সমললৈ যাওক

শিৱপ্ৰসাদ ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱপ্ৰসাদ ঠাকুৰ
জন্ম ২২ ছেপ্টেম্বৰ, ১৯৩৭
নাজিৰা, অসম
মৃত্যু ৫ জানুৱাৰী, ২০০৮ (৭০ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক

শিৱপ্ৰসাদ ঠাকুৰ (ইংৰাজী: Shivaprasad Thakur) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ঘৰ সংসাৰ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ১০খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ সোণ মইনা নামৰ চলচ্চিত্ৰখনে ১৯৮৪ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1] ইয়াৰোপৰি তেখেত ১৯৭৩ চনৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত ৰজত পদক লাভ কৰা মমতা চলচ্চিত্ৰ খনৰ সহ প্ৰযোজনা কৰিছিল। ২০০৮ চনৰ ৫ জানুৱাৰীত ৭১ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে।[2]

পৰিচালিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

শিৱপ্ৰসাদ ঠাকুৰে মুঠতে ১০খন ছবি পৰিচালনা কৰিছিল:

ছবিৰ নাম বৰ্ষ টোকা
বোৱাৰী১৯৮২
ঘৰ সংসাৰ১৯৮৩
সোণ মইনা১৯৮৪
মন-মন্দিৰ১৯৮৫
ময়ূৰী১৯৮৬
এই দেশ মোৰ দেশ১৯৮৬
শেৱালি১৯৮৯
অশান্ত প্ৰহৰ১৯৯৪
অস্তৰাগ২০০৫
অহিৰ ভৈৰৱ২০০৭[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "Film Directors". enajori.com. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/। আহৰণ কৰা হৈছে: 2013-01-30.
  2. ↑ "Award winning Assamese film director passes away". outlookindia.com. 2008-01-05. Archived from the original on 2019-10-13. https://web.archive.org/web/20191013065229/https://www.outlookindia.com/newswire/story/award-winning-assamese-film-director-passes-away/532772। আহৰণ কৰা হৈছে: 2019-10-13.
  3. ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-07-01. https://web.archive.org/web/20130701210734/http://www.nthwall.com/as/5678900180। আহৰণ কৰা হৈছে: 2013-02-26.