৬/২০১৮
৪০০ মিটাৰ দৌৰ৫০.৭৯ চেকেণ্ডজাকাৰ্টা(ইণ্ডোনেচিয়া)২৬/০৮/২০১৮
৪×৪০০ মিটাৰ ৰিলে দৌৰ৩:২৮.৭২ মিনিটজাকাৰ্টা(ইণ্ডোনেচিয়া)৩০/০৮/২০১৮

পুৰস্কাৰ আৰু সন্মান

[সম্পাদনা কৰক]
ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দে হিমা দাসক ২০১৮ চনৰ অৰ্জুন বঁটা প্ৰদান কৰা মুহূৰ্তত


  • ২০১৮ চনৰ ২৫ চেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা[16]
  • ২০১৮ চনৰ ১৪ নৱেম্বৰত ইউনিচেফৰ দ্বাৰা ভাৰতৰ সৰ্বপ্ৰথম যুৱ ৰাষ্ট্ৰদূত (Youth Ambassador) হিচাপে নিযুক্তি[17]
  • অসম চৰকাৰৰ দ্বাৰা অসমৰ ক্ৰীড়া ৰাষ্ট্ৰদূত(Brand Ambassador for sports) হিচাপে নিযুক্তি[18]
  • পোলেণ্ড ত অনুষ্ঠিত পজনান এথলেটিকচ গ্ৰাঁ প্ৰি ত ২০০ মিটাৰ দৌৰত স্বৰ্ণ বিজয়[19]

ভোগেশ্বৰ বৰুৱাৰ পাছত হিমা দাস আন্তৰ্জাতিক পৰ্যায়ত পদক লাভ কৰা অসমৰ একমাত্ৰ এথলিট[20]

২০১৮ চনৰ চেপ্টেম্বৰ মাহত হিমা দাসে বিশ্বখ্যাত এডিডাচ কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰে[21] ২০২৩ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "2018 CWG bio". Archived from the original on 2018-06-12. https://web.archive.org/web/20180612141113/https://results.gc2018.com/en/athletics/athlete-profile-n6068799-hima-das.htm আহৰণ কৰা হৈছে: 2018-07-13.
  2. https://www.thehindu.com/sport/athletics/hima-das-wins-second-international-gold-inside-a-week/article28317228.ece
  3. http://www.espn.co.uk/athletics/story/_/id/22667482/hima-das-meteoric-rise-assam-village-gold-coast
  4. "Hima Das: From Assam’s rice fields to becoming India’s first world gold medallist on track" (en-US ভাষাত). The Indian Express. 2018-07-13. https://indianexpress.com/article/sports/sport-others/junior-athletics-worlds-from-assams-rice-fields-18-year-old-hima-das-gives-india-its-first-world-gold-on-track-5257409/.
  5. "Hima Das scripts history wins Under-20 Gold in 400m". The Times of India. https://timesofindia.indiatimes.com/sports/more-sports/athletics/iaaf-under-20-world-athletics-hima-das-scripts-history-wins-gold-in-400m/articleshow/64964292.cms?from=mdr.
  6. "Hima Das". results.gc2018.com. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612141113/https://results.gc2018.com/en/athletics/athlete-profile-n6068799-hima-das.htm আহৰণ কৰা হৈছে: 15 April 2018.
  7. "Result - Women's 400m Final". results.gc2018.com. Archived from the original on 15 April 2018. https://web.archive.org/web/20180415124846/https://results.gc2018.com/en/athletics/result-women-s-400m-fnl-000100-.htm আহৰণ কৰা হৈছে: 15 April 2018.
  8. "Result - Women's 4 x 400m Relay Final". results.gc2018.com. Archived from the original on 15 April 2018. https://web.archive.org/web/20180415190219/https://results.gc2018.com/en/athletics/result-women-s-4-x-400m-relay-fnl-000100-.htm আহৰণ কৰা হৈছে: 15 April 2018.
  9. "Hima Wins Historic Gold for India". Hotstar. 13 July 2018. Archived from the original on 13 July 2018. https://web.archive.org/web/20180713073630/http://www.hotstar.com/sports/athletics/hima-wins-historic-gold-for-india/2001615696 আহৰণ কৰা হৈছে: 13 July 2018.
  10. "Asian Games 2018". 25 August 2018. https://www.time8.in/asian-games-2018-assams-hima-das-breaks-national-record/ আহৰণ কৰা হৈছে: 25 August 2018.
  11. "Hima Das wins 400m silver in national record time". 26 August 2018. https://economictimes.indiatimes.com/news/sports/hima-das-wins-400m-silver-in-national-record-time/articleshow/65552030.cms আহৰণ কৰা হৈছে: 26 August 2018.
  12. Hima Das. IAAF. Retrieved 2018-07-13.
  13. .Poznan Athletics Grand Prix: Hima Das wins second international gold in 200m race. Retrieved 2019-07-10.
  14. Archived 2019-07-15 at the Wayback MachineIndian Sprinter Hima Das Wins 3rd International Gold Within Two Weeks. Retrieved 2019-07-15.
  15. Hima Das. IAAF. Retrieved 2019-07-10.
  16. Tamang, Sylvester (25 September 2018) Virat Kohli, Mirabai Chanu Conferred Khel Ratna; Neeraj Chopra, Hima Das Get Arjuna Award Archived 2019-07-16 at the Wayback Machine. sports.ndtv.com
  17. https://www.indiatoday.in/education-today/gk-current-affairs/story/hima-das-appointed-as-unicef-india-s-first-youth-ambassador-1389687-2018-11-16
  18. Singh, Bikash (14 July 2018) 'Golden Girl' Hima Das to be made Assam's sports brand ambassador. The Economic Times.
  19. Hima Das wins 200m gold in Poland . Press Trust of India
  20. Loiwal, Manogya (23 July 2018) Hima Das: Tracing star sprinter's journey from Assam's rice fields to global stardom – Sports News. India Today.
  21. "Adidas signs endorsement deal with athlete Hima Das". www.businesstoday.in. https://www.businesstoday.in/current/corporate/adidas-signs-endorsement-deal-with-athlete-hima-das/story/282640.html আহৰণ কৰা হৈছে: 22 September 2018.