সমললৈ যাওক

নাগালেণ্ডৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাগালেণ্ডৰ জিলাসমূহৰ মানচিত্ৰ

নাগালেণ্ড (ইংৰাজী: Nagaland), ভাৰতবৰ্ষউত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে।

প্ৰশাসন

[সম্পাদনা কৰক]

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে

প্ৰথমতে নাগালেণ্ডৰ আঠখন জিলা আছিল। কিছুদিনৰ পূৰ্বে তিনিখন নতুন জিলা সৃষ্টি কৰা হৈছে। সেইকেইখন হৈছে: কিফিৰে জিলা (Kiphire district), লংলেং জিলা (Longleng district) আৰু পেৰেন জিলা (Peren district)।

জিলাসমূ্হ

[সম্পাদনা কৰক]

নাগালেণ্ডৰ ১১খন জিলাৰ নাম হৈছে:

  1. ডিমাপুৰ জিলা
  2. কিফিৰে জিলা
  3. ক’হিমা জিলা
  4. লংলেং জিলা
  5. মোককচাং জিলা
  6. মন জিলা
  7. পেৰেন জিলা
  8. ফেক জিলা
  9. টুৱেনচাং জিলা
  10. ৱখা জিলা
  11. জুন্হেব’ট’ জিলা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]