এলেন দেউৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলেন দেউৰী
ব্যক্তিগত তথ্য
জন্ম১২ জানুৱাৰী, ১৯৯৬ (২৮ বছৰ)
জন্মস্থানগুৱাহাটী, অসম, ভাৰত
উচ্চতা১.৭৭ মিটাৰ (U=ft}})
খেলা স্থানমিডফিল্ডাৰ
যুৱ কেৰিয়াৰ
২০১০ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ
২০১১টাটা ফুটবল একাডেমী
২০১১-২০১২আই এম জি একাডেমী
২০১২-২০১৪সৰ্বভাৰতীয় ফুটবল ফেডাৰেছন এলিট একাডেমী
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১৫-২০১৮শ্বিলং লাজং২৪(১)
২০১৪-নৰ্থ ইষ্ট ইউনাইটেড (ঋণ)(০)
২০১৫নৰ্থ ইষ্ট ইউনাইটেড (ঋণ)(০)
২০১৮-২০২০মুম্বাই চিটি(০)
২০২০-২০২১→ মহমেডান স্প'ৰ্টিং(০)
২০২১→ এ আৰ এ(০)
ৰাষ্ট্ৰীয় দল
২০০৯ভাৰত অনূৰ্ধ্ব-১৩
২০১০-২০১১ভাৰত অনূৰ্ধ্ব-১৪
২০১১-২০১২ভাৰত অনূৰ্ধ্ব-১৬
২০১৩-ভাৰত অনূৰ্ধ্ব-১৯
২০১৭ভাৰত অনূৰ্ধ্ব-২৩(১)
২০১৮ভাৰত
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ১৪ অক্টোবৰ ২০২১।


‡ National team caps and goals correct as of ১ জুন ২০১৮

এলেন দেউৰী (জন্ম- ১২ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগনৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আই-লীগশ্বিলং লাজং এফ চি দলৰ হৈ খেলিছিল। তেওঁ মিডফিল্ডাৰ হিচাপে খেলে।

ক্ৰীড়াজীৱন[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কেৰিয়াৰ[সম্পাদনা কৰক]

এলেন দেউৰীয়ে অসমত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) যোগদান কৰি নিজৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰে।[1] ২০১১ চনত তেওঁ টাটা ফুটবল একাডেমীত যোগদান কৰে যদিও তিনি মাহৰ পাছতে তেওঁ আই এম জি ৰিলায়েন্সৰ জলপানি লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডাত অৱস্থিত আই এম জি একাডেমীত যোগদান কৰে।[1] আই এম জি একাডেমীত থাকোঁতে তেওঁ এখন বন্ধুত্বপূৰ্ণ খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মহিলা ছিনিয়ৰ দলক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰা ভাৰতীয় আই এম জি দলটোৰ সদস্য আছিল।[2]

আই এম জি একাডেমীত দুবছৰ থকাৰ পাছত দেউৰী ভাৰতলৈ ঘূৰি আহি গোৱাসৰ্বভাৰতীয় ফুটবল ফেডাৰেছন (AIFF) একাডেমীত যোগদান কৰে।[3] AIFF একাডেমীত থাকোঁতেই তেওঁ উদান্ত সিঙৰ সৈতে নাইকি অল এছিয়া কেম্পত যোগদান কৰে আৰু তাৰ পৰা তেওঁলোক দুয়োজন অষ্ট্ৰেলিয়াত অল ষ্টাৰ স্কোৱাডত যোগদানৰ বাবে নিৰ্বাচিত হয়।[4]

শ্বিলং লাজং[সম্পাদনা কৰক]

২০১৪ চনৰ ২১ জুলাইত আই-লীগৰ দল শ্বিলং লাজং এফ চিৰ সৈতে দেউৰী প্ৰধমবাৰৰ বাবে পেছাদাৰীভাৱে চুক্তিৱদ্ধ হয়।[5]

নৰ্থ ইষ্ট ইউনাইটেড (ঋণ)[সম্পাদনা কৰক]

শ্বিলং লাজঙৰ সৈতে চুক্তিৱদ্ধ হোৱাৰ পাছত তেওঁ শ্বিলং লাজঙৰ অংশীদাৰীত্ব থকা নৰ্থ ইষ্ট ইউনাইটেড দলৰ সৈতে ২০১৪ বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে ঋণত চুক্তিৱদ্ধ হয়।[6] ২০১৪ চনৰ ৮ নৱেম্বৰ তাৰিখে চেন্নায়ন দলৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ তেওঁ জীৱনৰ প্ৰথম পেছাদাৰী খেলত অংশ লয়। খেলৰ ৬১তম মিনিটত তেওঁ ছেমিনলেন দংগেলৰ স্থানত পৰিৱৰ্তিত খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে। খেলখন ২-২ গ'ল ব্যৱধানত অমীমাংসিত হৈ ৰয়।[7]

আন্তঃৰাষ্ট্ৰীয়[সম্পাদনা কৰক]

এলেন দেউৰীয়ে ১৩-অনূৰ্ধ্ব, ১৪-অনূৰ্ধ্ব, ১৬-অনূৰ্ধ্ব আৰু ১৯-অনূৰ্ধ্ব শাখাত ভাৰতীয় ফুটবল দলৰ হৈ খেলিছে। ২০০৯ চনত অনূৰ্ধ্ব-১৩ শাখাত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ পাছৰ বছৰত অনূৰ্ধ্ব-১৪ শাখাত যোগদান কৰে।[8] ২০১২ চনৰ AFC ১৬-অনূৰ্ধ্ব চেম্পিয়নশ্বিপত আৰু ২০১৪ চনৰ AFC ১৯-অনূৰ্ধ্ব চেম্পিয়নশ্বিপ কোৱালিফায়াৰত তেওঁ ভাৰতীয় দলৰ অংশ আছিল।[9][10]

কেৰিয়াৰ পৰিসংখ্যা[সম্পাদনা কৰক]

15 November 2014 অনুসৰি[11]
ক্লাব বৰ্ষ লীগ ফেডাৰেছন কাপ ডুৰাণ্ড কাপ এ এফ চি মুঠ
ডিভিজন খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল
শ্বিলং লাজং ২০১৪-১৫ আই-লীগ - - - -
নৰ্থ ইষ্ট ইউনাইটেড (ঋণ) ২০১৪ আই এছ এল - - - - - -
সৰ্বমুঠ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Alen Deori to train in United States". Assam Tribune. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129022447/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul3110%2Fsports07। আহৰণ কৰা হৈছে: 15 November 2014. 
  2. "India U-16 boys beat US Women's Senior Team". The All India Football Federation. http://www.the-aiff.com/news-center-details.htm?id=4262। আহৰণ কৰা হৈছে: 15 November 2014. 
  3. Sarbajna, Boudhayan. "Indian Super League : High Local Flavor For North East United FC". The Hard Tackle. http://www.thehardtackle.com/2014/indian-super-league-north-east-united-fc-rely-on-north-east-youngsters/। আহৰণ কৰা হৈছে: 15 November 2014. 
  4. Achal, Ashwin. "Learn from the pros". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/learn-from-the-pros/article4436945.ece। আহৰণ কৰা হৈছে: 15 November 2014. 
  5. "Shillong Lajong ropes in Aibor Khongjee, three others". Times of India. http://timesofindia.indiatimes.com/sports/football/i-league/Shillong-Lajong-ropes-in-Aibor-Khongjee-three-others/articleshow/38815218.cms। আহৰণ কৰা হৈছে: 15 November 2014. 
  6. "Assam boys in ISL team for NE". Telegraph India. http://www.telegraphindia.com/1140823/jsp/northeast/story_18749247.jsp। আহৰণ কৰা হৈছে: 15 November 2014. 
  7. "Chennaiyin FC 2-2 NorthEast United". Soccerway. http://us.soccerway.com/matches/2014/11/08/india/indian-super-league/chennai-titans/northeast-united/1931551/। আহৰণ কৰা হৈছে: 15 November 2014. 
  8. Noronha, Anselm. "Alen Deory: NorthEast United FC can play against anybody". Goal.com. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129045426/http://m.goal.com/s/en-india/news/5081485/। আহৰণ কৰা হৈছে: 15 November 2014. 
  9. "India hold China, end AFC U-16 Football with head held high". The Hindu. http://www.thehindu.com/sport/football/india-hold-china-end-afc-u16-football-with-head-held-high/article3942529.ece। আহৰণ কৰা হৈছে: 15 November 2014. 
  10. "India u-19 team for qualifiers". The Hindu. http://www.thehindu.com/todays-paper/tp-sports/india-u19-team-for-qualifiers/article5180892.ece। আহৰণ কৰা হৈছে: 15 November 2014. 
  11. "Soccerwayত এলেন দেউৰীৰ প্ৰফাইল". Soccerway. http://www.soccerway.com/players/alen-deory/383763/। আহৰণ কৰা হৈছে: 16 নৱেম্বৰ 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]