সমললৈ যাওক

পাৰ্ৱতি প্ৰসাদ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰ্ৱতি প্ৰসাদ বৰুৱা
জন্ম ১৯ আগষ্ট, ১৯০৪
শিৱসাগৰ, অসম
মৃত্যু ৭ জুন, ১৯৬৪
পেচা কবি, গীতিকাৰ, নাট্যকাৰ
ভাষা অসমীয়া
দাম্পত্যসংগী পদ্মা কুমাৰী

স্বাক্ষৰ

পাৰ্ৱতি প্ৰসাদ বৰুৱা আছিল (ইংৰাজী: Parvati Prasad Baruva) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ। তেখেত পৰিচিত আছিল গীতিকবি ৰূপে।[1]তেখেতে ১৯৪০ চনত ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। ৰূপহী আছিল চতুৰ্থখন অসমীয়া ছবি। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰাৱস্থাতেই তেখেতে 'থুপিতৰা' নাম দি এখন হাতেলিখা আলোচনী উলিয়াইছিল। 'থুপিতৰা' বন্ধ হ'লত সৰু ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত 'ঘৰ-জেউতি' লিখি উলিয়াইছিল।[2] পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯৬১ চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।[1]

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

পাৰ্ৱতি প্ৰসাদৰ পূৰ্বপুৰুষ আছিল কৃষ্ণদাস। তেওঁ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ ফৈদৰ সন্তান আছিল। চন্দ্ৰকান্ত সিংহৰ দিনত কৃষ্ণদাসে 'ভড়ালী বৰুৱা' আৰু কৃষ্ণদাসৰ পুত্ৰ যাদুৰাম বৰুৱাই 'বৰ ভাণ্ডাৰ বিষয়া' পায়।[3] খীণ-মিন শৰীৰৰ বাবে তেওঁক 'লেৰেলি ডেকা বৰুৱা'ও বোলা হৈছিল।[3] যাদুৰাম ডেকা বৰুৱাই ব্ৰিটিছৰ শাসনকালত 'মনসুপ্' আৰু 'সদৰামিন'ৰ বিষয় খাইছিল। যাদুৰাম ডেকাবৰুৱাৰ পুত্ৰদ্বয় ক্ৰমে কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ। দুৰ্গাপ্ৰসাদৰ তিনিজন পুত্ৰ ৰাধিকাপ্ৰসাদ, ভৱানীপ্ৰসাদ আৰু তাৰিণীপ্ৰসাদ। এই ৰাধিকাপ্ৰসাদে ১৮৯৮ শকত যোৰহাটৰ বিষ্ণুৰাম বৰুৱাৰ দ্বিতীয়া কন্যা হিমলা বৰুৱাক বিয়া কৰায় আৰু তেওঁলোকৰে সন্তান পাৰ্ৱতি প্ৰসাদ বৰুৱা।[3]

১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত পাৰ্ৱতি প্ৰসাদৰ জন্ম হয়। তেওঁৰ তিনিজন ককাই-ভাই আৰু এগৰাকী বাইদেৱেক। তেওঁলোক ক্ৰমে ভগৱতীপ্ৰসাদ বৰুৱা, কমলা বৰুৱা, কামাখ্যাপ্ৰসাদ, মোক্ষদপ্ৰসাদ, সুধালতা বৰুৱা আৰু প্ৰতিমা। সুধালতা আৰু প্ৰতিমা পাৰ্ৱতি প্ৰসাদৰ ভনী। পাৰ্ৱতি প্ৰসাদৰ পিতাক ৰাধিকাপ্ৰসাদ অসম কাউন্সিলৰ সদস্য আছিল আৰু তেখেতে 'ৰায় চাহেব' উপাধি লাভ কৰিছিল।

১৯৩৪ চনত পাৰ্ৱতি প্ৰসাদে পদ্মকুমাৰী বৰুৱানীৰ পাণি গ্ৰহণ কৰে। তেওঁলোকৰ বৰ জীয়ৰী সান্ত্বনা বৰুৱা আৰু পুত্ৰ প্ৰণৱিৰাম বৰুৱা।

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

পাৰ্ৱতি প্ৰসাদে শিৱসাগৰৰ ফুলেশ্বৰী ল'ৰা উচ্চ বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰপিছত ১৯২১ চনত তেখেতে কটন কলেজবিজ্ঞান শাখাত নাম ভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। আই, এছ, চি পৰীক্ষা পাছ কৰাৰ পাছত তেখেতৰ মন বিজ্ঞানৰপৰা কলা শাখালৈ সলনি হয়। ১৯২৫ চনত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাতে স্কটিছ চাৰ্চ কলেজত বি.এ শ্ৰেণীত নাম লগায়। বিনন্দ চন্দ্ৰ বৰুৱা, তুলসীনাৰায়ণ শৰ্মা আদি আছিল পাৰ্ৱতি প্ৰসাদৰ সহপাঠী।[3]

বৈষয়িক জীৱনত পাৰ্ৱতি প্ৰসাদ আছিল চাহ খেতিয়ক। পাৰ্ৱতি প্ৰসাদৰ ককাক দুৰ্গাপ্ৰসাদ আছিল বৃহৎ অভয়াপুৰী মৌজাৰ চাহ-ব্যৱসায়ী। ১৯২৯ চনত মোমায়েকৰ চাহ বাগান 'সৰু-চৰাই'ত কাম শিকি পাৰ্ৱতি বৰুৱাই এপ্ৰেণ্টিছ হৈ বাগিচাত কৰ্মজীৱনৰ পাতনি মেলে। যোৰহাটত পৰ্যায়ক্ৰমে ৩খন বাগিচাৰ মেনেজাৰ পদ চম্ভালি পিছত ৭বছৰ কাল তেওঁ ৰজাবাৰী বাগিচাৰ মেনেজাৰ হৈ থাকে। ১৯৩৯ চনত তেওঁ ৰাইডাং চাহ-বাগিচা কিনি লয় আৰু ৰজাবাৰীৰ কাম এৰি দিয়ে। ১৯৪৭ চনত সোণালি চাহ বাগিচা কিনি লয় আৰু চলোৱাৰ ভাৰ লয়। জীৱনৰ শেহৰ দিনকেইটা তেখেতে সোণাৰিৰ সোণালী পামত কটাইছিল। পাৰ্ৱতি প্ৰসাদ কিছু দিনৰ বাবে লোকেল বৰ্ডৰো সদস্য হৈ আছিল।[3]

কলেজত পঢ়ি থকা সময়তে পাৰ্ৱতি প্ৰসাদে অসম ছাত্ৰ সন্মিলনত যোগ দিছিল। তেতিয়া অসম ছাত্ৰ সন্মিলনৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ।

"১৯২৯ চনত, শৰত কালৰ এটি পূৰ্ণিমা ৰাতিত সৰু চৰাই চাহ-বাগিচাৰ বৰ বঙলাৰ আগফালে এজোপা পুলি খাজুৰী গছৰ তলত পাৰ্ৱতি প্ৰসাদে জোনাকী মেলৰ পাতনি মেলে। পিছলৈ এই মেলে অসম সাহিত্য সভাৰ এটা শাখা হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতি আৰু বিকাশত সহায় কৰে।"[3] জোনাকী মেলৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা। জোনাকী মেলেৰে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পাৰ্ৱতি প্ৰসাদে মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰয়াত ককায়েক ভগৱতীপ্ৰসাদ বৰুৱাৰ নামত ভৱনটি নিৰ্মাণৰ বাবে পঞ্চাশ হাজাৰ টকা দান কৰে। পাৰ্ৱতি প্ৰসাদৰ সহায় আৰু কিছু চৰকাৰী অনুদান মিলাই অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱননিৰ্মাণ হয়।

অসমত সংগীতৰ প্ৰসাৰ আৰু বিকাশৰ অৰ্থে অসম সংগীত নাটক একাডেমীয়ে বিশেষ ভূমিকা লোৱাত পাৰ্ৱতি প্ৰসাদে গুৰুত্ব দিছিল। ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত প্ৰতিৰক্ষা কাৰ্যসূচী ৰূপে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ হকে ড॰ ভূপেন হাজৰিকাৰে লগ হৈ পাৰ্ৱতি বৰুৱাই ট্ৰাক এখনত উঠি দেশপ্ৰেমমূলক গীত গাই গুৱাহাটীৰ বাট-পথত ঘূৰি ফুৰিছিল।[1]

পাৰ্ৱতি প্ৰসাদে কৈছে; "আপুনি যদি আপোনাৰ নিজত্বটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনাৰ আইগৰাকী দুখীয়া নিছলা হ'লেও আই বুলি মাতিবলৈ লাজ পালে নচলিব। আপুনি আমাৰ সকলো বিষয়তে এই নিজৰ ভেটি বিচৰাটোৱেই হৈছে প্ৰথম প্ৰয়োজনৰ কথা- আমাৰ জাতীয়তা ৰক্ষা কৰিবলৈ হ'লে।"[3]

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা ‘লখিমী’ আৰু গীতি-নাটিকা ‘সোণৰ সোলেং’ ৰচনা কৰে। অসমীয়া সংগীত-সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্ৱতি প্ৰসাদে ‘গুণগুণনি’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল' আদি গীতৰ পুথি ৰচিছিল। তেখেতে ৰচনা কৰা গীতসমূহক "পাৰ্ৱতি সংগীত" বুলি কোৱা হয়।

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]
কবিতা, গীত আৰু সুৰীয়া নাট
  • মৌ টোকাৰী (১৮৪৮ শক, অপ্ৰকাশিত)
  • লখিমী(৫ আঘোণ, ১৮৫৩)
  • খেল ভঙা খেল (নৱেম্বৰ, ১৯৬৯)
  • সোণৰ সোলেঙ (ব'হাগ, ১৮৭৭)
  • গুণগুণনি (১৮৭৯ শক)
  • ভঙা টোকাৰীৰ সুৰ (ব'হাগ, ১৮৮১)
  • লুইতী (ব'হাগ, ১৮৮১ শক)
  • শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল (১৯৬৩)
  • ময়াপী (অপ্ৰকাশিত গীতৰ সংকলন)
  • সুৰ চানেকি
গদ্য ৰচনা
  • কলা-সংস্কৃতি
  • সমিধান
  • ৰূপকোঁৱৰৰ কথা
  • শিল্প সম্পৰ্কে একাষাৰ
  • শিক্ষকসকললৈ বিদায় সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ
  • সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ
  • জোনাকী মেল

নাট্য প্ৰতিভা

[সম্পাদনা কৰক]

১৯১৩ চনত ৯ বছৰ বয়সতে পাৰ্ৱতি প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত জয়মতী উৎসৱত তেওঁ 'লাই কোঁৱৰ'ৰ ভূমিকাত অৱত্তীৰ্ণ হৈ ৰাইজক চমক খুৱায়। ইয়াৰোপৰি তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাশোণিত কুঁৱৰী নাটকত চিত্ৰলেখা, বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ নাটত লাচিত, বিসৰ্জন নাটত ৰাম, ৰাজনটীত পালক আদি ভাও কৰি অভিনেতা ৰূপে প্ৰশংসা বুটলিছিল। 'শোণিত কুঁৱৰী'ত অভিনয় প্ৰসংগত পাৱৰ্তি প্ৰসাদে 'ৰূপকোঁৱৰ কথা'ত উল্লেখ কৰিছে এনেদৰে- "নাটৰ অভিনয়ত গীতৰ সুৰ আৰু নাচৰ ভংগীৰ নতুনত্বই দৰ্শকসকলক ইমান মোহিত কৰিলে যে, তেতিয়াৰ দিনত একে বছৰতে নাটখনি কেইবাবাৰো অভিনীত হৈছিল।"[4] পাৰ্ৱতি বৰুৱাৰ সংবেদনশীল অভিনয় প্ৰতিভাৰ বুজ পাইছিল জ্যোতিপ্ৰসাদেও। সেয়ে জ্যোতিৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ত অভিনয় কৰিবলৈ জ্যোতিয়ে পাৰ্ৱতি প্ৰসাদক মাতি পঠিয়াইছিল। অৱশ্যে সেইসময়ত প্ৰয়াত ককাইদেৱেক ভগৱতীপ্ৰসাদৰ অকাল বিয়োগে পাৰ্ৱতি প্ৰসাদ ইমান শোকাতুৰ কৰি তুলিছিল যে তেওঁ জ্যোতিৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল। ককায়েকৰ মৃত্যুৱে তেওঁৰ মন-প্ৰাণৰ বিস্তৰ ক্ষতি কৰিলতো ক্ষান্ত নহৈ গভীৰ অন্ধকাৰৰ মাজত 'সোণৰ সোলেং' বিচাৰি সু-অভিনেতা পাৰ্ৱতি প্ৰসাদে ১৯৪০ চনত নিৰ্মাণ কৰিবলৈ লয় 'ৰূপহী' চলচ্চিত্ৰ। কেমেৰাৰ কামত খুঁত ৰৈ যোৱা বাবে সফলতাৰ মুখ নেদেখিলে যদিও 'ৰূপহী' হৈছে অসমীয়া ভাষাৰ চতুৰ্থখন চলচ্চিত্ৰ। ৰূপহী ছবিখন সজোৱা হৈছিল সাতোটা গীতেৰে আৰু গোটেইকেইটা গীত লেখিছিল পাৰ্ৱতি প্ৰসাদে নিজে। ইয়াৰে 'হাতৰ হেৰুৱা ধন বাটত হেৰা পায়/বাট পাহৰা বাটৰুৱা ঘৰ বিচাৰি যায়' গীতটিত পাৱৰ্তি প্ৰসাদে কণ্ঠদান কৰিছিল। কমলেশ্বৰ চলিহাৰ 'সাধু'ৰ আধাৰত নিৰ্মিত ৰূপহীৰ প্ৰযোজনা, চিত্ৰনাট্য, গীত, সুৰ আৰু পৰিচালনা পাৰ্ৱতি প্ৰসাদৰ। তেওঁ নিজে এইখন চিনেমাত অভিনয়ো কৰিছিল।

নৃত্যশিল্পী ৰূপে পাৰ্ৱতি প্ৰসাদ বৰুৱা

[সম্পাদনা কৰক]

বহুমুখী প্ৰতিভাধৰ পাৰ্ৱতি প্ৰসাদে শোণিত কুঁৱৰী নাটত চিত্ৰলেখাৰ চৰিত্ৰত অভিনয় কৰোঁতে নৃত্য কৰিছিল। তেখেতে সৃষ্টিমূলক নাচৰ আদৰ্শ গ্ৰহণ কৰিছিল সত্ৰীয়া নৃত্যৰপৰা। আনন্দ চন্দ্ৰ বৰুৱালৈ লিখা এখন চিঠিত তেওঁ "কলেজৰ পৰা আহি ১৯২৮ চনত শ্বিলঙত আছাম ক্লাৱত প্ৰথম প্ৰাচ্য নৃত্য লাস্য আৰু তাণ্ডৱ নাচি খুব নাম কৰিছিলোঁ।" বুলি উল্লেখ কৰিছে।[5]

অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখিছে- "পাৰ্ৱতি প্ৰসাদে ১৯২৬ চনত সত্ৰীয়া নৃত্যৰ আৰ্হিত প্ৰাচ্য নৃত্য, নিজৰী নাচ (লাস্য) আৰু সৃষ্টি নাচ (তাণ্ডৱ) প্ৰৱৰ্তন কৰি অসমীয়া নৃত্য-জগতত এটি নতুন ধাৰাৰ সৃষ্টি কৰিছিল। পাৰ্ৱতি প্ৰসাদৰ 'চতাই পৰেবতৰ নাগিনী ছোৱালী' নাচটো জ্যোতিপ্ৰসাদৰ 'পদুমকলি' নাচৰ সমপৰ্যায়ৰ।"[6]

১৯৬৪ চনত দুবাৰকৈ ৰক্তচাপত ভোগাৰ ফলত তেওঁ ৭ জুনৰ দিনা ইহলীলা সম্বৰণ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 সম্পাদক: পবনাথ শৰ্মা (মাৰ্চ, ১৯৮১). "ৰচনাৱলী". অসম সাহিত্য সভা. 
  2. প্ৰাণজ্যোতি নাথ (২০ মাৰ্চ, ২০১৬). "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা: এক আলোকপাত". দৈনিক অসম. Archived from the original on 2019-06-04. https://web.archive.org/web/20190604043755/http://www.assamtribune.com/da/2016/mar2016/BigPage15.jpg। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 ড॰ বিভা দত্ত নেওগ (১৮ ফেব্ৰুৱাৰী, ২০০৫). "পাৰ্ৱতি প্ৰসাদৰ জীৱন দৰ্শন আৰু সাহিত্য". অসম সাহিত্য সভা. পৃষ্ঠাসমূহ: ৪, ৬, ৭, ৯, ১১. 
  4. পাৰ্ৱতি প্ৰসাদ বৰুৱা. "পাৰ্ৱতি প্ৰসাদ বৰুৱা ৰচনাৱলী". 
  5. "পাৰ্ৱতি প্ৰসাদ বৰুৱা ৰচনাৱলী". পৃষ্ঠাসমূহ: ৩৭৮. 
  6. অতুলচন্দ্ৰ হাজৰিকা. "গীতি-কবি পাৰ্ৱতি প্ৰসাদ বৰুৱা স্মৃতিগ্ৰন্থ". 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]