ৰমেন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰমেন বৰুৱা

ৰমেন বৰুৱা, ২০১৭ চন
জন্ম ৬ জুন ১৯৪০
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা সঙ্গীত পৰিচালক, কণ্ঠশিল্পী
দাম্পত্যসঙ্গী বনজোৎস্না বৰুৱা
সন্তান বৰ্নিকা বৰুৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি বিষ্ণু ৰাভা বঁটা (২০০৩) হেমাঙ্গ বিশ্বাস বঁটা (২০০৮) শিল্পপ্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী বঁটা (২০০৯)
তৰুণ দুৱৰা সোঁৱৰণী "অইল ইণ্ডিয়া বঁটা (২০১১)
জীৱন ৰাম মুঙ্গীদেৱী গোৱেঙ্গা সোঁৱৰণী বঁটা (২০১১)
Asomiya Music Award (২০১১)

ৰমেন বৰুৱা (ইংৰাজী: Ramen Baruah) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল। তেখেতে মুঠতে ২৭খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত স্মৃতিৰ পৰশ। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেওঁ আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। কেশৱ মহন্ত, অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীন গীতিকাৰৰ গীতত তেখেতে সুৰ দিছে। তেখেতে পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা অণিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেওঁৰ হাইস্কুলৰ সময়ৰ পৰাই সংগীতত ৰাপ আছিল। তেখেতে কৈশোৰ অৱস্থাতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল।[1][2][3]

চমু জীবনী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

ৰমেন বৰুৱাৰ জন্ম হৈছিল গুৱাহাটী লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেওঁ দশম পুত্ৰ সন্তান। তেওঁৰ তিনিজন ককায়েক ব্ৰজেন বৰুৱা, নিপ বৰুৱা আৰু দ্বিবন বৰুৱা পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্ৰিকুলেশন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পিছলৈ বি.বৰুৱা কলেজৰ পৰা বি.এ. পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।[4]

চলচ্চিত্ৰপঞ্জী[2][সম্পাদনা কৰক]

সংগীত পৰিচালনা[সম্পাদনা কৰক]

ছবিৰ নাম ভাষা পৰিচালক বৰ্ষ টোকা
আমাৰ ঘৰ অসমীয়া নিপ বৰুৱা ১৯৫৯ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া পৰিচালনা
ডক্তৰ বেজবৰুৱা অসমীয়া ব্ৰজেন বৰুৱা ১৯৬৯
বৰুৱাৰ সংসাৰ অসমীয়া নিপ বৰুৱা ১৯৭০
মুকুতা অসমীয়া ব্ৰজেন বৰুৱা ১৯৭০
যোগ বিয়োগ অসমীয়া দ্বিবন বৰুৱা ১৯৭১
ললিতা অসমীয়া ব্ৰজেন বৰুৱা ১৯৭২
ওপজা সোণৰ মাটি অসমীয়া ব্ৰজেন বৰুৱা ১৯৭২
হৃদয়ৰ প্ৰয়োজন অসমীয়া গৌৰী বৰ্মণ ১৯৭২
উত্তৰণ অসমীয়া মনোৰঞ্জন শুৰী ১৯৭৩
সোণতৰা অসমীয়া নিপ বৰুৱা ১৯৭৩
পৰিণাম অসমীয়া প্ৰবীন বৰা ১৯৭৪
তৰামাই অসমীয়া দ্বিবন বৰুৱা ১৯৭৬
সোণমা অসমীয়া নিপ বৰুৱা ১৯৭৭
মৰমী অসমীয়া দীজেন্দ্ৰ নাৰায়ন দেৱ ১৯৭৮
মৰম অসমীয়া দ্বিবন বৰুৱা ১৯৭৮
আশ্ৰয় অসমীয়া দুলাল ৰয় ১৯৭৯
আজলী নবৌ অসমীয়া নিপ বৰুৱা ১৯৮০
ৰজা হৰিশ্চন্দ্ৰ অসমীয়া দ্বিবন বৰুৱা ১৯৮০
মানসী অসমীয়া বলাই সেন ১৯৮১
উত্তৰ শূন্য অসমীয়া দ্বিবন বৰুৱা ১৯৮১
ৰাজা অসমীয়া সমৰেন্দ্ৰ নাৰায়ন দেৱ ১৯৮২
ককাদেউতা নাতি আৰু হাতী অসমীয়া নিপ বৰুৱা ১৯৮০
শকুন্তলা আৰু শংকৰ জোচেফ আলি অসমীয়া নিপ বৰুৱা ১৯৮৩
এণ্টনী মোৰ নাম অসমীয়া নিপ বৰুৱা ১৯৮৬
দীপজ্যোতি অসমীয়া প্ৰদ্যুৎ বসু ১৯৮৬
অজলা ককাই অসমীয়া দ্বিবন বৰুৱা ১৯৮৯
মনিমা বাংলা নিপ বৰুৱা 'সোণমা'ৰ বাংলা ৰূপান্তৰ
দাদু, নাতি-হাতী বাংলা নিপ বৰুৱা 'ককাদেউতা, নাতি আৰু হাতী'ৰ
বাংলা ৰূপান্তৰ

কণ্ঠশিল্পী[সম্পাদনা কৰক]

ছবিৰ নাম পৰিচালক সংগীত পৰিচালক বৰ্ষ টোকা
স্মৃতিৰ পৰশ নিপ বৰুৱা ব্ৰজেন বৰুৱা ১৯৫৯
মাক আৰু মৰম নিপ বৰুৱা ব্ৰজেন বৰুৱা ১৯৫৭
আমাৰ ঘৰ নিপ বৰুৱা ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাৰ যুটীয়া পৰিচালনা ১৯৫৯
ওপজা সোণৰ মাটি ব্ৰজেন বৰুৱা ৰমেন বৰুৱা ১৯৭২
অজলা ককাই দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৮৯
মানসী বলাই সেন ৰমেন বৰুৱা ১৯৮১

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অৰূপ চক্ৰৱৰ্তী (জুন ২০০৬). "ৰমেন বৰুৱা আৰু নিউ আৰ্ট প্লেয়াৰ্চ". অসমীয়া সা ৰে গা মা. 
  2. 2.0 2.1 পবিত্ৰ কুমাৰ ডেকা (জুন ২০০৬). "অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা. 
  3. তফজ্জুল আলী (জুন ২০০৬). "সংগীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা". অসমীয়া সা ৰে গা মা. 
  4. শোনিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰেণ্য. কথা প্ৰকাশন. পৃষ্ঠা. ২১৮-২১৯. ISBN ৮১-৮৯১৪৮-১৪-১.