কমল নাৰায়ণ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমল নাৰায়ণ চৌধুৰী

কমল নাৰায়ণ চৌধুৰী
জন্ম ১৯১৬ চন
গুৱাহাটী, অসম, ভাৰত
মৃত্যু ৩ আগষ্ট, ১৯৮৫ চন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু

কমল নাৰায়ণ চৌধুৰী অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক হিচাবে জনাজাত। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছিল। অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা হিচাবে তেখেত চিৰস্মৰণীয়[1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

কমলনাৰায়ণ চৌধুৰীৰ জন্ম হৈছিল ১৯১৬ চনৰ ২০ চেপ্তেম্বৰত গুৱাহাটীত। তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে প্ৰসন্ননাৰায়ণ চৌধুৰী আৰু মাতৃ হৰবালা। ১৯৩৬ চনত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

মনোমতী’ কথাছবিত সংগীত পৰিচালক হিচাবে পোনপ্ৰথমে ১৯৪১ চনত কমলনাৰায়ণ চৌধুৰীয়ে কথাছবি জগতত ভৰি দিয়ে। তেখেতৰ পৰিচালিত প্ৰথম কথাছবিখন আছিল ‘বদন বৰফুকন’(১৯৪৬)। বহু বছৰ বিৰতিৰ মুৰত তেখেতে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে ‘ভাইটি’ (১৯৭২) কথাছবি খনৰ যোগেদি। উল্লেখযোগ্য যে, এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ৰঙীন কথাছবি। ইয়াৰোপৰি কমলনাৰায়ণ চৌধুৰী দেৱে প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি বিভিন্ন কথাছবিৰ বিভিন্ন ভূমিকাত অভিনয় কৰে[1]

মৃত্যু[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৩ আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Film Directors". enajori.com. Archived from the original on September 12, 2015. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/। আহৰণ কৰা হৈছে: February 14, 2013.