ধ্ৰুৱজ্যোতি বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


ধ্ৰুৱজ্যোতি বৰা
জন্ম ১৯৫৫ চন
অসম
পেচা সাহিত্যিক, চিকিৎসক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কথা ৰত্নাকৰ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০০৯[1]

ড°ধ্ৰুৱজ্যোতি বৰা (ইংৰাজী: Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক।[2] তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। ২০১৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে, দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৩-১৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম অধিৱেশনত তেখেতক নতুন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।[3][4]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেখেতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ বৰ্তমান তেখেতে সাহিত্য আলোচনী গৰীয়সীৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি থকাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে ৷[5]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

  • কথা ৰত্নাকৰ
  • লোহা (১৯৮৫)
  • ভোক (১৯৮৭)
  • যাত্ৰীক আৰু অন্যান্য (১৯৯৪)
  • কালান্তৰৰ গদ্য (১৯৯৭)
  • বৰ্ণবোধ, এজাক ৰঙীন চৰাই (১৯৯৮)
  • আলোচনাত্মক গন্থ- ফৰাচী বিপ্লৱ (১ম খণ্ড ১৯৯০, ২য় খণ্ড ১৯৯২)
  • জাতীয় প্ৰশ্ন আৰু আত্মনিয়ন্ত্ৰণ (১৯৯৩)
  • সমকালীন টোকাবহী (১৯৯৩)
  • সন্ধানৰ ক্ষণ (১৯৯৩)
  • অৰ্থ
  • অ’ মোৰ সুৰীয়া মাত: আধুনিক ভাষা হিচাপে অসমীয়া ভাষাৰ বিকাশ (১৯৯৪)
  • আণ্ডাৰষ্টেণ্ডিং আছাম ইন দি নৰ্থ-ইষ্ট (১৯৯৪)
  • ছ’চিয়েল এলিয়েনেশ্বন এণ্ড টেনশ্বনছ ন দি নৰ্থ-ইষ্ট (১৯৯৫)
  • আজাৰ

বঁটা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  3. "অসম সাহিত্য সভাৰ নতুন সভাপতি". জি এল পাব্লিকেশ্যন. ১৭ নৱেম্বৰ, ২০১৪. পৃষ্ঠা ১ম পৃষ্ঠা. http://amarasom.glpublications.in/Details.aspx?id=19930&boxid=12305187। আহৰণ কৰা হৈছে: 17 নৱেম্বৰ 2014. 
  4. [1]
  5. "শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দায়িত্ব ল’লে ডাঃ ধ্ৰুৱজ্যোতি বৰাই". অসমীয়া প্ৰতিদিন. Nov 23, 2021. https://www.asomiyapratidin.in/dr-dhurbajyoti-bora-appointed-as-a-vc-srimanta-sankardeva-health-science-university/। আহৰণ কৰা হৈছে: 28 December 2021. 
  6. Sahitya Akademi Award