সমললৈ যাওক

ৰবি শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবি শৰ্মা
জন্ম ১৯ ছেপ্টেম্বৰ, ১৯৭২
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০০ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী

ৰবি শৰ্মা (ইংৰাজী: Ravi Sarma) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা।[1] অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰবি শৰ্মাৰ জন্ম ১৯৭২ চনৰ ১৯ ছেপ্টেম্বৰত গুৱাহাটীত হয়। তেখেতে ডি এ ভি স্কুল আৰু ফেকাল্টী হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেখেতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ মাতৃ বন্দনা শৰ্মাও এগৰাকী অভিনেত্ৰী আছিল।

অভিনয় জীৱন

[সম্পাদনা কৰক]

ৰবি শৰ্মাই বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ ২০০০ চনত মুক্তিপ্ৰাপ্ত চুপাৰ হিট ছবি হিয়া দিয়া নিয়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। চলচ্চিত্ৰৰ লগতে তেওঁ অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহ হ’ল:[1]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
মুক্তিচলচ্চিত্ৰপৰিচালক
২০০০হিয়া দিয়া নিয়ামুনিন বৰুৱা
২০০১অন্য এক যাত্ৰামঞ্জু বৰা
২০০১নায়কমুনিন বৰুৱা
২০০২ককাদেউতাৰ ঘৰজোঁৱাইসুমন হৰিপ্ৰিয়া
২০০২মনবাণী দাস
২০০২ইমান মৰম কিয় লাগেআলোক নাথ
২০০৩সৰু বোৱাৰীগৌতম চেতাৰ্জী
২০০৩উজনীৰ দুজনী গাভৰুচন্দ্ৰ মুদৈ
২০০৪বুকুৱে বিচাৰেদিপাংকৰ কাশ্যপ
২০০৪অনুৰাগবিদ্যুৎ চক্ৰৱৰ্তী
২০০৪বাৰুদমুনিন বৰুৱা
২০০৪মা তুমি অনন্যামুন্না আহমেদ
২০০৫হিয়াৰ দাপোণত তোমাৰেই ছবিশিবানন বৰুৱা
২০০৫জীৱন তৃষ্ণাঅৰুপ মান্না
২০০৬আমি অসমীয়াৰাজীৱ ভট্টাচাৰ্য্য
২০০৬দেউতা দিয়া বিদায়ৰমেশ মোডী
২০১১পলে পলে উৰে মনতিমথী দাস হাঞ্চে
২০১৩ৰণাংগনপ্ৰণৱ জ্যোতি ভৰালী
২০১৭তুমি আহিবানেপ্ৰেৰণা বৰবৰুৱা
২০২০পেপাৰ চিকেনৰতন শীল শৰ্মা
২০২৩ব্লেক এন হোৱাইটধনজিৎ দাস
২০২৩শ্ৰী ৰঘুপতিসুব্ৰত কাকতি

চুটি ছবি/ৱেব ছিৰিজ

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম চৰিত্ৰ নেটৱৰ্ক টোকা
২০২০ ইলিগেল নিৰি৯
২০২০ হ'প
২০২১ চ'ৰী ৰবি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]