ৰবি শৰ্মা
ৰবি শৰ্মা | |
---|---|
জন্ম | ১৯ চেপ্তেম্বৰ, ১৯৭৯ গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ২০০০ - বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী |
ৰবি শৰ্মা (ইংৰাজী: Ravi Sarma) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা।[1] অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে।
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
ৰবি শৰ্মাৰ জন্ম ১৯৭২ চনৰ ১৯ ছেপ্তেম্বৰত গুৱাহাটীত হয়। তেখেতে ডি এ ভি স্কুল আৰু ফেকাল্টী হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেখেতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ মাতৃ বন্দনা শৰ্মাও এগৰাকী অভিনেত্ৰী আছিল।[2]
অভিনীত অসমীয়া চলচ্চিত্ৰ[সম্পাদনা কৰক]
ৰবি শৰ্মাই বিশিষ্ট পৰিচালক মুনিন বৰুৱা দেৱৰ চুপাৰ হিট ছবি হিয়া দিয়া নিয়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহ হ’ল:[1]
মুক্তি | চলচ্চিত্ৰ | পৰিচালক |
---|---|---|
২০০০ | হিয়া দিয়া নিয়া | মুনিন বৰুৱা |
২০০১ | অন্য এক যাত্ৰা | মঞ্জু বৰা |
২০০১ | নায়ক | মুনিন বৰুৱা |
২০০২ | ককাদেউতাৰ ঘৰজোঁৱাই | সুমন হৰিপ্ৰিয়া |
২০০২ | মন | বাণী দাস |
২০০২ | ইমান মৰম কিয় লাগে | আলোক নাথ |
২০০৩ | সৰু বোৱাৰী | গৌতম চেতাৰ্জী |
২০০৩ | উজনীৰ দুজনী গাভৰু | চন্দ্ৰ মুদৈ |
২০০৪ | বুকুৱে বিচাৰে | দিপাংকৰ কাশ্যপ |
২০০৪ | অনুৰাগ | বিদ্যুৎ চক্ৰৱৰ্তী |
২০০৪ | বাৰুদ | মুনিন বৰুৱা |
২০০৪ | মা তুমি অনন্যা | মুন্না আহমেদ |
২০০৫ | হিয়াৰ দাপোণত তোমাৰেই ছবি | শিবানন বৰুৱা |
২০০৫ | জীৱন তৃষ্ণা | অৰুপ মান্না |
২০০৬ | আমি অসমীয়া | ৰাজীৱ ভট্টাচাৰ্য্য |
২০০৬ | দেউতা দিয়া বিদায় | ৰমেশ মোডি |
২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে |
২০১৩ | ৰণাংগন | প্ৰণৱ জ্যোতি ভৰালী |
২০১৭ | তুমি আহিবানে | প্ৰেৰণা বৰবৰুৱা |
২০২৩ | ব্লেক এন হোৱাইট | ধনজিৎ দাস |
২০২৩ | শ্ৰী ৰঘুপতি | সুব্ৰত কাকতি |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Runa Borah (15-Jul-2010). "Filmography of Assamese Actor RAbi Sharma". assam spider. SpiderWorks Technologies Pvt Ltd.. http://www.assamspider.com/resources/3078-Filmography-Of-Assamese-Actor-Rabi-Sharma.aspx। আহৰণ কৰা হৈছে: January 29, 2013.
- ↑ "Celebrity". Box office Assam. 1 June 2017. http://www.boxofficeassam.com/celebrity/ravi-sarma/amp/। আহৰণ কৰা হৈছে: 1 October 2018.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|