সমললৈ যাওক

সুমন হৰিপ্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমন হৰিপ্ৰিয়া

২০০৬ চনৰ নৱেম্বৰ মাহত সুমন হৰিপ্ৰিয়া
অসম বিধানসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯ মে' ২০১৬
পূৰ্বসূৰী দ্বীপেন পাঠক
সমষ্টি হাজো বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ০১ জুন, ১৯৭৯ (৪৭ বছৰ)
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
মাতৃ বিজয়া চক্ৰৱৰ্তী
বাসস্থান গুৱাহাটী, অসম, ভাৰত
শিক্ষা সমাজশাস্ত্ৰৰ স্নাতকোত্তৰ
জীৱিকা ৰাজনীতিবিদ, নিৰ্দেশক, প্ৰযোজক

সুমন হৰিপ্ৰিয়া (জন্ম: ১ জুন ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ তিনিখন চলচ্চিত্ৰ পৰিচালনা কৰিছে। ২০০৫ চনত মুক্তি লাভ কৰা তেওঁৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ কদমতলে কৃষ্ণ নাচে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৯ চনৰ ১ জুন তাৰিখে গুৱাহাটীত সুমন হৰিপ্ৰিয়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জীৱন চক্ৰৱৰ্তী আৰু মাতৃ বিজয়া চক্ৰৱৰ্তী। তেওঁৰ মাতৃ বিজয়া চক্ৰৱৰ্তী এগৰাকী ৰাজনীতিবিদ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ।[2] সুমন হৰিপ্ৰিয়ায়ে নতুন দিল্লীত অৱস্থিত জামিয়া মিলিয়া ইছলামীয়াৰ পৰা সমাজশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ নইডাত অৱস্থিত এছিয়ান একাডেমী অফ ফিল্ম এণ্ড টেলিভিছনৰ পৰা চলচ্চিত্ৰ আৰু টেলিভিছনৰ ডিপ্লোমা লাভ কৰিছিল। তেওঁ দিল্লীত অৱস্থিত ভাৰতীয় বিদ্যা ভৱনৰ পৰা জ্যোতিষ আচাৰ্য উপাধি লাভ কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

সুমন হৰিপ্ৰিয়া অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত আছিল।[4] ২০০১ চনত তেওঁ যতীন বৰা আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত ব্যৱসায়িক ভাৱে সফল ছবি কইনা মোৰ ধুনীয়া নিৰ্মাণ কৰিছিল। ২০০২ চনত তেওঁ ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত ককাদেউতাৰ ঘৰজোঁৱাই নিৰ্মাণ কৰে। ২০০৫ চনত তেওঁ কদমতলে কৃষ্ণ নাচে পৰিচালনা আৰু প্ৰযোজনা কৰে। এই ছবিখনে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰে।

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
চননাম
২০০১কইনা মোৰ ধুনীয়া
২০০২ককাদেউতাৰ ঘৰজোঁৱাই
২০০৫কদমতলে কৃষ্ণ নাচে

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

সুমন হৰিপ্ৰিয়ায়ে তেওঁ মাতৃ বিজয়া চক্ৰৱৰ্তীৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁ ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত হাজো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।[5]

সমালোচনা

[সম্পাদনা কৰক]

সুমন হৰিপ্ৰিয়ায়ে অসম বিধানসভাত ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ৰ প্ৰতিৰোধ হিচাপে গোবৰ আৰু গৌমূত্ৰৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়াৰ বাবে সমালোচিত হৈছে। তেওঁ কৈছিল, "গোবৰৰ বহুতো উপযোগিতা আছে। মই ভাবোঁ ই ক'ৰ'ণা ভাইৰাছ ধ্বংস কৰিব পাৰে। গৌমূত্ৰয়ো উপকাৰী হব পাৰে। "[6] ইয়াৰ লগতে তেওঁ গোবৰ আৰু গৌমূত্ৰ কৰ্কট ৰোগ আৰোগ্য কৰিব পাৰে বুলিও পৰামৰ্শ আগবঢ়াইছিল।[7]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি". Archived from the original on 2012-06-30. https://web.archive.org/web/20120630202736/http://www.assamtimes.org/social/entertainment/325.html আহৰণ কৰা হৈছে: 2020-04-04.
  2. "Assam Legislative Assembly - Member". Assam Legislative Assembly. http://www.assamassembly.gov.in/suman-haripriya.html আহৰণ কৰা হৈছে: 1 April 2020.
  3. "Electoral Affidavit of Suman Haripriya" (en ভাষাত). প্ৰকাশক Guwahati: Assam State Election Commission. 19 March 2016. পৃষ্ঠা: 10. Archived from the original on 30 March 2020. https://web.archive.org/web/20200330235931/http://ceoassam.nic.in/election/ae2016/Affidavits/55/4-SUMAN%20HARIPRIYA.PDF আহৰণ কৰা হৈছে: 4 April 2020.
  4. "Kokadeutar Gharjonwai /Suman Haripriya". https://www.mail-archive.com/assam@pikespeak.uccs.edu/msg02312 আহৰণ কৰা হৈছে: 8 July 2017.[সংযোগবিহীন উৎস]
  5. "Exclusive: Cabinet Portfolio Names for BJP-led Govt in Assam". The Quint. 20 May 2016. https://www.thequint.com/politics/2016/05/20/exclusive-cabinet-portfolio-names-for-bjp-led-govt-in-assam আহৰণ কৰা হৈছে: 30 January 2020.
  6. "India's coronavirus health myths fact-checked". BBC News. 19 March 2020. https://www.bbc.com/news/world-asia-india-51910099 আহৰণ কৰা হৈছে: 20 March 2020.
  7. Nath, Hemanta Kumar (2 March 2020). "Cow urine, dung can treat coronavirus, says Assam BJP MLA" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/cow-urine-dung-can-treat-coronavirus-says-assam-bjp-mla-1651708-2020-03-02 আহৰণ কৰা হৈছে: 21 March 2020.