অৰুণ নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণ নাথ

অৰুণ নাথ
জন্ম ২৮ মে', ১৯৫২
তেজপুৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা, চলচ্চিত্ৰ
উল্লেখযোগ্য কৰ্ম বহাগৰ দুপৰীয়া, কোলাহল
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী কৃষ্ণা দাস নাথ

অৰুণ নাথ (ইংৰাজী: Arun Nath) এগৰাকী অসমীয়া অভিনেতা। ২৮ মে ১৯৫২ত তেজপুৰত তেওঁৰ জন্ম হৈছিল। ১৯৭৩ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লয়। সৰুৰে পৰা তেওঁ অভিনয়ত জড়িত হৈ পৰিছিল। প্ৰথমে মঞ্চাভিনয়ৰ লগত জড়িত নাথে ১৯৭৩ত নিপ বৰুৱাসোণতৰা ছবিৰ যোগেদি চিনেমা জগতত ভূমুকি মাৰে। পঞ্চাশখনৰো অধিক অসমীয়া ছবিত তেওঁ অভিনয় কৰে। বহাগৰ দুপৰীয়া, কোলাহল, সাৰথি, অথেলো , অগ্নিস্নান আদি তেওঁ অভিনয় কৰা কেইখনমান বিশিষ্ট ছবি। তেওঁ বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে।[1][2]

বহুকেইখন অসমীয়া ছবিৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী কৃষ্ণা দাস নাথ তেওঁৰ পত্নী। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰা হৈছে।[2]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

অৰুণ নাথ অভিনীত চলচ্চিত্ৰৰ তালিকা-[3]

  1. সোণতৰা (১৯৭৩)
  2. দূৰণীৰ ৰঙ (১৯৭৯)
  3. সৰৱজান (১৯৮৫)
  4. অগ্নিস্নান (১৯৮৫)
  5. কোলাহল (১৯৮৯)
  6. সাৰথি (১৯৯১)
  7. অগ্নিগড় (১৯৯৪)
  8. মীমাংসা (১৯৯৪)
  9. সাগৰলৈ বহু দূৰ (১৯৯৫)
  10. দাগ (২০০১)
  11. ইমান মৰম কিয় লাগে (২০০২)
  12. কন্যাদান (২০০২)
  13. বিধাতা (২০০৩)
  14. দীনবন্ধু (২০০৪)
  15. জীৱন বাটৰ লগৰী (২০০৯)
  16. অথেলো (২০১৪)
  17. অন্তৰীণ (২০১৭)
  18. তুমি আহিবানে (২০১৭)
  19. নিজানৰ গান (২০১৭)
  20. কেলেণ্ডাৰ (২০১৮)
  21. সীমা- দ্য আনট'ল্ড ষ্ট'ৰী (২০১৯)
  22. মেড ইন নলবাৰী (২০২২)
  23. শ্ৰী ৰঘুপতি (২০২৩)

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Arun Nath". bookmyshow.com. https://in.bookmyshow.com/person/arun-nath/14270। আহৰণ কৰা হৈছে: 31 May 2020. 
  2. 2.0 2.1 আঁত ধৰোঁতা মনালিচা. "অনুভৱ অনুষ্ঠানত অৰুণ নাথ আৰু কৃষ্ণা নাথ দাস". প্ৰতিদিন টাইম. https://www.youtube.com/watch?v=HUZ_wPqUs7w। আহৰণ কৰা হৈছে: 31 May 2020. 
  3. "Filmography of Arun Nath". IMDb. https://www.imdb.com/name/nm0622187/। আহৰণ কৰা হৈছে: 31 May 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

অৰুণ নাথ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।