মন জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মন জিলা
—  জিলা  —
"Shangnyu Village, Mon district, Nagaland"
নাগালেণ্ডৰ মন জিলাৰ এখন গাওঁ
নাগালেণ্ডত মন জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ  ভাৰত
জনসংখ্যা (২০১১)
 - মুঠ ২,৫০,৬৭১ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL-MN
ৱেবছাইট mon.nic.in

মন জিলা ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

মন জিলাখন নাগােলণ্ডৰ আটাইতকৈ উত্তৰ সীমান্তত অৱস্থিত৷ এই জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, পশ্চিমে অসম, পূবে ম্যানমাৰ আৰু দক্ষিণে লংলেং আৰু টুৱনচাং জিলা৷ জিলাখনৰ সদৰঠাই মন চহৰ৷

অৰ্থনীতি[সম্পাদনা কৰক]

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ এখন বুলি মন জিলাক অভিহিত কৰে৷[1] ভাৰত চৰকাৰৰ Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা ধনৰ আবন্টন লাভ কৰা নাগালেণ্ডৰ তিনিখন জিলাৰ ভিতৰত মন অন্যতম৷[1]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি মন জিলাৰ মুঠ জনসংখ্যা ২৫০,৬৭১ জন৷[2] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত মন জিলাৰ স্থান ৫৮২ তম৷[2] মন জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯৮ গৰাকী৷[2] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৫৬.৬%।[2]

সংস্কৃতি[সম্পাদনা কৰক]

মন জিলা ক’নিয়াক নগা জনজাতিৰ বসতিস্থল৷ পৰম্পৰাগতভাৱে এই জনজাতিৰ লোকসকলে দেহ-মুখত টাটু পৰিধান কৰে৷ ক’নিয়াকসকলৰ মূল উৎসৱ হৈছে 'Aoleang Monyu'৷ এই উৎসৱ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উদযাপন কৰা হয়৷

ক’নিয়াকসকলৰ পৰম্পৰাগত নেতা হৈছে আং (Angh), যি উত্তৰাধিকাৰ সূত্ৰে এই উপাধি লাভ কৰে৷ প্ৰতিখন গাৱঁত আং গৰাকীৰ ঘৰ আটাইতকৈ ডাঙৰ হয়৷ ঘৰৰ সন্মুখত সাধাৰণতে জন্তুৰ লাওখোলা সজ্জিত থাকে৷

পৰ্য্যটন[সম্পাদনা কৰক]

ক’নিয়াক নগাসকলৰ পৰম্পৰাগত সজ্জা
চাংন্যু গাওঁ (Shangnyu village)

চাংন্যু গাওঁ মূখ্য আং গৰাকীৰ দ্বাৰা পৰিচালিত৷ এই গাৱঁত ৮ ফুট উচ্চতাৰ আৰু ১২ ফুট প্ৰস্থৰ এটা ঐতিহাসিক কাঠৰ প্ৰতিমূৰ্ত্তি আছে৷ মূৰ্ত্তিটোত মানুহ আৰু জীৱ-জন্তুৰ প্ৰতিচ্ছৱি খোদিত কৰা আছে৷ ইতিহাসৰ মতে এই গাওঁ আৰু আহোম ৰাজত্বৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল৷

চুই গাওঁ (Chui village)

এই গাওঁ সদৰঠাই মনৰ কাষৰীয়া অঞ্চলত অৱস্থিত৷ গাওঁখনৰ আং গৰাকীৰ ঘৰটো সৰ্ববৃহৎ আুৰ ঘৰৰ সন্মুখভাগ পূৰ্বপুৰুষ আৰু তেওঁ নিজে নিধন কৰা শত্ৰুৰ লাওখোলাৰে সজ্জিত৷ ক’নিয়াকসকলৰ মাজত উনৈশ শতিকাৰ শেষভাগলৈকে মুণ্ড চিকাৰ প্ৰচলিত আছিল৷

লংৱা গাওঁ (Longwa village)

লংৱা নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত গাওঁসমূহৰ ভিতৰত সৰ্ববৃহৎ গাওঁ৷[3][4] এই গাৱঁৰ মুখ্য আঙৰ ঘৰৰ আধা ভাৰতত আৰু অন্যভাগ ম্যানমাৰত অৱস্থিত৷ অৱশ্যে সমগ্ৰ গাওঁখন পৰিচালনা কৰে মুখ্য আং গৰাকীয়ে৷ তেওঁৰ ক’নিয়াক জনাজতিৰ ৬০ খন গাওঁৰ নেতা৷ [4]

ভেদা (Veda Peak)

মন জিলাৰ সৰ্ব্বোচ্চ এই শিখৰটো মন চহৰৰ পৰা ৭০ কিমি পূবে অৱস্থিত৷ এই শিখৰৰ পৰা ফৰকাল বতৰত ব্ৰহ্মপুত্ৰ দেখা পোৱা যায়৷

নাগনিমুৰা (Naganimora)

এই চহৰখনৰ নামৰ উৎস হৈছে 'নগা ৰাণী মৰা' (the burial place of the Naga queen)৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on 5 April 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011. 
  2. 2.0 2.1 2.2 2.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  3. Bhattacharyya, Rajeev (25 September 2016). "From Mon in Nagaland to Myanmar, Schoolkids Cross the Border For a Better Future". The Wire. https://thewire.in/education/nagaland-myanmar-education-employment। আহৰণ কৰা হৈছে: 25 August 2018. 
  4. 4.0 4.1 An Indian Village Where Villagers Have Dual Citizenships And Its King Has 60 Wives, Daily Moss, 22 Msay 2015.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]