অমিয় কুমাৰ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অমিয় কুমাৰ ভূঞা
পূৰ্বসূৰী দেবানন্দ হাজৰিকা
অসম বিধানসভাৰ সদস্য
সমষ্টি বিহপুৰীয়া
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল বিজেপি
দাম্পত্যসঙ্গী ৰঞ্জনা শইকীয়া
বাসস্থান লখিমপুৰ, অসম

অমিয় কুমাৰ ভূঞা এজন ভাৰতীয় ৰাজনীতিবিদ। [1]তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিহপুৰীয়া (বিধান সভা সমষ্টি)ৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয়।[1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

অমিয় কুমাৰ ভূঞাৰ জন্ম উজনি অসমৰ ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলৰ 'বৰচুক গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম পূৰ্ণকান্ত ভূঞা। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত, ২০০২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।[2] তেখেত সদৌ অসম ছাত্ৰ সন্থা প্ৰাক্তন সাধাৰণ সম্পাদক ৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Dr Amiya Kumar Bhuyan, Assam Assembly Election Results". News18. Retrieved 22 August 2021
  2. Desk, Sentinel Digital (13 March 2021). "Dr. Amiya Bhuyan from Bihpuria: Early Life, Education, Career & Politics - Sentinelassam". www.sentinelassam.com. Retrieved 22 August 2021.