লংডিং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
লংডিং জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১৯ মাৰ্চ ২০১২ (2012-03-19)
সদৰ লংডিং
মহকুমা লংডিং, কানুবাৰী
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি ৩ টা (কানুবাৰী, লংডিং-পুমাও, পংচাও-ৱাক্কা)
মাটিকালি
 - মুঠ ১,১৯২ কি.মি. 
(৪৬০.২ বৰ্গ মাইল)
উচ্চতা ৮৮৬ মিটাৰ (২,৯০৬.৮২৪১৪৬৯৮১৬ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৫৬,৯৫৩ জন
 - জনঘনত্ব ৪৭.৮ প্ৰতি বৰ্গ কি.মি. 
(১২৩.৭ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল ৪,২৩৪ জন
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৪০.৬%[1]
 - লিংগ অনুপাত ৯৮৪[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 26°53′36″N 95°19′20″E / 26.89333°N 95.32222°E / 26.89333; 95.32222স্থানাংক: 26°53′36″N 95°19′20″E / 26.89333°N 95.32222°E / 26.89333; 95.32222
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

লংডিং জিলা (Longding district, Pron:/lɒŋˈdɪŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা৷ এই জিলাখন পূৰ্বৰ টিৰাপ জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ একাংশ লৈ গঠন কৰা হৈছিল৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

লংডিং জিলাৰ দক্ষিণ আৰু পূবা-দক্ষিণাকৈ ম্যানমাৰ অৱস্থিত৷ এই জিলাৰ উত্তৰে অসম, পশ্চিমে নাগালেণ্ড ৰাজ্য আৰু উত্তৰ-পূব দিশত টিৰাপ জিলা অৱস্থিত৷ লংডিং জিলাৰ মুঠ মাটিকালি ১২০০ বৰ্গ কিলোমিটাৰ৷ এই জিলাৰ গড় উষ্ণতা ১৫ ডিগ্ৰীৰ পৰা ৩০ ডিগ্ৰীৰ ভিতৰত৷[2]

ইতিহাস[সম্পাদনা কৰক]

এই জিলাত ঐতিহাসিকভাৱে ৱাংচ’ লোকসকলে বাস কৰি আহিছে৷ ২০০৯ চনত ৭ আগষ্টৰ দিনা এই জিলা গঠনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা হয়৷[3] ২০১১ চনৰ ২৬ ছেপ্টেম্বৰত এই জিলা গঠন হয়৷ আৰু ২০১২ চনৰ ১৯ মাৰ্চত নবাম টুকীয়ে জিলাখনৰ উদ্ধোধন কৰে৷[4]

প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]

লংডিং জিলাত মুঠতে ছটা চাৰ্কোল আছে- লংডিং (Longding), কানুবাৰী (Kanubari), পংচাও (Pongchau), ৱাক্কা (Wakka), পুমাও (Pumao) আৰু লাওনু (Lawnu)৷ এই চাৰ্কোলসমূহৰ অন্তৰ্গত গাওঁ হৈছে- Longphong, Nianu, Niausa, Senua, Senua Noksa, Zedua, Nginu, Mintong, Chanu, Longchan, Chubam, Russa আৰু Rangluwa.[2]

জনসংখ্যা[সম্পাদনা কৰক]

লংডিং জিলাৰ জনসংখ্যা ৫৬,৯৫৩ জন৷[1] এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী ৱাংচ’ (Wancho) জনজাতিৰ৷ তেওঁলোকৰ কলা-সংস্কৃতিৰ নগা লোকসকলৰ সৈতে যথেষ্ট সাদৃশ্য আছে৷ তেওঁলোকে জুম খেতি কৰি শস্য উৎপাদন কৰে৷ কিছু সংখ্যক লোক যদিও খ্ৰীষ্টান ধৰ্মান্তৰিত হৈছে, বহুতো স্থানীয় লোকে এতিয়াও পূৰ্বৰ দৰেই Animism অনুসৰণ কৰে৷ ৰাজ্যখনত বাস কৰা অন্যান্য জনজাতিবোৰ হৈছে ন'কটে (Nocte), ক’নিয়াক (Konyak) ইত্যাদি নগা জনজাতি৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]