ক’হিমা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক’হিমা জিলা
—  নাগালেণ্ডৰ জিলা  —
নাগালেণ্ডত ক’হিমাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
চৰকাৰ
 - লোকসভা সমষ্টি নাগালেণ্ড
জনসংখ্যা (২০১১)
 - মুঠ ২,৭০,০৬৩ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 25°40′N 94°07′E / 25.667°N 94.117°E / 25.667; 94.117স্থানাংক: 25°40′N 94°07′E / 25.667°N 94.117°E / 25.667; 94.117
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷[1]

ইতিহাস[সম্পাদনা কৰক]

ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ক’হিমা ’নাগা হিলছ ডিষ্ট্ৰিক্ট’ৰ অন্তৰ্ভুক্ত আছিল আৰু এই জিলাৰ সদৰ ঠাই আছিল ক’হিমা৷ [2]

১৯৬১ চনৰ এক ডিচেম্বৰত নাগালেণ্ডৰ অন্যতম জিলা হিচাপে ক’হিমা জিলাৰ প্ৰতিষ্ঠা হয়৷[3] ১৯৭৩ চনত এই জিলাৰ পৰাই ফেক আৰু ৱখা জিলা আৰু ১৯৯৭ চনত ডিমাপুৰ জিলা সৃষ্টি কৰা হয়৷[4][5] অৱশেষত ২০০৩ চনৰ পেৰেণ জিলাৰ সৃষ্টিয়ে ক’হিমা জিলাৰ বৰ্তমানৰ ৰূপ দিয়ে৷[6]

প্ৰশাসন[সম্পাদনা কৰক]

ক’হিমা জিলাৰ প্ৰবেশদ্বাৰ

ক’হিমা জিলাৰ মূল প্ৰশাসনিক বিষয়া হ’ল উপায়ুক্ত (deputy commissioner)৷ প্ৰতিটো প্ৰশাসনিক চাৰ্কোলৰ তত্বাবধানৰ বাবে তেওঁৰ অধীনত বিভিন্ন সংযোজিত ডেপুটি কমিশ্যনাৰ (additional deputy commissioners) আৰু মহকুমা বিষয়া (sub-division officers; SDOs) থাকে৷[7] ইয়াৰ উপৰিও ক’হিমাৰ এটা জিলা নাগৰিক উন্নয়ন পৰিষদ (District Urban Development Agency) আছে৷ [8]

ক’হিমা জিলাখন আঠটা প্ৰশাসনিক চাৰ্কোল (administrative circles) ত বিভক্ত কৰা হৈছে- Tseminyu, Tsogin, Chiephobozou, Botsa, কেজ’চা (Kezocha), জখমা (Jakhama), Kohima Sadar আৰু Sechu-Zubza৷ এই চাৰ্কোলসমূহ চাৰিটা গ্ৰাম্য উন্নয়ন বিভাগ (Rural Development Blocks) ত বিভক্ত- ক’হিমা(Kohima Sadar আৰু Sechu-Zubza), Chiephobozou (Chiephobozou, Botsa আৰু কেজ’চাৰ কিছু অংশ), জখমা (জখমা আৰু কেজ’চাৰ বাকী অংশ) আৰু Tseminyu (Tseminyu আৰু Tsogin).[3]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি ক’হিমাৰ মুঠ জনসংখ্যা ২৬৭,৯৮৮ ৷ ইয়াৰে ৪৫% লোক চহৰ অঞ্চলত বাস কৰে৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৬৷ ক’হিমাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৮ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৮৫%৷[1]

ক’হিমাৰ মূল অধিবাসী হৈছে আংগামী নগা আৰু ৰেংমা নগা জনজাতিৰ লোকসকল৷[উদ্ধৃতিৰ প্ৰয়োজন]

ভাষা[সম্পাদনা কৰক]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

জলবায়ু[সম্পাদনা কৰক]

ক’হিমাৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
গড় উষ্ণতা - উচ্চ °C (°F) 16.6 17.9 22.1 24.1
(75.4)
24.4
(75.9)
24.9
(76.8)
25.0
(77.0)
25.4
(77.7)
25.0
(77.0)
23.4
(74.1)
20.6
(69.1)
17.7
(63.9)
22.2
(72.0)
গড় উষ্ণতা - নিম্ন °C (°F) 8.1
(46.6)
9.3
(48.7)
12.7
(54.9)
15.6
(60.1)
16.9
(62.4)
18.1
(64.6)
18.8
(65.8)
18.9
(66.0)
18.1
(64.6)
16.6
(61.9)
13.1
(55.6)
9.4
(48.9)
14.6
(58.3)
বৰ্ষাপাত mm (ইঞ্চি) 11.7
(0.461)
35.4
(1.394)
47.6
(1.874)
88.7
(3.492)
159.2
(6.268)
333.8
(13.142)
371.8
(14.638)
364.0
(14.331)
250.1
(9.846)
126.0
(4.961)
35.2
(1.386)
7.8
(0.307)
1,831.3
(72.098)
Avg. rainy days 2 3.9 5.8 12.2 16.9 23.1 24.6 22.9 19.1 10.7 3.6 1.4 146.2
উৎস: WMO [9]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]