সমললৈ যাওক

অসম বিধানসভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Assam Legislative Assemblyৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা
Assam Legislative Assembly
১৫তম বিধানসভা
ধৰন
ধৰন এককক্ষীয়
নেতা
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, ভাৰতীয় জনতা পাৰ্টি
২০২৬
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি
২০২৬
গঠন
সদস্য ১২৬ জন
ৰাজনৈতিক দলসমূহ চৰকাৰ (১০২)

এন ডি এ (১০২)

বিৰোধী (২৪)

ইউ পি এ (২১)

অন্যান্য (৩)

নিৰ্বাচন
নিৰ্বাচন পদ্ধতি First-past-the-post
বিগত নিৰ্বাচন ২০২৬
সভাৰ স্থান
অসম বিধানসভা ভৱন, দিশপুৰ,
গুৱাহাটী, অসম, ভাৰত - ৭৮১০০৬.
ৱেবছাইট
http://assamassembly.nic.in

অসম বিধানসভা (ইংৰাজী: Assam Legislative Assembly) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা। অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি। অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত। এই সদস্য সকলক পোনপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়। অসম বিধানসভাৰ সম্পূৰ্ণ কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি।

১৯৩৫ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদত ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ (Government of India Act 1935)গৃহীত হয়। এই অধিনিয়মৰ উপবন্ধ অনুসৰি ১৯৩৭ চনত অসম প্ৰদেশৰ বাবে দ্বিকক্ষীয় বিধানমণ্ডল প্ৰনয়ন কৰা হয়। বিধানমণ্ডলৰ নিম্ন কক্ষ, অসম বিধানসভাৰ প্ৰথম বৈঠক বহে ছিলঙৰ সভা কক্ষত ১৯৩৭ চনৰ এপ্ৰিল মাহৰ ৭ তাৰিখে। ছিলং সেই সময়ৰ সংযোজিত অসমৰ ৰাজধানী আছিল। বিধানসভাৰ সদস্য সংখ্যা আছিল ১০৮। এই আটাইকেইজন সদস্যই আছিল নিৰ্বাচিত। উচ্চ সদন বিধান পৰিষদৰ (Legislative Council) সদস্য সংখ্যা আছিল ২১ বা ২২ জন।

ভাৰত বিভাজনৰ পাছত অসমৰ চিলেট জিলা পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) অন্তৰ্ভুক্ত হ'ল। স্বাভাৱিকতে বিধানসভাৰ আসনৰ সংখ্যা ৭১খনলৈ নামিল। অৱশ্যে স্বাধীনতাৰ পাছত আসনৰ সংখ্যা পুনৰ ১০৮খন হ'ল। ১৯৪৭ চনত বিধান পৰিষদৰ (উচ্চ সদন) অৱলুপ্তি ঘটাই অসমৰ বিধান মণ্ডল এককক্ষীয় কৰা হয়। স্বাধীনতা-উত্তৰ কালচোৱাত অসমৰ বিভাজন ঘটি বহুকেইখন নতুন ৰাজ্যৰ সৃষ্টি হয়। ১৯৬৩ চনত নাগালেণ্ড গঠিত হয়। ১৯৭১ চনত ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইনযোগে মেঘালয়ক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। মিজোৰাম আৰু অৰুণাচল প্ৰদেশো অসমৰপৰা আঁতৰি যায়। মেঘালয় গঠনৰ পাছত ছিলং অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ যুটীয়া ৰাজধানী হয়। ১৯৭২ চনত অসম চৰকাৰে দিশপুৰলৈ ৰাজধানী স্থানান্তৰৰ সিদ্ধান্ত লয়। ১৯৭৩ চনৰ ১৬ মাৰ্চত দিশপুৰৰ অস্থায়ী ৰাজধানীত অসম চৰকাৰৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। ১৯৫২ চনত স্বাধীনতা-উত্তৰ ভাৰতত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। সেয়েহে ১৯৫২ চনত গঠিত হোৱা বিধানসভাখনক স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভা বুলি কোৱা হয়। সেই লেখেৰে ২০১১ চনলৈকে অসমত ১৩খন বিধানসভা গঠন কৰা হ'ল। [1][2]

ৰাজ্যৰ বিভাজন আৰু সমষ্টিৰ পুনৰ্গঠনৰ বাবে অসম বিধানসভাৰ আসনৰ সংখ্যা সময়ে-সময়ে পৰিবৰ্তন হৈ আহিছে। অসম বিধানসভাৰ আসনৰ সংখ্যা এনে ধৰণৰ

প্ৰথম বিধানসভা (১৯৫২-৫৭) ১০৮খন
দ্বিতীয় বিধানসভা (১৯৫৭-৬২) ১০৫খন
তৃতীয় বিধানসভা (১৯৬৭-৭২) ১১৪খন
পঞ্চম বিধানসভাৰ (১৯৭২-৭৮) পৰা বৰ্তমানলৈ ১২৬খন।[3]

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা

[সম্পাদনা কৰক]

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল[4]:

অসম প্ৰদেশ

[সম্পাদনা কৰক]
# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
বাবু বসন্ত কুমাৰ দাস ৭ এপ্ৰিল ১৯৩৭ ১১ মাৰ্চ, ১৯৪৬
দেৱেশ্বৰ শৰ্মা ১২ মাৰ্চ, ১৯৪৬ ১০ অক্টোবৰ, ১৯৪৭
লক্ষেশ্বৰ বৰুৱা ৫ নৱেম্বৰ, ১৯৪৭ ৩ মাৰ্চ, ১৯৫২
অসম বিধানসভা ভৱন

অসম ৰাজ্য

[সম্পাদনা কৰক]
# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
কুলধৰ চলিহা ৫ মাৰ্চ ১৯৫২ ৭ জুন, ১৯৫৭
দেৱকান্ত বৰুৱা ৮ জুন, ১৯৫৭ ১৫ ছেপ্তেম্বৰ, ১৯৫৯
মহেন্দ্ৰ মোহন চৌধুৰী ৯ ডিচেম্বৰ, ১৯৫৯ ১৯ মাৰ্চ, ১৯৬৭
হৰেশ্বৰ গোস্বামী ২০ মাৰ্চ, ১৯৬৭ ১০ মে, ১৯৬৮
মহীকান্ত দাস ২৭ আগষ্ট, ১৯৬৮ ২১ মাৰ্চ, ১৯৭২
ৰমেশ চন্দ্ৰ বৰুৱা ২২ মাৰ্চ, ১৯৭২ ২০ মাৰ্চ, ১৯৭৮
যোগেন্দ্ৰ নাথ হাজৰিকা ২১ মাৰ্চ, ১৯৭৮ ৪ ছেপ্তেম্বৰ, ১৯৭৯
শেইখ চান্দ মহম্মদ ৭ নৱেম্বৰ, ১৯৭৯ ৭ জানুৱাৰী, ১৯৮৬
পুলকেশ বৰুৱা ৯ জানুৱাৰী, ১৯৮৬ ২৭ জুলাই, ১৯৯১
১০ জীৱকান্ত গগৈ ২৯ জুলাই, ১৯৯১ ৯ ডিচেম্বৰ, ১৯৯২
১১ দেবেশ চন্দ্ৰ চক্ৰৱৰ্তী ২১ ডিচেম্বৰ, ১৯৯২ ১১ জুন, ১৯৯৬
১২ গণেশ কুটুম ১২ জুন, ১৯৯৬ ২৪ মে, ২০০১ অসম গণ পৰিষদ
১৩ পৃথিৱী মাঝি ৩০ মে, ২০০১ ১৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ টংক বাহদুৰ ৰায় ২৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ প্ৰণৱ কুমাৰ গগৈ[5] ৬ জুন, ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ ৰনজিত কুমাৰ দাস ১ জুন, ২০১৬ ভাৰতীয় জনতা পাৰ্টি
১৭ হিতেন্দ্ৰ নাথ গোস্বামী ৩০ জানুৱাৰী, ২০১৭ ভাৰতীয় জনতা পাৰ্টি
১৮বিশ্বজিৎ দৈমাৰী২১ মে',২০২১ভাৰতীয় জনতা পাৰ্টি
১৯ ৰনজিত কুমাৰ দাস ২০ মে' ২০২৬ বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টি

বিধানসভাৰ উপাধ্যক্ষসকল

[সম্পাদনা কৰক]

বিধানসভাৰ উপাধ্যক্ষসকলৰ তালিকা তলত দিয়া হৈছে।[6]

#নামকাৰ্য্যভাৰ গ্ৰহণঅৱসৰ
মৌলবী মহম্মদ আমৰুদ্দিন ৭ এপ্ৰিল ১৯৩৭ চন১৯৪৬
বনিলি খংমেন১৪ মাৰ্চ ১৯৪৬ চন
আৰ এন বৰুৱা ৬ মাৰ্চ ১৯৫২ চন১৯৫৭ চনৰ ১ এপ্ৰিল
আৰ এন বৰুৱা ১৯৫৭ চনৰ ১০ জুন২৮ ফেব্ৰুৱাৰী ১৯৬২ চন
ডি হাজৰিকা ৩১ মাৰ্চ ১৯৬২২৮ ফেব্ৰুৱাৰী ১৯৬৭
এম. কে. দাস ৩১ মাৰ্চ ১৯৬২ চন26 August 1968
এ. ৰহমান ২০ ছেপ্টেম্বৰ ১৯৬৮৯ নৱেম্বৰ ১৯৭০ চন
জে. শইকীয়া ১৩ নৱেম্বৰ ১৯৭০৯ জুন ১৯৭১ চন
আৰ.এন. সেন ২৪ মে ১৯৭১১৪ মাৰ্চ ১৯৭২ চন
১০গোলোক ৰাজবংশী ৬ এপ্ৰিল ১৯৭২৩ মাৰ্চ ১৯৭৮ চন
১১শ্বেখ চান্দ মহম্মদ ৩০ মাৰ্চ ১৯৭৮৬ নৱেম্বৰ ১৯৭৯
১২জি আহমেদ ১৩ নৱেম্বৰ ১৯৭৯১৯ মাৰ্চ ১৯৮২ চন
১৩এন.চি. কাথ হাজৰিকা২৫ মাৰ্চ ১৯৮৩১৮ আগষ্ট ১৯৮৫ চন
১৪ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই১ এপ্ৰিল ১৯৮৬১০ এপ্ৰিল ১৯৯০ চন
১৫বলোভদ্ৰ তামুলী২২ অক্টোবৰ ১৯৯০৮ জানুৱাৰী ১৯৯১
১৬দেৱেশ চক্ৰৱৰ্তী১৯৯১ চনৰ ১ আগষ্ট২০ ডিচেম্বৰ ১৯৯২ চন
১৭পৃথিবী মাঝি২৩ মাৰ্চ ১৯৯৩১১ মে’ ১৯৯৬
১৮নুৰুল হুছেইন ১৯৯৬ চনৰ ১৩ জুন১৯৯৮ চনৰ ১৮ আগষ্ট
১৯ ৰেণুপমা ৰাজখোৱা ১৪ মে’ ১৯৯১ চন ১৭ মে’ ২০০১
২০ টংকা বাহাদুৰ ৰায় ৩ এপ্ৰিল ২০০২ ১৪ মে’ ২০০৬ চন
২১ প্ৰণতি ফুকন ৩১ মে’ ২০০৬ ১৬ মে’ ২০১১
২২ ভীমানন্দ তাঁতী ৬ জুন ২০১১ ১৯ মে’ ২০১৬
২৩ দিলীপ কুমাৰ পাল ৩ জুন ২০১৬ ৮ মে’ ২০১৮
২৪ কৃপানাথ মাল্লা ২৬ ছেপ্টেম্বৰ ২০১৮ ৪ জুন ২০১৯
২৫ আমিনুল হক লস্কৰ ৩১ জুলাই ২০১৯ ২ মে' ২০২১
২৬ নোমল মমিন ২১ মে’ ২০২১

বৰ্তমানৰ বিধায়কসকলৰ তালিকা

[সম্পাদনা কৰক]
সমষ্টি বিধায়ক দল
শ্ৰীভূমি জিলা
ৰামকৃষ্ণ নগৰ বিজয় মালাকাৰ ভাৰতীয় জনতা পাৰ্টি
পথাৰকান্দি কৃষ্ণেন্দু পাল ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰ সুব্ৰত ভট্টাচাৰ্য ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ দক্ষিণ আমিনুৰ ৰছিদ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দি জিলা
হাইলাকান্দি ড° মিলন দাস ভাৰতীয় জনতা পাৰ্টি
আলগাপুৰ-কাটলিচেৰা জুনেইদ আনম ভাৰতীয় জাতীয় কংগ্ৰেছ
কাছাৰ জিলা
শিলচৰ ৰাজদ্বীপ ৰয় ভাৰতীয় জনতা পাৰ্টি
সোনাই আমিনুল হক লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
ধলাই (এছচি) অমিয় কান্তি দাস ভাৰতীয় জনতা পাৰ্টি
উধৰবন্দ ৰাজদ্বীপ গোৱালা ভাৰতীয় জনতা পাৰ্টি
লক্ষীপুৰ কৌশিক ৰায় ভাৰতীয় জনতা পাৰ্টি
বৰখোলা কিশোৰ নাথ ভাৰতীয় জনতা পাৰ্টি
কাটিগোৰাহ কমলাক্ষ দে পুৰকায়স্থ ভাৰতীয় জনতা পাৰ্টি
ডিমা হাচাও জিলা
হাফলং (এচটি) ৰূপালী লাংথাচা ভাৰতীয় জনতা পাৰ্টি
কাৰ্বি আংলং জিলা
বোকাজান (এছটি) সূৰ্য ৰংফাৰ ভাৰতীয় জনতা পাৰ্টি
হাওৰাঘাট (এছটি) লুন্সিং টেৰন ভাৰতীয় জনতা পাৰ্টি
ডিফু (এচটি) নিচু টেৰাংপি ভাৰতীয় জনতা পাৰ্টি
পশ্চিম কাৰ্বি আংলং জিলা
ৰংখাং টুলিৰাম ৰংহাং ভাৰতীয় জনতা পাৰ্টি
আম্ৰি হবে টেৰন ভাৰতীয় জনতা পাৰ্টি
দক্ষিণ শালমাৰা জিলা
মানকাচাৰ মহিবুৰ ৰহমান ভাৰতীয় জাতীয় কংগ্ৰেছ
ধুবুৰী জিলা
ধুবুৰী বেবী বেগম ভাৰতীয় জাতীয় কংগ্ৰেছ
গৌৰীপুৰ আব্দুছ আলি চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
গোলকগঞ্জ অশ্বিনী ৰয় চৰকাৰ ভাৰতীয় জনতা পাৰ্টি
বিৰসিং জাৰুৱা ৱাজেড আলি চৌধুৰী অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
বিলাসীপাৰা জীৱেশ ৰায় অসম গণ পৰিষদ
কোকৰাঝাৰ জিলা
গোসাইগাঁও
কোকৰাঝাৰ পশ্চিম (এছটি) ৰবিৰাম নাৰ্জাৰী বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
কোকৰাঝাৰ পূব (এছটি) লৰেন্স ইছলাৰী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
চিৰাং জিলা
চিডলি (এছটি) জয়ন্ত বসুমতাৰী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
বঙাইগাঁও জিলা
বঙাইগাঁও দিপ্তীময়ী চৌধুৰী অসম গণ পৰিষদ
চিৰাং জিলা
বিজনী অজয় কুমাৰ ৰয় ভাৰতীয় জনতা পাৰ্টি
বঙাইগাঁও জিলা
অভয়পুৰী উত্তৰ আব্দুল ভতিম খান্দকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
অভয়াপুৰী দক্ষিণ (এছচি) প্ৰদীপ চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
গোৱালপাৰা জিলা
দুধনৈ (এছটি) যাদব স্বৰগিয়াৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
গোৱালপাৰা পূব আব্দুল কালাম ৰছিদ আলম ভাৰতীয় জাতীয় কংগ্ৰেছ
গোৱালপাৰা পশ্চিম আব্দুৰ ৰছিদ মণ্ডল ভাৰতীয় জাতীয় কংগ্ৰেছ
জলেশ্বৰ আফতাব উদ্দিন মোল্লা ভাৰতীয় জাতীয় কংগ্ৰেছ
বৰপেটা জিলা
সৰভোগ মনোৰঞ্জন তালুকদাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
বৰপেটা আব্দুৰ ৰহিম আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
জানিয়া ৰফিকুল ইছলাম অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
বাঘবৰ শ্বেৰমেন আলী আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
সৰুক্ষেত্ৰী জাকিৰ হুছেইন চিকদ্দৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
চেঙা আশ্ৰাফুল হুছেইন অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
বজালী জিলা
বজালী ধৰ্মেশ্বৰ ৰয় ভাৰতীয় জনতা পাৰ্টি
কামৰূপ জিলা
বকো-ছয়গাঁও(এছটি) ৰাজু মেছ ভাৰতীয় জনতা পাৰ্টি
ছমৰিয়া ৰেকিবুদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
পলাশবাৰী হিমাংশু শেখৰ বৈশ্য ভাৰতীয় জনতা পাৰ্টি
হাজো-শুৱালকুচি প্ৰকাশ চন্দ্ৰ দাস অসম গণ পৰিষদ
কমলপুৰ দিগন্ত কলিতা ভাৰতীয় জনতা পাৰ্টি
ৰঙিয়া ভৱেশ কলিতা ভাৰতীয় জনতা পাৰ্টি
কামৰূপ মেট্ৰপলিটান
জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টি
দিছপুৰ প্ৰদ্যু্ৎ বৰদলৈ ভাৰতীয় জনতা পাৰ্টি
নিউ গুৱাহাটী দিপ্লো ৰঞ্জন শৰ্মা ভাৰতীয় জনতা পাৰ্টি
চেণ্ট্ৰেল গুৱাহাটী বিজয় কুমাৰ গুপ্তা ভাৰতীয় জনতা পাৰ্টি
ডিমৰিয়া (এচ চি) তপন দাস অসম গণ পৰিষদ
বাক্সা জিলা
বাক্সা(এছটি) মনেশ্বৰ ব্ৰহ্ম বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
মানস থানেশ্বৰ বসুমতাৰী বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
নলবাৰী জিলা
নলবাৰী জয়ন্ত মল্ল বৰুৱা ভাৰতীয় জনতা পাৰ্টি
বৰক্ষেত্ৰী নাৰায়ন ডেকা ভাৰতীয় জনতা পাৰ্টি
টিহু চন্দ্ৰ মোহন পাটোৱাৰী ভাৰতীয় জনতা পাৰ্টি
ওদালগুৰি জিলা
ভেৰগাঁও মহেশ্বৰ বড়ো বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
ওদালগুৰি (এছটি) ৰিহন দৈমাৰী বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
তংলা বিকন চন্দ্ৰ ডেকা ভাৰতীয় জনতা পাৰ্টি
মাজবাট চৰণ বড়ো বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
দৰং জিলা
চিপাঝাৰ পৰমানন্দ ৰাজবংশী ভাৰতীয় জনতা পাৰ্টি
মঙ্গলদৈ নীলিমা দেৱী ভাৰতীয় জনতা পাৰ্টি
দলগাঁও মাজিবুৰ ৰহমান অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
শোণিতপুৰ জিলা
ঢেকিয়াজুলি অশোক সিংঘাল ভাৰতীয় জনতা পাৰ্টি
বৰচলা ৰিতু বৰণ শৰ্মা ভাৰতীয় জনতা পাৰ্টি
তেজপুৰ পৃথ্বীৰাজ ৰাভা অসম গণ পৰিষদ
ৰঙাপাৰা কৃষ্ণ কমল তাঁতী ভাৰতীয় জনতা পাৰ্টি
নদুৱাৰ পদ্ম হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
বিশ্বনাথ জিলা
বিশ্বনাথ পল্লব লোচন দাস ভাৰতীয় জনতা পাৰ্টি
বিহালী ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টি
গহপুৰ উৎপল বৰা ভাৰতীয় জনতা পাৰ্টি
মৰিগাঁও জিলা
জাগীৰোড (এছচি) পিযুষ হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
মৰিগাঁও ৰমা কান্ত দেউৰী ভাৰতীয় জনতা পাৰ্টি
লাহাৰীঘাট আচিফ মহম্মদ নাজাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
নগাঁও জিলা
ৰহা (এছচি) শশী কান্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
ধিং মেহবুব মুখতাৰ ৰাইজৰ দল
নগাঁও- বাটদ্ৰবা ৰূপক শৰ্মা ভাৰতীয় জনতা পাৰ্টি
ৰূপহীহাট নুৰুল হুদা ভাৰতীয় জাতীয় কংগ্ৰেছ
বৰহমপুৰ জিতু গোস্বামী ভাৰতীয় জনতা পাৰ্টি
চামগুৰি তাঞ্জিল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
কালিয়াবৰ কেশৱ মহন্ত অসম গণ পৰিষদ
হোজাই জিলা
বিন্নাকান্দি বদৰুদ্দিন আজমল অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
হোজাই শিলাদিত্য দেৱ ভাৰতীয় জনতা পাৰ্টি
লামডিং শিবু মিশ্ৰ ভাৰতীয় জনতা পাৰ্টি
গোলাঘাট জিলা
বোকাখাত অতুল বৰা অসম গণ পৰিষদ
সৰুপথাৰ বিশ্বজিৎ ফুকন ভাৰতীয় জনতা পাৰ্টি
গোলাঘাট অজন্তা নেওগ ভাৰতীয় জনতা পাৰ্টি
খুমটাই মৃনাল শইকীয়া ভাৰতীয় জনতা পাৰ্টি
দেৰগাঁও মৃদুল কুমাৰ দত্ত ভাৰতীয় জনতা পাৰ্টি
যোৰহাট জিলা
যোৰহাট হিতেন্দ্ৰ নাথ গোস্বামী ভাৰতীয় জনতা পাৰ্টি
তিতাবৰ ভাস্কৰ জ্যোতি বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
মৰিয়নি ৰূপজ্যোতি কুৰ্মী ভাৰতীয় জনতা পাৰ্টি
টিয়ক বিকাশ শইকীয়া অসম গণ পৰিষদ
মাজুলী জিলা
মাজুলী (এচটি) ভুবন গাম ভাৰতীয় জনতা পাৰ্টি
শিৱসাগৰ জিলা
নাজিৰা ময়ুৰ বুঢ়াগোঁহাই ভাৰতীয় জাতীয় কংগ্ৰেছ
ডিমৌ সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টি
শিৱসাগৰ অখিল গগৈ ৰাইজৰ দল
চৰাইদেউ জিলা
মাহমৰা সূৰোজ দিহিঙিয়া ভাৰতীয় জনতা পাৰ্টি
সোণাৰি ধৰ্মেশ্বৰ কোঁৱৰ ভাৰতীয় জনতা পাৰ্টি
লখিমপুৰ জিলা
বিহপুৰীয়া ভূপেন বৰা ভাৰতীয় জনতা পাৰ্টি
নাওবৈচা ড° জয় প্ৰকাশ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰঙানদী ৰিষিৰাজ হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
লখিমপুৰ মানৱ ডেকা ভাৰতীয় জনতা পাৰ্টি
ঢকুৱাখানা (এচটি) নৱ কুমাৰ দলে ভাৰতীয় জনতা পাৰ্টি
ধেমাজি জিলা
ধেমাজি (এছটি) ৰণোজ পেগু ভাৰতীয় জনতা পাৰ্টি
জোনাই (এছটি) ভূৱন পেগু ভাৰতীয় জনতা পাৰ্টি
চিচিবৰগাঁও জীৱন গগৈ ভাৰতীয় জনতা পাৰ্টি
ডিব্ৰুগড় জিলা
মৰাণ চক্ৰধৰ গগৈ ভাৰতীয় জনতা পাৰ্টি
ডিব্ৰুগড় প্ৰশান্ত ফুকন ভাৰতীয় জনতা পাৰ্টি
লাহোৱাল বিনোদ হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
দুলিয়াজান তেৰাশ গোৱালা ভাৰতীয় জনতা পাৰ্টি
টিংখং বিমল বৰা ভাৰতীয় জনতা পাৰ্টি
নাহৰকটীয়া তৰংগ গগৈ ভাৰতীয় জনতা পাৰ্টি
চাবুৱা পোনাকন বৰুৱা অসম গণ পৰিষদ
তিনিচুকীয়া জিলা
তিনিচুকীয়া পুলক গোঁহাই ভাৰতীয় জনতা পাৰ্টি
ডিগবৈ সুৰেন ফুকন ভাৰতীয় জনতা পাৰ্টি
মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা ভাৰতীয় জনতা পাৰ্টি
ডুমডুমা ৰূপেশ গোৱালা ভাৰতীয় জনতা পাৰ্টি
শদিয়া বলিন চেতিয়া ভাৰতীয় জনতা পাৰ্টি
মাকুম সঞ্জয় কিষান ভাৰতীয় জনতা পাৰ্টি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. চন্দ্ৰ কুমাৰ বৰুৱা (১-১৫ মে ২০১২). "অসম বিধানসভাৰ ৭৫ বছৰ". প্ৰান্তিক: ১২, ১৩ পৃঃ.
  2. "অসম বিধানসভাৰ বিভাগীয় ৱেবচাইট". http://assamassembly.gov.in/history.html আহৰণ কৰা হৈছে: May 04, 2012.
  3. "অসম বিধানসভাৰ বিভাগীয় ৱেবচাইট". http://assamassembly.gov.in/history.html আহৰণ কৰা হৈছে: May 04, 2012.
  4. "List of Speakers since 1937". http://assamassembly.gov.in/speaker-list.html আহৰণ কৰা হৈছে: 9 December 2010.
  5. Members of 13th Assembly sworn in - Pranab Gogoi elected Assam Speaker
  6. "List of Deputy Speakers since 1937". 28 August 2021. http://assamassembly.gov.in/dyspeaker-list.html আহৰণ কৰা হৈছে: 4 March 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]