সমললৈ যাওক

কেলেণ্ডাৰ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেলেণ্ডাৰ
পৰিচালক হিমজ্যোতি তালুকদাৰ
চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ
শান্তনু ৰৌমুৰীয়া
ঝুলন কৃষ্ণ মহন্ত
কাহিনী হিমজ্যোতি তালুকদাৰ
প্ৰযোজক হিমজ্যোতি তালুকদাৰ
দিক্ষিত দাস
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী দিক্ষিত দাস
সম্পাদনা ঝুলন কৃষ্ণ মহন্ত
সংগীত পৰিচালক তৰালী শৰ্মা
প্ৰযোজনা
কোম্পানী
এনাজৰী টকীজ
মুক্তি
৯ ফেব্ৰুৱাৰী ২০১৮
দৈৰ্ঘ্য
৯০ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

কেলেণ্ডাৰ (ইংৰাজী: calendar) ২০১৮ৰ ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এনাজৰী টকীজৰ বেনাৰত হিমজ্যোতি তালুকদাৰে ছবিখনৰ পৰিচালনা কৰিছে। ছবিখন প্ৰযোজনা কৰিছে হিমজ্যোতি তালুকদাৰ আৰু দিক্ষিত দাসে। ছবিখনত চৰিত্ৰসমূহত মলয়া গোস্বামী, অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ আৰু ৰিমঝিম ডেকাই অভিনয় কৰিছে।[1][2]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

অৱসৰপ্ৰাপ্ত শিক্ষক হিতেশ কাকতিয়ে তেখেতৰ পত্নী মনোৰমা ককতিৰ সৈতে সৰু চহৰ এখনত সুখেৰে বসবাস কৰে। তেওঁলোকৰ একমাত্ৰ পুত্ৰ অৰুণাভ অনা-অসমীয়া পত্নীৰ সৈতে দিল্লীত থাকে। মৰমৰ পুতেক-বোৱাৰীয়েকৰ মাক-দেউতাকলৈও অগাধ ভক্তি। এবাৰ বিহুৰ সময়ত অৰুণাভ ঘৰলৈ আহি কামত হোৱা গুৰুতৰ সমস্যাৰ কথা মাকক কয়। এই কথা শুনি মাকে পুতেকক সাধ্য অনুসৰি সহায় কৰিবলৈ মন মেলে। মৰোৰমা কাকতিয়ে কেলেণ্ডাৰত তেখেতৰ মাহেকীয়া কাম-কাজবোৰ টুকি ৰাখে আৰু প্ৰতিটো ঘটনা নামৰে সৈতে গোল কৰি থয়। কিন্তু আচৰিতভাৱে তেখেতে কেইটামান দিনত একো উল্লেখ নকৰি মাত্ৰ গোল কৰি থয়। ইয়াৰ নেপথ্যৰ কাহিনীয়ে হিতেশ কাকতিৰ জীৱনলৈ ধুমুহা নমাই আনে।[3]

অভিনয়ত

[সম্পাদনা কৰক]

প্ৰযোজনা আৰু বিকাশ

[সম্পাদনা কৰক]

ছবিখনৰ চিত্ৰগ্ৰহণ দেৰগাঁও, গোলাঘাট আৰু জলখাবন্ধাত কৰা হৈছে। ২০১৭ৰ ২৭ ফেব্ৰুৱাৰীত ছবিখনৰ টীজাৰ মুক্তি দিয়া হৈছে।[4][5] ছবিগৃহত কেলেণ্ডাৰে মুক্তি পায় ২০১৮ৰ ১৬ ফেব্ৰুৱাৰীত।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "হিমজ্যোতি তালুকদাৰৰ নতুন অসমীয়া ছবি কেলেণ্ডাৰ". সাদিন. Archived from the original on 16 March 2017. https://web.archive.org/web/20170316205838/http://www.sadin.co.in/article.php?date=10-03-2017&page=12&article=10.jpg&cid=25920#.WMqj1FV97IV আহৰণ কৰা হৈছে: 10 March 2017.
  2. কলিতা, কল্যান কুমাৰ। "New Assamese Film Calendar", অসমীয়া খবৰ, গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী ২০১৭।
  3. "কেলেণ্ডাৰ, হিমজ্যোতি তালুকদাৰৰ পৰিয়ালকেন্দ্ৰিক ছবি". আছাম ত্ৰিবিউন. Archived from the original on 17 March 2017. https://web.archive.org/web/20170317143018/http://www.assamtribune.com/scripts/spda.asp?id=2017/feb1717/BigPage16.jpg আহৰণ কৰা হৈছে: 17 February 2017.
  4. "Teaser of upcoming Assamese film "Calendar" released, Promises to touch hearts". unitreed.com. Archived from the original on 2 March 2017. https://web.archive.org/web/20170302175945/http://unitreed.com/entertainment/teaser-of-upcoming-assamese-film-calendar-released-promises-to-touch-hearts/ আহৰণ কৰা হৈছে: 27 February 2017.
  5. Movie Watch "Calendar", The Northeast Today, Guwahati, March 2017.
  6. . https://in.bookmyshow.com/guwahati/movies/calendar-assamese/ET00071012 আহৰণ কৰা হৈছে: 14 October 2018.