ক্ৰা দাদি জিলা
ক্ৰা দাদি জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ৭ ফেব্ৰুৱাৰী ২০১৫ |
সদৰ | পালিন |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
• বিধানসভা সমষ্টি | ২টা (তালি, পালিন) |
উচ্চতা | ১,০৮০ মিটাৰ (৩,৫৪০ ফুট) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
22,290 |
ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল।[2] এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।
ইতিহাস
[সম্পাদনা কৰক]২০১৩ চনৰ ২১ মাৰ্চত অৰুণাচল প্ৰদেশ (জিলা পুনৰ্সংগঠন) আইন (Arunachal Pradesh (Re-Organization of Districts) Bill) ৰ দ্বাৰা ক্ৰা দাদি জিলা গঠনৰ প্ৰস্তাৱ গৃহীত হয়।[3] ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত সেইসময়ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী নবাম টুকীয়ে এই নতুন জিলাখন উদ্বোধন কৰে।[2]
প্ৰশাসন
[সম্পাদনা কৰক]বৰ্তমান জিলাখনৰ অস্থায়ী সদৰ পালিন। পালিনৰ পৰা ২০ কিমি দুৰত্বত অৱস্থিত জামিন (Jamin) নগৰক জিলাখনৰ সদৰ ঠাই হিচাপে প্ৰস্তাৱ কৰা হৈছে।
ক্ৰা দাদি জিলাত দুটা বিধানসভাৰ সমষ্টি আছে- তালি (Tali) আৰু পালিন (Palin)। তদুপৰি জিলাখন আঠটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে- পালিন, জামিন, য়াংটে (Yangte), চামবাং (Chambang), তৰক লাংডি (Tarak Langdi), গাংটে (Gangte), তালি আৰু পিপচ’ৰাং (Pipsorang)।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ইয়ালৈ যাওক: 1.0 1.1 1.2 "Kra Daadi: Demography". kradaadi.nic.in. https://kradaadi.nic.in/demography/। আহৰণ কৰা হৈছে: 26 December 2018.
- ↑ ইয়ালৈ যাওক: 2.0 2.1 2.2 "Arunachal Pradesh carves out new district". The Times of India. 9 February 2015. http://timesofindia.indiatimes.com/city/guwahati/Arunachal-carves-out-new-district/articleshow/46167914.cms.
- ↑ "Arunachal clears bill for four new districts". The Times of India. 22 March 2013. https://timesofindia.indiatimes.com/city/guwahati/Arunachal-clears-bill-for-four-new-districts/articleshow/19120040.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবছাইট
- ৱিকিমিডিয়া কমন্সত ক্ৰা দাদি জিলা সম্পৰ্কীয় মিডিয়া ফাইল।
|