নিচি জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডফলা বা নিচি
নিচি জনগোষ্ঠীৰ এজন যুৱক
মুঠ জনসংখ্যা
২,৪৯,৮২৪
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত (অৰুণাচল প্ৰদেশ, অসম)
ভাষাসমূহ

নিচি ভাষা

ধৰ্ম

ডনি-প'ল' (সূৰ্য্য আৰু চন্দ্ৰ), খ্ৰীষ্টান, হিন্দু

ডফলা বা নিচি (ইংৰাজী: Nyishi) জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ সৰ্ববৃহৎ জনগোষ্ঠী৷ এই জনগোষ্ঠীৰ লোক অৰুণাচল প্ৰদেশৰ আঠখন জিলাত বিয়পি আছে। সেই জিলা কেইখন হ'ল : ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, আৰু পক্কে কেছাং জিলা। কুৰুং কুমেই আৰু ক্ৰা দাদি জিলাত নিচি জনসংখ্যা গোটেই ৰাজ্যৰ ভিতৰত সৰ্বাধিক। অসমৰ শোণিতপুৰ জিলা আৰু লখিমপুৰ জিলাতো কিছু সংখ্যক নিচি জনগোষ্ঠীৰ লোকে বাস কৰে ৷

প্ৰায় ৩ লাখ জনসংখ্যাৰে, এওঁলোক অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জনগোষ্ঠী হিচাপে পৰিগণিত হৈছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি আদি জনগোষ্ঠীসমূহ ইয়াৰ ঠিক পাছতেই দ্বিতীয় স্থানত আছে। নিচি ভাষা চীন-তিব্বতী পৰিয়ালৰ অন্তৰ্গত যদিও ইয়াৰ উৎপত্তি বৰ্তমানেও বিতৰ্কিত।

নিচিসকলৰ বহুবিবাহ কৰাত আপত্তি নাই। স্ত্ৰীয়ে বিৰোধিতা কৰাতকৈ স্বামীক অধিক তিৰোতা আনিবলৈ উৎসাহহে যোগাইছিল। কৃষিকৰ্ম কৰাৰ পৰা ঘৰৰ সকলোবোৰ কাম-কাজ কৰাত এগৰাকী তিৰোতাৰ অশেষ কষ্ট হয় বাবে তেওঁলোকে সেই গা-ধন দিহে বিয়া পাতিব লাগে। সেই কাৰণে মেথোন নথকা বা ক্ৰয় কৰিবলৈ সামৰ্থ্য নথকা বহুতো দুখীয়া মানুহে জীৱনত বিয়া নপতাকৈও থাকে। এই প্ৰথা অৱশ্যে আধুনিকীকৰণ আৰু লগতে খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ লগে লগে কমি আহিছে।[1]

অসমৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

অসম বুৰঞ্জীত নিচি সকলক খিলিমি বুলি উল্লেখ কৰা হৈছে।[2] খিলিমি বা ডফলা সকলে আহোম চাওফা চুডাংফাক তিপমীয়া সকলে তেওঁক হত্যাৰ পাং পাতিছে বুলি পূৰ্বে জনাই তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল।[3]চুডাংফাই সন্তুষ্ট হৈ ডফলাসকলক এটা মহ মাৰি ভুজ দিছিল।[3]

ব্যুৎপত্তি[সম্পাদনা কৰক]

নিচি ভাষাত, নি "এজন মানুহ" আৰু চি শব্দটোৱে "উচ্চভূমি"ক বুজায়। অৰ্থাৎ নিচি মানে উচ্চভূমিত বসবাস কৰা লোক।[4] সম-সাময়িক আহোম আৰু ব্ৰিটিছ নথি-পত্ৰত নিছিসকলক ডাফলা জনগোষ্ঠী বুলি উল্লেখ কৰা হৈছে আৰু স্বাধীনোত্তৰ কালৰ ইতিহাসবিদসকলেও একেটা শব্দকে ব্যৱহাৰ কৰিছিল।[5][6]এই পৰিভাষা আজিকালি অৱশ্যে ব্যৱহাৰ কৰা নহয়।

পূৰ্বতে নিচিসকল ‘ডফলা’ বুলি জনাজাত আছিল। পৰৱৰ্তী সময়ত তেওঁলোকে নিচি নামেৰেহে নিজকে পৰিচয় দিবলৈ লয়। ‘ডফলা’ নামটোৰ উৎপত্তি সম্পৰ্কে বিভিন্নজনৰ মুখত বিভিন্ন ধৰণৰ জনশ্ৰুতি শুনিবলৈ পোৱা যায়। কোনো এক জনশ্ৰুতি মতে, কোনোবা ভৈয়ামৰ মানুহে কেতিয়াবা কোনো স্থানত লগালগি হ’লে তেওঁলোকৰ নাম কি বুলি সোধোতে আনৰ ভাষা নজনা নিচি মানুহে বোধহয় কৈছিল- ‘তে দপলা’ অৰ্থাৎ (পাহাৰলৈ দেখুৱাই) ‘সৌ তাতে থকা’। যি সুধিছিল তেওঁ তাৰ প্ৰকৃত অৰ্থ নুবুজি নিজৰ ধাৰণাৰে ‘তে দপলা’ মানে ‘ডফলা’ বুলি বুজি ল’লে আৰু তেনেকৈয়ে তাৰ লিখিত ৰূপ পালে।

ইফালে, উজনি অসমত অসমীয়াত কেতিয়াবা খৰিবোৰ ফালোতে চটাছট কৰিলো যদিও ‘ডফলা-ডফল’ হৈ থাকিল বুলি কোৱা শুনা যায়। অৰ্থাৎ ডাঠ আৰু মঙহাল হৈ থাকিল।

অৰ্থনীতি[সম্পাদনা কৰক]

নিচিসকল প্ৰধানতঃ কৃষিজীৱী। ঝুমখেতি কৰিয়েই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে। যদিও সম্প্ৰতি সেই ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিত হৈছে। সময় আৰু সুবিধা অনুযায়ী বৰ্তমান তেওঁলোকে শালিখেতিৰ কৃষিকাৰ্যও কৰা পৰিলক্ষিত হয়। নিচিসকলে ধান, মাৰুৱা, আলু-কচু, গোমধানৰ খেতিৰ বাদেও ৰঙালাও আদি শাক-পাচলিৰ খেতি কৰে। ধান আৰু মাৰুৱাৰ পৰা সুস্বাদু পানীয় তৈয়াৰ কৰি তেওঁলোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে।

অতীতত যুদ্ধ-বিগ্ৰহত পাকৈত নিচিসকলে হাবিলৈ গৈ নানান জীৱ-জন্তু, চৰাই-চিৰিকটি চিকাৰ কৰি একালত আদিম মানুহৰ দৰে জীৱিকা পালন কৰিছিল। তেতিয়া, তেওঁলোকে বিনিময় প্ৰথাৰে কাম চলাইছিল।

সাজ-পোছাক[সম্পাদনা কৰক]

পুৰুষসকলৰ কাপোৰ দুবিধ হাতৰ আঁচলবিহীন চাৰ্ট (লেটাম) আৰু ডাঠ কপাহী কাপোৰৰ পৰা তৈয়াৰী ক’লা-বগা ৰেখা (প’মো)যুক্ত, নীলা আৰু ৰঙাৰ সৈতে উল্লাসিতভাৱে ৰেখাযুক্ত আৰু ডিঙি আৰু কান্ধত কপাহ বা উলৰ মেণ্টেল বান্ধি থোৱা . ভিন্ন আকাৰ আৰু ৰঙৰ গুটিৰে তৈয়াৰী ডোঙাও পিন্ধা হয়, মূলতঃ সজ্জাৰ উদ্দেশ্যে আৰু পিন্ধাজনৰ অৱস্থা দেখুৱাবলৈ। ইয়াৰ উপৰিও ইহঁতে নিছি ভাষাত মেচেট বা দাও (উৰ্যু) (চুটি তৰোৱাল) আৰু দা (চিঘি) বাঁহৰ আৱৰণত লৈ ফুৰে যিবোৰ বেছিভাগেই জন্তুৰ নোমেৰে ঢাকি থোৱা থাকে। তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰত লোহাৰ মূৰ থকা বৰশী, ডাঙৰ তৰোৱাল (উৰ্যু), আৰু ধনু আৰু কাঁড় থাকে যিবোৰৰ টিপত বিষ (উম-য়ু) থাকে। যুদ্ধৰ সময়ত বুকু আৰু পিঠি দুয়োটাতে ছাব্বে ম’হৰ ছালৰ পৰা তৈয়াৰী ঢালেৰে ঢাকি দিয়া হয় আৰু তাৰ ওপৰত তেওঁলোকে থলুৱা আঁহৰ ক’লা পোছাক পিন্ধে।

নীছি মহিলাসকলে সাধাৰণতে ডাঠ বা সাধাৰণ কাপোৰৰ হাতৰ আঁচলবিহীন মেণ্টেল পিন্ধে, ইয়াৰ ওপৰৰ অংশটো স্তনৰ ওপৰত টানকৈ টাক কৰি থাকে আৰু বগলীৰ পৰা পোৱালিৰ মাজলৈকে শৰীৰটোক আৱৰি ধৰে। সাধাৰণতে ব্যৱহাৰ কৰা হয়। কঁকালত এটা ফিতা বান্ধি থোৱা আছে। কঁকালত ধাতুৰ ডিস্ক, গুটি আৰু বেতৰ গাৰ্টাৰেৰে গঠিত গিৰ্ডল পিন্ধা হয়। ইহঁতৰ চুলিখিনি মাজত ফালি, গুজি থোৱা হয় আৰু নাকৰ ঠিক ওপৰত চিগনন হিচাপে বান্ধি থোৱা থাকে। তেওঁলোকৰ অলংকাৰসমূহৰ ভিতৰত আছে বহুৰঙী গুটিৰ হাৰ, পিতলৰ শিকলি, ধাতুৰ ঘণ্টা, বিশাল পিতল বা ৰূপৰ কাণফুলি আৰু বিভিন্ন ধাতুৰ গধুৰ ব্ৰেচলেট।

উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

নিচি জনজাতিৰ তিনিটা প্ৰধান উৎসৱ হৈছে: নিয়’ক’ম, লংতে য়াল’, য়ুল’।

নিয়’ক’ম[সম্পাদনা কৰক]

নিচিসকলৰ প্ৰধান উৎসৱ নিয়’ক’ম। এই নিয়’ক’ম উৎসৱ প্ৰত্যেক বছৰে ফেব্ৰুৱাৰীত উদ্‌যাপন কৰা হয়। নিচিসকলৰ বিশেষকৈ উৎসৱসমূহ কৃষিপ্ৰধান। নিয়’ক’ম উৎসৱ নতুন ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাক্‌কালত উদ্‌যাপন কৰা হয়। ৰাইজে নিয়’ক’ম উৎসৱ উৎসাহ-উদ্দীপনাৰে, শান্তি-সম্প্ৰীতিৰে পৰম্পৰাগত ব্যৱহাৰিক নীতি-নিয়মেৰে পালন কৰে। অতীতৰ পৰা চলি অহা নীতি-নিয়ম অনুসৰি, নিয়’ক’ম উৎসৱ প্ৰতিটো পৰিয়ালে পৃথকে পৃথকে পালন কৰিছিল। ধৰ্মীয় ৰীতি-নীতি কাৰ্যসমূহ এজন নিৰ্দ্দিষ্ট পূজাৰীয়ে কৃষি পথাৰত পূজা কৰি প্ৰথম বীজ ৰোপণ কৰিছিল। পিছত গাঁৱৰ ৰাইজ একত্ৰিত হৈ এখন নিৰ্দ্দিষ্ট সামাজিক পথাৰত এই উৎসৱ আনন্দ-উল্লাসেৰে পালন কৰে। কালক্ৰমত সাম্প্ৰতিক সময়ৰ এটা নিৰ্দ্দিষ্ট তাৰিখত, এটা নিৰ্দ্দিষ্ট স্থানত এই উৎসৱ উদ্যাপন কৰা হয় আৰু এই উৎসৱৰ নতুন নাম দিয়া হয় ‘নিয়’ক’ম য়াল’। এই উৎসৱ ৰাইজৰ উল্লাস-উদ্দীপনাৰ মাজেৰে তিনি-চাৰি দিন ধৰি চলে। উৎসৱৰ দিনকেইটাত পূৰ্ব নিৰ্দ্ধাৰিত মতে বলি প্ৰদান কৰিবলগীয়া বিভিন্ন জন্তু সাজু কৰি ৰখা হয়। মুখ্য পুৰোহিতেহে বলিৰ বিধান দিয়ে। প্ৰধান পুৰোহিত আৰু সংগী পুৰোহিতে নিৰ্দ্দিষ্ট পূজা স্থানত ধৰ্মীয় মন্ত্ৰ পাঠ কৰি বলি প্ৰদান কৰে। বলি প্ৰদান কৰা জন্তুসমূহৰ গালৈ চাউলৰ গুড়ি আলং (Rice-beer) ছটিয়াই মন্ত্ৰ পাঠ কৰি পুৰোহিতে বিভিন্ন দেৱ-দেৱীৰ লগতে আত্মাসমূহকো পূজা কৰে।

লংতে য়াল[সম্পাদনা কৰক]

নিচিসকলে পালন কৰা আন এক উৎসৱ হৈছে লংতে য়াল’। কৃষিজীৱি ৰাইজে কৃষিকৰ্ম আৰম্ভ কৰাৰ পূৰ্বে এই লংতে য়াল’ উৎসৱ এপ্ৰিল মাহত উদ্‌যাপন কৰে। যেতিয়া গছত নতুন ফুলে কলিয়ায়, তেতিয়াই এই উৎসৱ পালন কৰা হয় বুলি জনশ্ৰুতি শুনিবলৈ পোৱা যায়। গাঁৱৰ সীমাত কাঠৰ খুঁটা স্থাপন কৰি সীমা নিৰ্দ্ধাৰণ কৰাই হৈছে, এই উৎসৱৰ মুখ্য উদ্দেশ্য। নিৰ্দ্ধাৰিত সীমা অঞ্চলত গাঁৱৰ সকলো জনসাধাৰণ ঐক্যবদ্ধ হৈ ‘দঞি-প’ল’ৰ বিভিন্ন আত্মাৰ লগতে ভগৱানকো পূজা-অৰ্চনা কৰে আৰু আগন্তুক কৃষিকৰ্ম ভাল হোৱাৰ লগতে গাঁৱৰ বাসিন্দা ৰাইজৰ কুশল মংগল কামনা কৰে। উক্ত উৎসৱৰ দিনসমূহত, গাঁৱৰ ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি দুটা কাঠৰ খুঁটা লৈ গাঁৱৰ মাজত ঐক্যবদ্ধ হয়। এই কাঠৰ খুঁটা দুটাক বাঁহ আৰু কাকাম গছৰ পাতেৰে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয়। ৰাইজ একত্ৰিত হৈ গাঁৱৰ লোকসকলৰ সুস্বাস্থ্য আৰু সকলো জীৱ-জন্তুৰ সুৰক্ষা কামনা কৰে। পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি সীমা নিৰ্দ্ধাৰণ পৰ্ব সম্পূৰ্ণ হোৱাৰ পিছত ৰাইজ গাঁৱৰ মধ্যমস্থলত সমবেত হয়। এই উৎসৱত প্ৰায় সাতদিনলৈকে ৰাইজে কৃষিকৰ্মত অংশগ্ৰহণ নকৰে আৰু অপ্ৰয়োজনীয় কোনো জীৱ হত্যা নকৰে। আনহাতে, নিচি সমাজত কেৱল আঠ নম্বৰৰ দিনা গাঁৱৰ পুৰুষসকলে খেল-ধেমালি কৰে আৰু মহিলাসকলে ভঁৰালত সোমাই নিজ নিজ কৰ্মত ব্যস্ত হয়।

য়ুল[সম্পাদনা কৰক]

নিচি সমাজৰ কুশল মংগলৰ কাৰণে উদ্‌যাপন কৰা অন্য এটা উৎসৱ হৈছে য়ুল’ উৎসৱ। উল্লেখ্য যে এই উৎসৱ উদ্‌যাপনৰ সময় গাঁৱৰ মুখ্য পুৰোহিতে নিৰ্দ্দিষ্ট কৰে। এই অনুষ্ঠানত মেথোন বলি দিয়া নিয়ম আছে। বলি দিয়া মেথোনৰ তেজ বাঁহৰ চুঙাত ভৰাই পুৰোহিতে নিজৰ ঘৰৰ সন্মুখত ওলোমাই ৰাখে। সেই প্ৰতীক চিহ্নৰে প্ৰধান পুৰোহিতৰ ঘৰৰ বাকী মানুহৰ ঘৰতকৈ পৃথক ৰূপত ৰাখে।

ধৰ্ম[সম্পাদনা কৰক]

ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিছি জনগোষ্ঠীৰ এটা উৎসৱ।

ন্যোকুম হৈছে নিছি জনগোষ্ঠীয়ে পালন কৰা উৎসৱ, যʼত তেওঁলোকে পূৰ্বপুৰুষক স্মৰণ কৰে।

১৯৫০ চনৰ পৰা অৰুণাচল প্ৰদেশত খ্ৰীষ্টান মিছনেৰীসকলে কাম আৰম্ভ কৰিছিল। কিন্তু, ১৯৭০ চনলৈকে চৰকাৰে ধৰ্মান্তৰকৰণ কাৰ্য্যকলাপ সীমিত কৰি ৰাখিছিল। ২০১১ চনৰ এক সমীক্ষা অনুসৰি নিছি জনগোষ্ঠীৰ মাজত খ্ৰীষ্টান (৩১%), তাৰ পিছতে হিন্দু ধৰ্ম (২৯%), বাকী বহুতেই এতিয়াও প্ৰাচীন থলুৱা ডনি-প'ল' (সূৰ্য্য আৰু চন্দ্ৰ) ধৰ্ম অনুসৰণ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. India Ministry of Information and Broadcasting Published by Publications Division, Ministry of Information and Broadcasting, Govt. of India (1979). Arunachal Pradesh. পৃষ্ঠা. 15–6. 
  2. ফুকন,বৰুৱা (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ
  3. 3.0 3.1 বৰুৱা, গোলাপ চন্দ্ৰ (১৯৩০). "চাওঁফা চুদাং, পৃষ্ঠা ৫০" (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত). আহোম বুৰঞ্জী. বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  4. হেমচন্দ্ৰ বৰুৱা (২০০৬). হেমকোষ. 
  5. ড° সূৰ্যকুমাৰ ভূঞা (১৯৩৩). তুংখুঙীয়া বুৰঞ্জী. 
  6. Allan Octavian Hume (1887). Stray Feathers : A Journal of Ornithology for India and Its Dependencies.