মনালিচা বৰুৱা মেহতা
অৱয়ব
| মনালিচা বৰুৱা মেহতা | |
|---|---|
| ব্যক্তিগত তথ্যাৱলী | |
| জন্ম নাম | মনালিচা বৰুৱা |
| ৰাষ্ট্ৰীয়তা | |
| ক্ৰীড়া | |
| দেশ | ভাৰত |
| ক্ৰীড়া | টেবুল টেনিছ |
মনালিচা বৰুৱা মেহতা (ইংৰাজী: Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা।[1] এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা (ইংৰাজী: Kamlesh Mehta)ৰ লগত বিবাহ পাশত আবদ্ধ হয়।
তেখেতে ১২ বাৰ অসম ৰাজ্যিক চেম্পিয়ন খিতাপ দখল কৰিছিল। মনালিছাই ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[2]
তেখেতে গুৱাহাটীৰ ছেণ্ট মেৰীজ কনভেণ্ট স্কুল আৰু কটন কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ মুম্বাই নিবাসী আৰু অইল ইণ্ডিয়াত কৰ্মৰত এগৰাকী বিষয়া।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| |||||