সমললৈ যাওক

মনোমতী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনোমতী
Manomoti

মনোমতী ছবিৰ পোষ্টাৰ
পৰিচালক ৰোহিনী কুমাৰ বৰুৱা
চিত্ৰনাট্য প্ৰভাত শৰ্মা
প্ৰযোজক ৰোহিনী কুমাৰ বৰুৱা
অভিনয়ত নীলিমা দত্ত (দাস) (নাম ভুমিকা)
চিত্ৰগ্ৰহণকাৰী এ. কে. সেন
সম্পাদনা বীৰেণ গুহ, জীৱন ফুকন
সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰী, ৰঞ্জিত ৰায়
মুক্তি
৩ এপ্ৰিল ১৯৪১
দেশ ভাৰত
ভাষা অসমীয়া

মনোমতী হৈছে তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ১৯৪১ চনত মুক্তি পোৱা এই ছবিখন আৰ কে বৰুৱা প্ৰডাকচছৰ বেনাৰত পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ডিব্ৰুগড়ৰ চাহ খেতিয়ক ৰোহিনীকান্ত বৰুৱাই। ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতীৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল।[1][2] মনোমতী প্ৰথম অসমীয়া ছবি, যাৰ পোষ্টাৰ তৈয়াৰ কৰা হৈছিল। ইয়াৰ আগতে মুক্তি পোৱা অসমীয়া ছবি জয়মতী আৰু ইন্দ্ৰমালতীৰ কোনো পোষ্টাৰ তৈয়াৰ কৰা হোৱা নাছিল। ছবিখন আছিল ১৯ ৰীলৰ। ১৯৭০ চনলৈকে এই ছবিখনে সৰ্বাধিক দীঘল অসমীয়া ছবিৰ স্থানত আছিল। ১৯৬৭ চনত এই ছবিখনৰ এটা নতুন প্ৰিণ্ট তৈয়াৰ কৰি উলিওৱা হৈছিল।[3]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

দৌল চাবলৈ আহোঁতে মনোমতী আৰু লক্ষ্মীকান্তৰ দেখাদেখি হ’ল আৰু তেনেকৈ দুয়োৰো মনত পৰস্পৰৰ প্ৰতি অনুৰাগৰ জন্ম হ’ল। বৰপেটা সত্ৰৰ শান্তিৰাম আতৈয়ে মনোমতীৰ মনৰ বতৰা লক্ষ্মীকান্তলৈ কঢ়িয়াই নিলে। বৰনগৰৰ আভিজাত লোক চণ্ডী বৰুৱা মনোমতীৰ ধৰ্মীয় পিতৃ। আনহাতে লক্ষ্মীকান্তৰ দেউতাকো এজন আভিজাত লোক, যুগীৰ পামৰ হলকান্ত বৰুৱা। এই দুই আভিজাতৰ মাজত অতীতৰ পৰাই দ্বন্দ্ব চলি আহিছে।[3]

এনেতে মান ভটিয়াই আহি আহি গুৱাহাটী পালে। হলকান্ত বৰুৱাই নিজৰ প্ৰতিহিংসা চৰিতাৰ্থ কৰাৰ সুবৰ্ণ সুযোগ পালে। তেওঁ গৈ চণ্ডী বৰুৱাৰ বৰনগৰ আক্ৰমণ কৰিবলৈ গুৱাহাটীৰ পৰা মানসেনাক মাতি আনিলে। ইফালে মানক বাধা দিবলৈ সাহিয়াল আৰু উদাৰচিতীয়া ডেকা লক্ষ্মীকান্তই চণ্ডী বৰুৱাৰ লগ লাগিল।[3]

এদিন অন্ধকাৰ নিশা মানে চণ্ডী বৰুৱাৰ হাউলী আক্ৰমণ কৰিলে। মানে চণ্ডী বৰুৱা, মনোমতী, তাইৰ বান্ধৱী পমিলা, লক্ষ্মীকান্ত আৰু শান্তিৰাম আতৈক বন্দী কৰি লৈ গ’ল। বাট দেখুৱাই অনা হলকান্ত বৰুৱাকো মানে বন্দী কৰিলে। চণ্ডী বৰুৱাক হত্যা কৰা হ'ল। মিঙ্গিমাহা তিলোৱাৰ অসমীয়া পত্নী পদুমীয়ে অৱশেষত[3] মিঙ্গিমাহা তিলোৱাৰ অসমীয়া পত্নী পদুমীয়ে অৱশেষত মনোমতী, পমিলা, লক্ষ্মীকান্ত, হলকান্ত, শান্তিৰামক বন্দীশালৰ পৰা পলুৱাই পঠালে।

'নীলিমা দত্ত (দাস)'-এ ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল। 'ৰোহিনী বৰুৱা' আৰু তেওঁৰ পত্নী লক্ষ্মীনাথ বেজবৰুৱাৰ মাজু জীয়ৰী 'ৰত্নাৱলী বৰুৱা'ই ক্ৰমে শান্তিৰাম আতৈ আৰু পমিলী নামৰ চৰিত্ৰ দুটাত ভাও লৈছিল। 'ভৱানন্দ দুৱৰা'ই মান সেনাপতি মিঙ্গিমাহা তিলোৱা আৰু 'প্ৰভাত শৰ্মা'ই হলকান্তৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। উল্লেখযোগ্য যে প্ৰভাত শৰ্মা এগৰাকী নাট্যকাৰ আছিল আৰু ১৯২৩-২৪ চনতে তেওঁ 'জামাই বাবু' নামৰ বঙালী নিৰ্বাক ছবি এখনত অভিনয় কৰিছিল। সেই হিচাপে ছবিত অভিনয় কৰা তেওঁ প্ৰথম অসমীয়া ব্যক্তি।[1] 'ননী বৰদলৈ' আৰু 'বেবী বৰুৱা'ই শিশু চৰিত্ৰ ৰূপায়ন কৰিছিল।[4]

অন্যান্য অভিনয়-শিল্পীসকল আছিল- ৰাধাগোবিন্দ বৰুৱা, নব বৰুৱা, ভাৰত ভূঞা, প্ৰশান্ত বৰুৱা, মুক্তা বৰদলৈ, নিৰুপমা দেৱী, কমল নাৰায়ণ চৌধুৰী, ৰঙিলা দত্ত, ৰূপশ্ৰী দেৱী, হেমপ্ৰভা কাকতি আদি।[3]

কমল নাৰায়ণ চৌধুৰীয়ে মনোমতীৰ সঙ্গীত পৰিচালনা কৰিছিল।[2] কমল নাৰায়ণ চৌধুৰী, প্ৰশান্ত বৰুৱা আদিয়ে ছবিৰ গীতত কণ্ঠদান কৰিছিল।[5] ছবিখনত মুঠ দহটা গীত আছিল।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "কোন দেশৰ সেই ৰাজকুঁৱৰী, সপোনে আজি গ’লনে মিলাই (মনোহৰ)"      
2. "সোঁৱৰণী তাৰ সোঁৱৰণী বাউলী কৰে মোৰ হিয়াখনি (পমীলা)"      
3. "পাৰ কৰাৰে কানাই পাৰ কৰা বেলিৰ দিকে চোৱা (নাৱৰীয়া)"      
4. "গান মোৰ কাঢ়ি লৈ হিয়াখনি ভাঙি থৈ যায় গুচি দূৰলৈ কোন (মনোহৰ)"      
5. "ৰজনী পোহাইল কোকিল ডাকিল নাসিলে প্ৰাণগোপাল (শান্তিৰাম)"      
6. "আজি সুপ্ৰভাতে গৈল মথুৰাতে আনিতে তোমাৰ ধন (পমীলা)"      
7. "খোলা দেউল দুৱাৰ খোলা আৰু কত কাল ৰ’বা বহি ৰ’বা মিঠুৰ পাষাণ (ব’ৰাগী)"      
8. "কৃষ্ণৰ বিৰহে চকুলো বাগৰে কান্দি মৰে মোৰ শ্ৰীমতী ৰাধা (শান্তিৰাম)"      
9. "কুহু কুহু বুলি তই মাৰ পুৰি অগনি জ্বলাৱ গাত (মনোমতী)"      
10. "হিয়া নাওখনি বাই যা তই মন নাৱৰীয়া ঐ (ব’ৰাগী)"      

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 মঞ্চলেখা, পৃঃ ৩০৫-৩০৬, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী. ১৯৯৫. 
  2. 2.0 2.1 "Manomoti (1941) – Assamese Film". https://www.assams.info/movies/manomoti-1941। আহৰণ কৰা হৈছে: 20-12-2019. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 23. 
  4. মঞ্চলেখা, পৃষ্ঠা ৩২২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  5. অসমীয়া বোলছবিৰ গীতৰ সংকলন, পৃঃ ৮ বাবুল দাস, বাণীমন্দিৰ, ডিব্ৰুগড়, ১৯৮৫. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৰজনীকান্ত বৰদলৈ ৰচিত মনোমতী উপন্যাসৰ পূৰ্ণপাঠ