সমললৈ যাওক

ৰমেন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰমেন বৰুৱা

ৰমেন বৰুৱা, ২০১৭ চন
জন্ম ০৬ জুন, ১৯৪০
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা সঙ্গীত পৰিচালক, কণ্ঠশিল্পী
দাম্পত্যসঙ্গী বনজোৎস্না বৰুৱা
সন্তান বৰ্নিকা বৰুৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি বিষ্ণু ৰাভা বঁটা (২০০৩) হেমাঙ্গ বিশ্বাস বঁটা (২০০৮) শিল্পপ্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী বঁটা (২০০৯)
তৰুণ দুৱৰা সোঁৱৰণী "অইল ইণ্ডিয়া বঁটা (২০১১)
জীৱন ৰাম মুঙ্গীদেৱী গোৱেঙ্গা সোঁৱৰণী বঁটা (২০১১)
Asomiya Music Award (২০১১)

ৰমেন বৰুৱা (ইংৰাজী: Ramen Baruah) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ঊনৈশ বছৰ বয়সত তেওঁ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেওঁ প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন ছুপাৰহিট হোৱাৰ অন্যতম কাৰণ আছিল। তেওঁ মুঠতে ২৭খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেওঁ প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত স্মৃতিৰ পৰশ। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেওঁ আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। কেশৱ মহন্ত, অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীণ গীতিকাৰৰ গীতত তেওঁ সুৰ দিছে। পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা অণিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেওঁৰ হাইস্কুলৰ সময়ৰ পৰাই সংগীতত ৰাপ আছিল। কৈশোৰ অৱস্থাতে তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল। ২০২৪ চনত ফিল্মফেয়াৰ(অসম)এ তেখেতক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। [1][2][3]

চমু জীবনী

[সম্পাদনা কৰক]

ৰমেন বৰুৱাৰ জন্ম হৈছিল গুৱাহাটী লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেওঁ দশম পুত্ৰ সন্তান। তেওঁৰ তিনিজন ককায়েক ব্ৰজেন বৰুৱা, নিপ বৰুৱা আৰু দ্বিবন বৰুৱা পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।

ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পাছলৈ বি.বৰুৱা কলেজৰ পৰা বি.এ. পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।[4]

চলচ্চিত্ৰপঞ্জী[2]

[সম্পাদনা কৰক]

সংগীত পৰিচালনা

[সম্পাদনা কৰক]
ছবিৰ নাম ভাষা পৰিচালক বৰ্ষ টোকা
আমাৰ ঘৰ অসমীয়ানিপ বৰুৱা১৯৫৯ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া পৰিচালনা
ডক্তৰ বেজবৰুৱাঅসমীয়াব্ৰজেন বৰুৱা১৯৬৯
বৰুৱাৰ সংসাৰ অসমীয়ানিপ বৰুৱা১৯৭০
মুকুতা অসমীয়াব্ৰজেন বৰুৱা১৯৭০
যোগ বিয়োগঅসমীয়াদ্বিবন বৰুৱা১৯৭১
ললিতা অসমীয়াব্ৰজেন বৰুৱা১৯৭২
ওপজা সোণৰ মাটিঅসমীয়াব্ৰজেন বৰুৱা১৯৭২
হৃদয়ৰ প্ৰয়োজনঅসমীয়াগৌৰী বৰ্মণ১৯৭২
উত্তৰণ অসমীয়ামনোৰঞ্জন শুৰী১৯৭৩
সোণতৰাঅসমীয়ানিপ বৰুৱা১৯৭৩
পৰিণামঅসমীয়াপ্ৰবীন বৰা১৯৭৪
তৰামাইঅসমীয়াদ্বিবন বৰুৱা১৯৭৬
সোণমাঅসমীয়ানিপ বৰুৱা১৯৭৭
মৰমীঅসমীয়াদীজেন্দ্ৰ নাৰায়ন দেৱ১৯৭৮
মৰমঅসমীয়াদ্বিবন বৰুৱা১৯৭৮
আশ্ৰয় অসমীয়াদুলাল ৰয়১৯৭৯
আজলী নবৌ অসমীয়ানিপ বৰুৱা১৯৮০
ৰজা হৰিশ্চন্দ্ৰঅসমীয়াদ্বিবন বৰুৱা১৯৮০
মানসী অসমীয়াবলাই সেন১৯৮১
উত্তৰ শূন্যঅসমীয়াদ্বিবন বৰুৱা১৯৮১
ৰাজাঅসমীয়াসমৰেন্দ্ৰ নাৰায়ন দেৱ১৯৮২
ককাদেউতা নাতি আৰু হাতীঅসমীয়ানিপ বৰুৱা১৯৮০
শকুন্তলা আৰু শংকৰ জোচেফ আলিঅসমীয়ানিপ বৰুৱা১৯৮৩
এণ্টনী মোৰ নামঅসমীয়ানিপ বৰুৱা১৯৮৬
দীপজ্যোতিঅসমীয়াপ্ৰদ্যুৎ বসু ১৯৮৬
অজলা ককাইঅসমীয়াদ্বিবন বৰুৱা১৯৮৯
মনিমাবাংলানিপ বৰুৱা'সোণমা'ৰ বাংলা ৰূপান্তৰ
দাদু, নাতি-হাতী বাংলানিপ বৰুৱা'ককাদেউতা, নাতি আৰু হাতী'ৰ
বাংলা ৰূপান্তৰ

কণ্ঠশিল্পী

[সম্পাদনা কৰক]
ছবিৰ নাম পৰিচালক সংগীত পৰিচালক বৰ্ষ টোকা
স্মৃতিৰ পৰশ নিপ বৰুৱাব্ৰজেন বৰুৱা১৯৫৯
মাক আৰু মৰমনিপ বৰুৱাব্ৰজেন বৰুৱা১৯৫৭
আমাৰ ঘৰনিপ বৰুৱাব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাৰ যুটীয়া পৰিচালনা১৯৫৯
ওপজা সোণৰ মাটিব্ৰজেন বৰুৱাৰমেন বৰুৱা১৯৭২
অজলা ককাইদ্বিবন বৰুৱা ৰমেন বৰুৱা১৯৮৯
মানসী বলাই সেন ৰমেন বৰুৱা ১৯৮১

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. অৰূপ চক্ৰৱৰ্তী (জুন ২০০৬). "ৰমেন বৰুৱা আৰু নিউ আৰ্ট প্লেয়াৰ্চ". অসমীয়া সা ৰে গা মা.
  2. 1 2 পবিত্ৰ কুমাৰ ডেকা (জুন ২০০৬). "অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.
  3. তফজ্জুল আলী (জুন ২০০৬). "সংগীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা". অসমীয়া সা ৰে গা মা.
  4. শোনিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰেণ্য. কথা প্ৰকাশন. পৃষ্ঠা. ২১৮-২১৯. ISBN ৮১-৮৯১৪৮-১৪-১.