নামনি সোৱণশিৰি জিলা
নামনি সোৱণশিৰি জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত নামনি সোৱণশিৰিৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | জিৰ’ |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | য়াচুলি, জিৰ’-হাপ’লি |
মাটিকালি | |
- মুঠ | ৩,৪৬০ কি.মি.২ (১,৩৩৫.৯ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮২,৮৩৯ জন |
- জনঘনত্ব | ২৩.৯ প্ৰতি বৰ্গ কি.মি. (৬২ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৬.৩%[1] |
- লিংগ অনুপাত | ৯৭৫[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27°48′N 93°36′E / 27.8°N 93.6°Eস্থানাংক: 27°48′N 93°36′E / 27.8°N 93.6°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
নামনি সোৱণশিৰি জিলা (Lower Subansiri district, Pron:/su:bənˈsɪɹi/) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ জিলাখনৰ সদৰ ঠাই হৈছে জিৰ’ নগৰ৷ এই জিলাৰ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি আৰু আপাতানি জনজাতিৰ৷
ইতিহাস[সম্পাদনা কৰক]
নামনি সোৱণশিৰি জিলা ১৯৮৭ চনত পূৰ্বৰ সোৱণশিৰি জিলাক উজনি আৰু নামনি অংশ পৃথক কৰি সৃষ্টি কৰা হৈছিল৷[2]
এই জিলাৰ ইতিহাসত চুতীয়া সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য ভূমিকা আছে৷ জিলাখন বাৰশ শতিকাত চুতীয়া ৰজা বীৰপালৰ অধীনলৈ আহে, ১৯৯৯ চনত এই জিলাৰ একাংশ পৃথক কৰি পাপুমপাৰে জিলা গঠন কৰা হয়৷[2] ইয়াৰ পিছতে ২০০১ চনৰ এক এপ্ৰিলৰ দিনা পুনৰ একাংশ লৈ কুৰুং কুমেই জিলা গঠন হয়৷[2]
২০১৭ চনত নামনি সোৱণশিৰি জিলাৰে ৰাগা, দলুংমুখ আৰু কুম্পিৰিজ’ চাৰ্কোলক লৈ অন্য এখন নতুন জিলা কামলে জিলা (Kamle district) নামেৰে গঠন কৰাৰ সিদ্ধান্ত কৰা হয়৷[3]
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
নামনি সোৱণশিৰি জিলাৰ সদৰ ঠাই জিৰ’ নগৰ৷ এই জিলাখনৰ মুঠ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ৷ জিলাখনৰ উত্তৰে উজনি সোৱণশিৰি জিলা, দক্ষিণে পাপুমপাৰে জিলা, পূবে পশ্চিম ছিয়াং জিলা আৰু উজনি সোৱণশিৰি জিলাৰ কিছু অংশ আৰু পশ্চিমে পূব কামেং জিলা অৱস্থিত৷
প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]
নামনি সোৱণশিৰি জিলাৰ প্ৰশাসনিক বৃত্ত ছটা হৈছে- জিৰ’, য়াচুলি (Yachuli), পিষ্টানা (Pistana), ৰাগা ( Raga), কম্প’ৰিজ’ (Kamporijo) আৰু দলুংমুখ (Dollungmukh)৷ জিলাখনত আকৌ তিনিটা ব্লকত বিভক্ত- জিৰ-প্ৰথম, জিৰ’-দ্বিতীয় আৰু তামেন-ৰাগা (Tamen-Raga) ব্লক৷
নামনি সোৱণশিৰি জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- য়াচুলি আৰু জিৰ’-হাপ’লি (Ziro-Hapoli)৷ এই দুয়োটা সমষ্টি পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত৷[4]
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি সোৱণশিৰি জিলাৰ জনসংখ্যা ৮২,৮৩৯ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এইজিলাৰ স্থান ৬২৩৷[5] এই জিলাখনৰ অধিকাংশ লোকেই নিচি আৰু আপাতানি জনজাতিৰ৷ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪ জন৷[5] ২০০১-২০১১ দশকত জিলখনৰ জনসংখ্যা বৃ্দ্ধিৰ হাৰ আছিল ৪৮.৬৫%৷[5] নামনি সোৱণশিৰি জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৭৫ গৰাকী৷[5] আৰু সাক্ষৰতাৰ হাৰ ৭৬.৩৩%৷[5]
ভাষা[সম্পাদনা কৰক]
এই জিলাত ব্যৱহৃত মূল ভাষাবোৰ হৈছে আপাতানি আৰু নিচি ভাষা৷ [6]
সংস্কৃতি[সম্পাদনা কৰক]
নামনি সোৱণশিৰি জিলাত উদযাপন কৰা মূল উৎসৱসমূহ হৈছে ন্যোকুম (Nyokum), বুৰী-বুট (Boori-Boot) আৰু দ্ৰী উৎসৱ (Dree Festival).
জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]
১৯৯৫ চনত নামনি সোৱণশিৰি জিলাৰ ৩৩৭ বৰ্গ কিলোমিটাৰ আগুৰি টেলী ভেলী বন্যপ্ৰাণী অভয়াৰণ্য (Talley Valley Wildlife Sanctuary) প্ৰতিষ্ঠা কৰা হয়৷[7]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
- ↑ 2.0 2.1 2.2 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ "Arunachal Assembly approves Kamle as 23rd district of state". Arunachal24.in. 18 October 2017. http://arunachal24.in/arunachal-assembly-approves-kamle-as-23rd-district-of-state/.
- ↑ "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ M. Paul Lewis, ed (2009). "Apatani: A language of India". Ethnologue: Languages of the World (16th সম্পাদনা). প্ৰকাশক Dallas, Texas: SIL International. http://www.ethnologue.com/show_language.asp?code=apt। আহৰণ কৰা হৈছে: 2011-09-28.
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
উজনি সোৱণশিৰি জিলা | ![]() | ||
কুৰুং কুমেই জিলা | ![]() |
পশ্চিম ছিয়াং জিলা | ||
![]() ![]() | ||||
![]() | ||||
পাপুমপাৰে জিলা | ধেমাজি জিলা, অসম |
|