সমললৈ যাওক

ধেমাজি জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধেমাজি জিলা
নিশাৰ ধেমাজি চহৰ
নিশাৰ ধেমাজি চহৰ
অসমত ধেমাজি জিলাৰ অৱস্থান
অসমত ধেমাজি জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য অসম
সদৰ ধেমাজি
কালি
 • মুঠ
৩,২৩৭ বৰ্গকিমি (১,২৫০ বৰ্গমাইল)
জনসংখ্যা
 (2011)
 • মুঠ
৬,৮৮,০৭৭
 • ঘনত্ব ২১০/বৰ্গকিমি (৫৫০/বৰ্গমাইল)

ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা।[1] জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা। ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ। জিলাখন দুটা মহকুমাত ভাগ কৰা হৈছে: ধেমাজি আৰু জোনাই। ধেমাজি নগৰ ধেমাজি জিলাৰ সদৰ। ২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা হৈছে ৫.৭১ লাখ। ইয়াৰে ২.৯৫ জন পুৰুষ আৰু ২.৭৬ গৰাকী মহিলা। সাক্ষৰতাৰ হাৰ ৬৬%। সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১০৪ মিটাৰ। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলো মিটাৰত ১৭৬ জন।[1]

ধেমাজি নামৰ উৎপত্তি

[সম্পাদনা কৰক]

ধেমাজি নামৰ উৎপত্তি সম্পৰ্কে থকা এক মতবাদ অনুসৰি, এই অঞ্চলত থকা এখন নদীয়ে ইয়াৰ গতিপথ সঘনাই সলনি কৰিছিল। ইয়াৰ ফলত অঞ্চলটোৰ বিভিন্ন অংশ আৱৰি অপ্ৰত্যাশিত বানপানী হৈছিল। সেয়েহে নদীখন এক প্ৰকাৰৰ অশুভ আত্মা বুলি বিশ্বাস কৰা হৈছিল। বানপানী আৰু খেল শব্দৰ অসমীয়া সংস্কৰণ হৈছে ক্ৰমে "ধল" আৰু "ধেমালি"। অঞ্চলটোত বানপানী এক চিৰস্থায়ী ঘটনা হৈ পৰাত ঠাইখন বানপানীৰ খেলপথাৰ বুলি কোৱা হৈছিল। এইদৰে "ধল-ধেমালি" শব্দটোৰ পৰা ধল শব্দটি বিলুপ্ত হয় আৰু পিছলৈ "ধেমালি" শব্দটো "ধেমাজি" হিচাপে উচ্চাৰণ কৰা আৰম্ভ হৈছিল।[2]

ইয়াৰোপৰি চুতীয়া সকলে "ধেমাজি" শব্দটো চুতীয়ামূলৰ শব্দ বুলি কয়। দেউৰী-চুতীয়া ভাষাত "দেমা-জি"ৰ অৰ্থ হৈছে "অত্যধিক পানী"[3]‌ আৰু‌ এই‌ শব্দৰ পৰাই "ধেমাজি" নামটো সৃষ্টি হৈছিল বুলি ক'ব খোজে। প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি" নামৰ উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা বাবে, সেইসময়ৰ লোকসকলে ইয়াক কোনো অশুভ শক্তিৰ দ্বাৰা প্ৰভাৱিত বুলি ভাবিছিল। এইদৰে সঘনাই হোৱা বানপানী আৰু নদীয়ে সূঁতি সলোৱা বাবে লোকসকলে বানপানী অৰ্থাৎ "দেমা-জি" নাম দিলে।

চুতীয়া ৰাজ্যৰ যুগ

[সম্পাদনা কৰক]
ধেমাজি জিলাৰ ৰুক্মিণীগড়ৰ ধ্বংসাৱশেষ। স্থানটোত পুৰণি ইটাৰে নিৰ্মিত গাঁথনিৰ অৱশেষ পোৱা যায়।

মধ্যযুগত বৰ্তমানৰ ধেমাজি জিলাৰ ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। চুতীয়া ৰাজ্যৰ অধিকাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ বিস্তীৰ্ণ অঞ্চলজুৰি পশ্চিমে বৰ্তমানৰ বিশ্বনাথ জিলালৈকে বিস্তৃত আছিল। সৃষ্টিধৰ দত্তই উল্লেখ কৰা ঐতিহাসিক ব্যাখ্যা অনুসৰি, চুতীয়া ৰাজ্যৰ উত্তৰ সীমা হিমালয় পৰ্বতমালা, দক্ষিণ সীমা বুঢ়ীদিহিং নদী, পূব সীমা পাটকাই পৰ্বতমালা আৰু পশ্চিম সীমা ভৰালী নদী আছিল। জাহ্নৱী গগৈৰ মতে, চুতীয়া ৰাজ্যৰ ভূখণ্ডই বৰ্তমানৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কিছু অংশ সামৰি লৈছিল।[4][5] চুতীয়া ৰাজবংশৰ পৰম্পৰাগত বিৱৰণ অনুসৰি, বীৰপাল নামৰ এজন চুতীয়া মুখীয়ালে ধেমাজি জিলাৰ সোৱণশিৰি নদীৰ পাৰৰ সোনাগিৰিত নিজৰ ৰাজধানী স্থাপন কৰিছিল। বীৰপালৰ দদায়েক ভদ্ৰসেনৰ ৰাজ্য বৰ্তমানৰ দক্ষিণ ধেমাজি আৰু লখিমপুৰ জিলাৰ কিছু অংশত বিস্তৃত আছিল। পৰম্পৰা অনুসৰি, ত্ৰয়োদশ শতিকাত বীৰপালৰ পুত্ৰ ৰত্নধ্বজপালে ভদ্ৰসেনক পৰাস্ত কৰি বৰ্তমানৰ মাজুলী অঞ্চলত ৰতনপুৰ নামৰ এখন নগৰ স্থাপন কৰিছিল আৰু তাক নিজৰ ৰাজধানী কৰিছিল। এই ঘটনাসমূহৰ সঠিক কাল নিৰ্ধাৰণ আৰু ঐতিহাসিক সত্যতা পৃথকভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

ধেমাজি আৰু ইয়াৰ সংলগ্ন পাহাৰ-পাদদেশীয় অঞ্চলত চুতীয়া যুগৰ সৈতে সম্পৰ্কিত কেইবাটাও প্ৰত্নতাত্ত্বিক আৰু ধৰ্মীয় স্থান আছে। এইবোৰৰ ভিতৰত মালিনী থান, গৰখীয়া থান, বৰদলনি থান, ৰাজাখানা অঞ্চলৰ প্ৰাচীন ধ্বংসাৱশেষ আৰু পুখুৰী উল্লেখযোগ্য।[6][7][8] ইয়াৰ উপৰি ধেমাজিৰ ৰুক্মিণীগড়ত পুৰণি ইটাৰে নিৰ্মিত গাঁথনিৰ ধ্বংসাৱশেষ পোৱা যায়, যাক চুতীয়া যুগৰ সৈতে সম্পৰ্কিত কৰা হৈছে।

আহোম শাসন

[সম্পাদনা কৰক]

ষোড়শ শতিকাৰ আৰম্ভণিতে চুতীয়া–আহোম সংঘাতৰ ফলত অঞ্চলটোৰ ৰাজনৈতিক অধিকাৰৰ পৰিৱৰ্তন ঘটে। ১৫২৩–২৪ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুংৰ চুতীয়া ৰাজ্য বিজয়ৰ পিছত ধেমাজি অঞ্চল আহোম শাসনৰ অন্তৰ্ভুক্ত হয়। ধেমাজি জিলা প্ৰশাসনৰ ঐতিহাসিক বিৱৰণ অনুসৰি, ১৫২৩ খ্ৰীষ্টাব্দত চুহুংমুঙৰ আক্ৰমণত চুতীয়া ৰজা নীতিপাল নিহত হৈছিল।[9] চুতীয়া ৰাজ্য অধিকাৰ কৰাৰ পিছত আহোমসকলে নতুনকৈ অধিকৃত অঞ্চলসমূহৰ প্ৰশাসনৰ বাবে কেইবাটাও নতুন পদ সৃষ্টি কৰে। ইয়াৰ ভিতৰত ধেমাজিৰ দক্ষিণফালৰ হাবুং অঞ্চলত ভটিয়লীয়া গোহাঁই আৰু উত্তৰ ধেমাজি তথা শদিয়া সীমান্ত অঞ্চলৰ বাবে শদিয়াখোৱা গোহাঁই পদ উল্লেখযোগ্য।[10]

মিৰি জনগোষ্ঠী আৰু আহোম শাসনৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]

ধেমাজি আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সীমান্তৱৰ্তী অঞ্চলত ঐতিহাসিকভাৱে মিৰি বা মিচিং জনগোষ্ঠীৰ এক বৃহৎ জনসমষ্টি বাস কৰিছিল। চুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্বকালত পূৰ্বৰ চুতীয়া ৰাজ্যৰ অঞ্চলসমূহত বসবাস কৰা কিছুমান মিৰি গোটক আহোমসকলে চুতীয়া মিৰি নামেৰে অভিহিত কৰিছিল বুলি লক্ষ্মী দেৱীয়ে উল্লেখ কৰিছে।[11] আহোম ৰাজ্যই পাহাৰীয়া মিৰিসকলৰ সৈতে সম্পৰ্ক পৰিচালনা কৰাৰ বাবে পচা নামৰ এটা ব্যৱস্থা প্ৰচলন কৰিছিল। লক্ষ্মী দেৱীয়ে আলেকজেণ্ডাৰ মেকেঞ্জিৰ বিৱৰণৰ ভিত্তিত উল্লেখ কৰিছে যে বৰদলনি, চিচি আৰু ধেমাজিৰ খেতিপথাৰৰ ওপৰত প্ৰভাৱ থকা পাহাৰীয়া মিৰিসকলে পচা সংগ্ৰহ কৰাৰ এক স্বীকৃত অধিকাৰ লাভ কৰিছিল। এই অধিকাৰ আহোম চৰকাৰেও স্বীকাৰ কৰিছিল।[12][13]

চুতীয়া–মিৰি সংঘাত

[সম্পাদনা কৰক]

আহোম ৰজা উদয়াদিত্য সিংহৰ ৰাজত্বকালত ধেমাজি অঞ্চলৰ চুতীয়া আৰু মিৰিসকলৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল। আহোম বুৰঞ্জীৰ বিৱৰণ অনুসৰি, চুতীয়াসকলৰ এটা দলে মিৰিসকলৰ ডিমৌ আৰু ৰূপীয়া নামৰ দুখন গাঁৱত আক্ৰমণ চলাই কেইবাজনো বাসিন্দাক হত্যা কৰিছিল। এই স্থানসমূহক সম্ভৱতঃ বৰ্তমানৰ ধেমাজি জিলাৰ ডিমৌ আৰু ইয়াৰ ওচৰৰ ৰূপহী অঞ্চলৰ সৈতে চিনাক্ত কৰিব পাৰি। আক্ৰমণকাৰীসকলে আহোম ৰজালৈ কৰ হিচাপে দিবলগীয়া মাৰ নাওসমূহো কাঢ়ি লৈ গৈছিল।[14][15]

উদয়াদিত্য সিংহৰ পিছত ৰামধ্বজ সিংহৰ ৰাজত্বকালতো এই সংঘাত অব্যাহত আছিল। আহোম বিষয়াসকলে মিৰি মধ্যস্থতাকাৰীসকলৰ জৰিয়তে আৰু তিনিমুখীয়া অঞ্চলৰ পৰা অভিযান পৰিচালনা কৰিছিল। সেই সময়ত শদিয়াখোৱা গোহাঁই আৰু মৰঙিখোৱা গোহাঁইক চেঁচা নদীৰ মুখত প্ৰতিৰক্ষামূলক গড় নিৰ্মাণ কৰিবলৈ আদেশ দিয়া হৈছিল। আনহাতে, তিনিমুখীয়াৰ পৰা আহোম বিষয়াসকলে নাৱেৰে দিহাং নদীৰ পথেৰে চুতীয়া বসতিসমূহৰ ফালে যাত্ৰা কৰিছিল। সেই অঞ্চলৰ কিছুমান চুতীয়া লোক মিৰি গাঁওসমূহত সমবেত হৈছিল অথবা আশ্ৰয় লৈছিল বুলি বুৰঞ্জীখনত উল্লেখ আছে।[15] আহোম বুৰঞ্জীৰ মতে, এই সংঘাতৰ পিছত অঞ্চলটোৰ চুতীয়াসকলক আহোম ৰজাৰ সাৰ্বভৌম অধিকাৰ স্বীকাৰ কৰিবলৈ আৰু হাতীৰ দাঁত, বনৰীয়া গৰু, শিকাৰদাও, জিন কাপোৰ আৰু মহিলা দাসী কৰ হিচাপে যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। বুৰঞ্জীৰ বিৱৰণ অনুসৰি, এই দাবী মানি লোৱাৰ পিছত সংশ্লিষ্ট চুতীয়া গোটসমূহৰ ওপৰত আহোম ৰজাৰ কৰ প্ৰদানৰ বাধ্যবাধকতা প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠিত হয়।[15][14]

ঔপনিৱেশিক যুগ

[সম্পাদনা কৰক]

ব্ৰিটিছ শাসনকালত বৰ্তমানৰ ধেমাজি জিলা বৃহত্তৰ লখিমপুৰ জিলাৰ অন্তৰ্ভুক্ত আছিল। ঊনবিংশ শতিকাৰ ব্ৰিটিছ বিৱৰণসমূহত চিচি আৰু ধেমাজি মৌজাৰ উত্তৰফালৰ পাহাৰীয়া অঞ্চলক হিল মিৰি বা পাহাৰীয়া মিৰিসকলৰ দেশ হিচাপে উল্লেখ কৰা হৈছিল। এই সময়তো পাহাৰীয়া মিৰিসকলৰ পচা সম্পৰ্কীয় অধিকাৰ বৰদলনি, চিচি আৰু ধেমাজিৰ খেতিপথাৰৰ সৈতে জড়িত আছিল।[16]

ধেমাজি জিলা গঠন

[সম্পাদনা কৰক]
ধেমাজি চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ-আস্থানত থকা ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ মূৰ্তি

বৰ্তমানৰ ধেমাজি অঞ্চল প্ৰথমতে ডিব্ৰুগড়ত প্ৰশাসনিক সদৰ থকা অবিভক্ত লক্ষীমপুৰ জিলাৰ অন্তৰ্গত আছিল। ১৯৭১ চনত অবিভক্ত লক্ষীমপুৰ জিলাক পুনৰ্গঠন কৰি ডিব্ৰুগড় আৰু লক্ষীমপুৰ জিলা পৃথক কৰাৰ পিছত ধেমাজিক লক্ষীমপুৰ জিলাৰ এটা মহকুমা হিচাপে ঘোষণা কৰা হয়। সেই সময়ৰ ধেমাজি মহকুমাত বৰ্তমানৰ জোনাই আৰু ঢকুৱাখনা অঞ্চলসমূহো অন্তৰ্ভুক্ত আছিল।[9]

১৯৮৯ চনত লক্ষীমপুৰ জিলাৰ পৰা ধেমাজি পৃথক কৰি নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ ঐতিহাসিক বিৱৰণত ১৪ আগষ্ট আৰু ১ অক্টোবৰ ১৯৮৯ তাৰিখ দুটাৰ উল্লেখ আছে।[9] অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ২৯ ছেপ্টেম্বৰ ১৯৮৯ তাৰিখে জাৰি কৰা GAG(B)370/87/101 নম্বৰৰ অধিসূচনা অনুসৰি, লক্ষীমপুৰ জিলাৰ পৰা পৃথক কৰি ধেমাজি নামৰ নতুন প্ৰশাসনিক জিলা গঠনৰ অনুমোদন দিয়া হয়। অধিসূচনাখনত ধেমাজি নগৰক জিলাখনৰ অস্থায়ী সদৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল আৰু জিলা গঠনৰ আদেশ ১ অক্টোবৰ ১৯৮৯ৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰা হৈছিল।[17][টোকা 1] নতুন ধেমাজি জিলাত জোনাই মহকুমাৰ সমগ্ৰ অঞ্চল আৰু পূৰ্বৰ ধেমাজি মহকুমাৰ অধিকাংশ অঞ্চল অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পৰা ঢকুৱাখনা আৰক্ষী থানাৰ অধীনৰ ঢকুৱাখনা, পূব ঢকুৱাখনা আৰু খেৰকটা–দাংধৰা গাঁও পঞ্চায়তৰ অঞ্চল, ঘিলামৰা মৌজা, গোহাঁই মৌজাৰ দক্ষিণ গোহাঁই গাঁও পঞ্চায়ত আৰু মাছখোৱা মৌজাৰ কিছুমান নিৰ্দিষ্ট অঞ্চল বাদ দিয়া হৈছিল। এই বাদ পৰা অঞ্চলসমূহ পূৰ্বৰ লক্ষীমপুৰ জিলাতেই থাকি যায়।[17]

পূৰ্বৰ অসমীয়া বিৱৰণ অনুসৰি, এই পুনৰ্গঠনৰ সময়ত মাছখোৱা মৌজাৰ একাংশ, বৰদলনি মৌজা আৰু জোনাই মহকুমাৰ অন্তৰ্ভুক্তিৰে নতুন জিলাখনৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। জিলা সদৰৰ স্থানক লৈ চিলাপথাৰ আৰু ধেমাজি নগৰৰ মাজত মতভেদৰ সৃষ্টি হৈছিল যদিও অৱশেষত ধেমাজি নগৰক নতুন জিলাখনৰ সদৰ হিচাপে নিৰ্বাচন কৰা হয়। ১ অক্টোবৰ ১৯৮৯ৰ পৰা ধেমাজি নগৰক সদৰ হিচাপে লৈ নতুন জিলাখনৰ প্ৰশাসন কাৰ্যকৰী হয়।[17][19]

ভৌগোলিক অৱস্থিতি

[সম্পাদনা কৰক]

ধেমাজি জিলাৰ ভৌগোলিক বিস্তৃতি ৯৪° ১২' ১৮'' ডিগ্ৰী পূৱৰ পৰা ৯৫° ৪১' ৩২'' ডিগ্ৰী পূৱ আৰু ২৭° ০৫' ২৭'' ডিগ্ৰী উত্তৰৰ পৰা ২৭° ৫৭' ১৬'' ডিগ্ৰী উত্তৰলৈ। জিলা সদৰ ধেমাজি নগৰৰ ভৌগোলিক স্থানাংক ২৭.৪৮ উত্তৰ ৯৪.৫৮ পূৱ। সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১০৪ মিটাৰ। মাটিকালি প্ৰায় ৩২৩৭ বৰ্গ কিঃমিঃ (১২৫০ বৰ্গ মাইল)।[20]

প্ৰশাসনিক বিভাজন

[সম্পাদনা কৰক]

ধেমাজি জিলা জোনাই বিধানসভা সমষ্টি আৰু ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত।[21] এই দুয়োটা সমষ্টি অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।[22][21] এই দুয়োটা বিধানসভা সমষ্টি লক্ষিমপুৰ (লোকসভা সমষ্টি)ৰ অংশ।[23]

জিলা অসামৰিক প্ৰশাসন

জিলা উপায়ুক্ত : পি বিজয় ভাস্কৰ ৰেডী, আই. এ. এছ

মহকুমা

প্ৰশাসনিক দিশৰ পৰা ধেমাজি জিলাক দুটা মহকুমাত ভাগ কৰা হৈছে : ধেমাজি আৰু জোনাই।[22]

আৰক্ষী প্ৰশাসন

আৰক্ষী অধীক্ষক : ৰঞ্জন ভূঞা, এ.পি.এছ.

আৰক্ষী থানা

ধেমাজি সদৰ আৰক্ষী থানা, গোগামুখ আৰক্ষী থানা, গেৰুকামুখ আৰক্ষী থানা, চিলাপথাৰ আৰক্ষী থানা, চিমেন চাপৰি আৰক্ষী থানা, চেঙাজান আৰক্ষী থানা, জোনাই আৰক্ষী থানা

আৰক্ষী চকী

বৰদলনি আৰক্ষী চকী, মাছখোৱা আৰক্ষী চকী, লিকাবালি আৰক্ষী চকী, ডিমৌ তহলদাৰী আৰক্ষী চকী, চিচিবৰ গাঁও আৰক্ষী চকী, লাইমেকুৰী তহলদাৰী আৰক্ষী চকী

অৰ্থনীতি

[সম্পাদনা কৰক]

ধেমাজি জিলাৰ জনসাধাৰণৰ প্ৰধান জীৱিকা হৈছে কৃষি। জিলাখনৰ মুঠ কৰ্মৰত জনসংখ্যাৰ প্ৰায় ৫৯ শতাংশ কৃষিকাৰ্যৰ সৈতে জড়িত। ধান ইয়াৰ প্ৰধান কৃষিজাত শস্য। ২০০১–০২ চনৰ তথ্য অনুসৰি, জিলাখনত প্ৰায় ৬৯,২৯০ হেক্টৰ ভূমিত গ্ৰীষ্মকালীন, শৰৎকালীন আৰু শীতকালীন ধানৰ খেতি কৰা হৈছিল, যি মুঠ শস্য খেতি কৰা মাটিকালিৰ প্ৰায় ৫৫ শতাংশ। সৰিয়হ জিলাখনৰ প্ৰধান তৈলবীজ শস্য। ইয়াৰ উপৰি আলু আৰু বিভিন্ন মাহজাতীয় শস্যৰ খেতিও কৰা হয়। ফল-মূল আৰু শাক-পাচলিৰ খেতি মধ্যমীয়া পৰিসৰত প্ৰচলিত। গাহৰি পালন, দুগ্ধ উৎপাদন আৰু ছাগলী পালন জিলাখনৰ কৃষিৰ সৈতে জড়িত প্ৰধান আনুষংগিক বৃত্তিসমূহৰ অন্যতম।

কৃষি আৰু আনুষংগিক বৃত্তিৰ উপৰি জিলাখনত ৰেচম শিল্প, বিশেষকৈ মুগা পলু পালনৰ প্ৰসাৰ ঘটিছে। অৱশ্যে জিলাখনত ঔদ্যোগিক কাৰ্যকলাপ বিশেষভাৱে বিকশিত হোৱা নাই আৰু কোনো বৃহৎ উদ্যোগ নাই। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) অধীনত প্ৰায় ২৪৮টা ক্ষুদ্ৰ উদ্যোগ (SSI) পঞ্জীয়নভুক্ত হৈ আছে।[1][24]

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি ধেমাজি জিলাৰ মুঠ জনসংখ্যা ৫,৭১,৯৪৪ জন (পুৰুষ ২,৯৪,৬৪৩ আৰু মহিলা ২,৭৭,৩০১)।[25] লিংগ অনুপাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে ৯৩৬ গৰাকী মহিলা। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলো মিটাৰত ১৭৬ জন।[25][26] মুঠ জনসংখ্যাৰ ৪৭.২৭% আৰু ৫.৩৩% ক্ৰমে অনুসূচীত জনজাতি আৰু অনুসূচীত জাতি শ্ৰেণীৰ অন্তৰ্ভুক্ত।[26]

ধেমাজি এক গ্ৰাম্য প্ৰধান জিলা। জিলাখনৰ নগৰীয়া জনসংখ্যা মুঠ জনসংখ্যাৰ মুঠেই ১.৮৫%। সমগ্ৰ ধেমাজি জিলা অঞ্চল চুতীয়া, মিচিং, সোণোৱাল কছাৰী, দেউৰী, আদি জনগোষ্ঠীৰ থলুৱা বসতিস্থল আছিল। বিভিন্ন সময়ত আহোম, ৰাভা, তাই-খামতি, কোঁচ, কেওঁট (কৈৱৰ্ত), ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি গোষ্ঠীৰ এই অঞ্চললৈ প্ৰব্ৰজন ঘটে।[9] ১৯৭১ চনৰ পৰা ১৯৯১ চনলৈকে এই দুই দশকৰ ভিতৰত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ১০৪.৪৮% হাৰত জিলাখনৰ অন্তৰ্ভুক্ত অঞ্চলৰ জনসংখ্যা বৃদ্ধি পায়। এই সময়চোৱাত ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ পৰা ইয়ালৈ নতুন কৃষিভূমি বিচাৰি পাম খাবলৈ অহা লোকৰ তীব্ৰ হাৰত প্ৰব্ৰজন ঘটিছিল। সামগ্ৰিকভাৱে জিলাখনৰ বছৰেকীয়া জনসংখ্যা বৃদ্ধিৰ হাৰ ৫.২২% (ৰাজ্যিক গড় ২.৬২%)।[25] জিলাখনৰ জনসংখ্যাৰ এক বৃহৎ অংশ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই সকল হৈছে আহোম, চুতীয়া, কোঁচ, ইত্যাদি। অনুসূচীত জনজাতি বিলাকৰ ভিতৰত মিচিং, সোণোৱাল কছাৰী, বড়ো, দেউৰী, তিৱা/লালুং , হাজং আদিয়েই প্ৰধান। কৈৱৰ্ত সম্প্ৰদায় এই জিলাৰ মূল অনুসূচীত জাতি। নগণ্য সংখ্যক (প্ৰাক্তন) চাহ শ্ৰমিক সমুদায়ৰ লোকো এই জিলাত আছে।[25]

ধৰ্ম

হিন্দু ধৰ্ম প্ৰধান ধৰ্ম। সীমিত পৰিমাণে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰও প্ৰচলন আছে। এই জিলাত সাম্প্ৰদায়িক হিংসাৰ তথ্য প্ৰায় নাই বুলিব পাৰি।[25]

ভাষা

অসমীয়া হ'ল প্ৰধান আৰু সাধাৰণ ভাৱে ব্যৱহৃত ভাষা। ইয়াৰ উপৰিও ধেমাজি জিলাত মিচিং, বড়ো আৰু বাংলা ভাষা ঘৰুৱাভাৱে ব্যৱহাৰ হয়।

জিলাখনৰ সাক্ষৰতাৰ হাৰ ২০১১ চনৰ লোকপিয়ল মতে ৭২.৭০%। মহিলা সাক্ষৰতাৰ হাৰ ৬৫.২১%।
নিন্ম, উচ্চ প্ৰাথমিক, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় পৰ্যায়ৰ উল্লেখনীয় শিক্ষানু্ষ্ঠানঃ

  • চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৫২, চিচিবৰগাঁও
  • ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়, মাধ্যমঃ অসমীয়া, ঠিকনাঃ ভৈৰৱপুৰ, চিলাপথাৰ, স্থাপিতঃ ১৯৭৫
  • মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাধ্যমঃ অসমীয়া, ঠিকনাঃ মাছখোৱা, ধেমাজী
  • ধেমাজি মহাবিদ্যালয়, ঠিকনাঃ ধেমাজি, স্থাপিতঃ ১৯৬৫
  • ধেমাজি বাণিজ্য মহাবিদ্যালয়, ঠিকনাঃ ধেমাজি, স্থাপিতঃ ১৯৮২
  • ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়, স্থাপিতঃ ২০২০
  • ইউনাইটেড ট্ৰাইবেল হাইস্কুল, স্থাপিতঃ ১৯৮১
  • চিচিবৰগাঁও জেষ্ঠ মাধ্যমিক বিদ্যালয়(পূৰ্বৰ নাম-চিচিবৰগাঁও জুনিয়ৰ কলেজ)চিচিবৰগাঁও,স্থাপিত-১৯৯২
  • চিচিবৰ গাঁও মহাবিদ্যালয়,চিচিবৰগাঁও
  • মৰিধল মহাবিদ্যালয়, মৰিধল,ধেমাজি ,স্থাপিত - ১৯৮৮
  • কাইটং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, কাইটং,ধেমাজি, স্থাপিত - ১৯৭৩

ধেমাজি জিলাত মুঠ ৪৩.৭৫ কিঃমিঃ ৰাজ্যিক PWD আৰু ১৪১ কিঃমিঃ পথ ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত। Boarder Roads Organisation-এ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো তদাৰক কৰে।[27]

পথ

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজি জিলাৰ দীঘে দীঘে ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় সোঁমাজেৰে পাৰ হৈছে।[27] ইয়াকে আলম কৰি ধেমাজি জিলাৰ নগৰ সমূহ (পশ্চিমৰ পৰা পূৱলৈ ক্ৰমে) গোগামুখ, ধেমাজি, চিলাপথাৰ আৰু জোনাই গঢ়ি উঠিছে।

ৰেলপথ

ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰায় সমান্তৰাল ভাৱে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত উত্তৰ ৰঙাপাৰা-মূৰ্কংচেলেক ব্ৰড গজ শাখাৰ এক একাকী ৰেলপথ আছে। জোনাইৰ সমীপৰ মূৰ্কংচেলেক এই শাখাৰ অন্তিম ৰেল আস্থান।

জলপথ

ধেমাজি জিলাৰ কাৰেং ঘাট, মাজৰ বাৰী ঘাট, উৰিয়াম ঘাটৰ পৰা ডিব্ৰুগড় জিলালৈ নিয়মীয়াকৈ ফেৰী চলাচল কৰে।[27]

ধেমাজিৰ উল্লেখযোগ্য ঠাই

[সম্পাদনা কৰক]
  • গেৰুকামুখ: ধেমাজি জিলা সদৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত। ধেমাজি, লখিমপুৰ আৰু গুৱাহাটীৰ পৰা ইয়ালৈ নিয়মীয়া যাতায়াতৰ সুবিধা আছে। ইয়াত ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ সোৱণশিৰি নদী পাহাৰৰ পৰা নামি সমতলভূমিত প্ৰৱেশ কৰিছে। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যই ইয়াক বনভোজ আৰু বৰশীৰে মাছ ধৰাৰ বাবে উপযোগী কৰি তুলিছে। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমে (NHPC) ইয়াত এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণৰ কাম হাতত লৈছিল।
  • মালিনী থান: ধেমাজি নগৰৰ পৰা প্ৰায় ৪২ কিলোমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত এক প্ৰাচীন ধৰ্মীয় আৰু প্ৰত্নতাত্ত্বিক স্থান। ইয়াত অতীজৰে পৰা মালিনী দেৱীৰ পূজা-অৰ্চনা চলি আহিছে। স্থানটোত খননকাৰ্যৰ ফলত বহুতো ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ হৈছে।
  • ঘুগুহা দৌল: ধেমাজি নগৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত।
  • মা মণিপুৰী থান: ধেমাজি নগৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত এক ধৰ্মীয় স্থান।
  • ৰাজগড়: ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ অন্তৰ্গত এক ঐতিহাসিক স্থান।
  • গৰখীয়া থান: ধেমাজি নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত গোহাঁই মৌজাৰ অন্তৰ্গত অৱস্থিত এক ধৰ্মীয় স্থান।
  • ৰাজগড় আলি: ধেমাজি নগৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত অৱস্থিত এক ঐতিহাসিক পথ। কোচ ৰাজত্বকালত ৰাজকোঁৱৰ গোহাঁই কমলে এই পথটো নিৰ্মাণ কৰাইছিল বুলি উল্লেখ পোৱা যায়।[28]

প্ৰাকৃতিক দুৰ্যোগ

[সম্পাদনা কৰক]

পূৱ-হিমালয়ৰ পাদদেশত অৱস্থিত এই জিলাখনক অতিশয় ভূকম্পনপ্ৰৱণ অঞ্চল হিচাপে গন্য কৰা হয়। দেশৰ ভিতৰতে অন্যতম বানপানী প্ৰৱণ জিলা হিচাপে দুৰ্নাম থকা জিলাখনৰ বহু অঞ্চল বছৰটোৰ বাৰিষাৰ মাহ কেইটাত প্ৰায়েই ৰাজ্যৰ অন্য অংশৰ পৰা বিচ্ছিন্ন হৈ থাকে। সকলৰ অকৰ্মণ্যতা তথা স্থানীয় স্তৰত বিৰাজ কৰা প্ৰশাসনিক দুৰ্নীতিৰ ফলশ্ৰুতিত জিলাখনত সঘনাই হোৱা বানপানী আৰু বাটপথৰ অৱস্থা তেনেই শোচনীয় হোৱাৰ মুল কাৰণ বুলি ক’ব পাৰি। [1]

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]
  1. ↑ ইংৰাজী ৱিকিপিডিয়াৰ পূৰ্বৰ বিৱৰণ আৰু কিছুমান পৰৱৰ্তী প্ৰকাশন অনুসৰি, ১৪ অক্টোবৰ ১৯৮৯ত ধেমাজি জিলা গঠন হোৱা বুলি উল্লেখ আছে। অৱশ্যে অসম চৰকাৰৰ মূল অধিসূচনাত ১ অক্টোবৰ ১৯৮৯ৰ পৰা নতুন জিলাখনৰ গঠন কাৰ্যকৰী হোৱাৰ কথা স্পষ্টকৈ উল্লেখ আছে।[17][18]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Dhemaji at a glance". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/ataglance.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
  2. ↑ "ধেমাজি জিলাৰ ইতিহাস". অসম চৰকাৰ. https://dhemaji.gov.in/about-us/history। আহৰণ কৰা হৈছে: 8 মে' 2022.
  3. ↑ Brown, W.B. An Outline of the Deori-Chutia language. Assam secretariat printing office,1895, p. 70.
  4. ↑ Dutta, Sristidhar (1985). The Mataks and their Kingdom. প্ৰকাশক Allahabad: Chugh Publications. পৃষ্ঠা. 28. "The Chutiya kingdom was bound by the Himalayas on the north, river Burhi Dihing on the south, Patkai ranges on the east and Bharali river in the west. Robinson and following him, N. N. Acharya, are of the opinion that the Chutia kingdom extended up to Viswanath in the present Darrang district of Assam."
  5. ↑ Gogoi, Jahnavi (2002). Agrarian System of Medieval Assam. প্ৰকাশক New Delhi: Concept Publishing Company. পৃষ্ঠা. 20–21. "Thus, the Chutiya territory extended over almost the entire region of the present districts of Lakhimpur, Dhemaji, Tinsukia, and parts of Dibrugarh."
  6. ↑ Sarma, P. C. (2020). "Chutiya Architecture". A Study of the Temple Architecture of Assam from the Gupta Period to the End of the Ahom Rule (PhD thesis). প্ৰকাশক Guwahati: Gauhati University. p. 205. https://shodhganga.inflibnet.ac.in/jspui/bitstream/10603/67102/11/11_chapter%203.pdf. "Kings of the Chutiya Kingdom in the 13th-14th Century built the Malinithan temple."
  7. ↑ "Garakhia Than". Directorate of Archaeology, Government of Assam. https://archaeology.assam.gov.in/sites/default/files/4/menu/schemes/Scheme-Development%20of%20%20Archaeological%20sites%20and%20monuments%20of%20assam%20annual%20plan%202016-17-1.pdf.
  8. ↑ Baruah, Swarnalata (2007). Chutia Jatir Buranji. পৃষ্ঠা. 439.
  9. 1 2 3 4 "History". Dhemaji District Administration, Government of Assam. https://dhemaji.assam.gov.in/about-us/history.
  10. ↑ Bhuyan, Suryya Kumar, ed (1932). "30". Deodhai Asam Buranji: With Several Shorter Chronicles of Assam. Department of Historical and Antiquarian Studies, Assam.
  11. ↑ Devi, Lakshmi (1968). Ahom-Tribal Relations: A Political Study. প্ৰকাশক Gauhati. পৃষ্ঠা. 202.
  12. ↑ Devi, Lakshmi (1968). Ahom-Tribal Relations: A Political Study. প্ৰকাশক Gauhati. পৃষ্ঠা. 158.
  13. ↑ Mackenzie, Alexander (1884). History of the Relations of the Government with the Hill Tribes of the North-East Frontier of Bengal. প্ৰকাশক Calcutta: Government of India. পৃষ্ঠা. 34.
  14. 1 2 Devi, Lakshmi (1968). Ahom-Tribal Relations: A Political Study. প্ৰকাশক Gauhati. পৃষ্ঠা. 70–72.
  15. 1 2 3 Barua, Golap Chandra (1930). Ahom-Buranji (with Parallel English Translation): From the Earliest Time to the End of Ahom Rule. প্ৰকাশক Calcutta: Assam Administration. পৃষ্ঠা. 224–230.
  16. ↑ Mackenzie, Alexander (1884). History of the Relations of the Government with the Hill Tribes of the North-East Frontier of Bengal. প্ৰকাশক Calcutta: Government of India. পৃষ্ঠা. 33–34.
  17. 1 2 3 4 "The Assam Gazette, Extraordinary, 31 October 1989". Government of Assam, General Administration Department. 31 October 1989. পৃষ্ঠাসমূহ: 1287–1288. https://gad.assam.gov.in/sites/default/files/public_utility/PUC0116_0004_merged-compressed.pdf.
  18. ↑ Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 11 October 2011.
  19. ↑ "History". Dhemaji District Administration, Government of Assam. https://dhemaji.assam.gov.in/about-us/history.
  20. ↑ "Geography of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/geography.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
  21. 1 2 "List of Assembly Constituencies showing their Revenue & Election District wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011.
  22. 1 2 "administration of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/admin.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
  23. ↑ "List of Assembly Constituencies showing their Parliamentary Constituencies wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.2%20-%20PC-wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011.
  24. ↑ "Economy of Dhemaji District". NIC, Dhemaji District Unit. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/economy.htm। আহৰণ কৰা হৈছে: 16 August 2013.
  25. 1 2 3 4 5 "demography of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/demography.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
  26. 1 2 "Population (2001 Census) of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/population.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
  27. 1 2 3 "communication of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/communication.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
  28. ↑ "Places with Tourism Interest of Dhemaji District". NIC, Dhemaji District Unit. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/tourism.htm। আহৰণ কৰা হৈছে: 16 August 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]