আংগামী নগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
Abel Angami
মুঠ জনসংখ্যা
Approx. 200,000 [1]
ভাষাসমূহ

Angami language (Sino-Tibetan)

ধৰ্ম

Christianity (98.22%),
Hinduism (0.74%),
Animism (0.71%).[2]

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

Other Naga peoples

A dance festival of the Angami Naga tribe

আংগামী উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা এটা স্থানীয় নগা জনজাতি৷ তেওঁলোকক ভাৰতীয় সংবিধানৰ পঞ্চম সূচী অনুসৰি অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে৷ [3] এই জনজাতিৰ লোকসকলে ফেব্ৰুৱাৰী মাহত পালন কৰা ’চেক্ৰেনী’ (Sekrenyi) নামৰ উৎসৱটোৰ বাবে প্ৰখ্যাত৷

বিভাগ[সম্পাদনা কৰক]

আংগামীসকলৰ মূল বাসস্থান বৰ্তমানৰ কহিমা জিলা যদিও মূলত: চাৰিটা বিভাগ দেখা পোৱা যায়৷

  • দক্ষিণৰ আংগামী: এওঁলোক কহিমাৰ দক্ষিণে মাউন্ট জাফু নামৰ পৰ্বতৰ নামনিত বাস কৰে৷ প্ৰধান অঞ্চলসমূহ হ’ল-জাফুফিকি (Japfüphiki ),বিশ্বেমা (Viswema), খুজামা (Khuzama), কিদিমা (Kidima), কিগোৱেমা (Kigwema), জখমা (Jakhama), ফিজামা (Phesama), মিমা (Mima), মিটেলেফে (Mitelephe), ফুচামা (Pfuchama), কেজ’মা (Kezoma), চাজুবা (Chazuba), চ’খাবা (Chakhaba) আৰু কেজ’ টাউন৷
  • পশ্চিমৰ আংগামী (Western Angami ) - কহিমাৰ পশ্চিমদিশে বাস কৰে৷ মূলত: জ’টছমা (Jotsoma), খনমা (Khonoma), মেজ’মা (Mezoma), চেচ্ছুমা (Sechuma), জুবজা (Secü-zubza), কিৰুফেমা (Kiruphema), পেডুচ্ছা (Peducha),মেনগ’জুমা (Mengoujuma), থেকৰেজু (Thekrejü), জুলেকে (Dzüleke) গাঁৱৰ অধিবাসী সকল৷
  • উত্তৰৰ আংগামী (Northern Angami) : কহিমাৰ উত্তৰে কিউহিমা (Kewhima), চিডিমা (Chedema), মেৰিমা (Meriema), চিকামা (Chiechama),নেৰহেমা (Nerhema), চিফ’ব’জু (Chiephobozou), টুফেমা (Tuophema), গৰিফেমা (Gariphema), দিহ’মা (Dihoma), ৰুছ’মা (Rusoma) ইত্যাদি গাওঁসমূহৰ অধিবাসী সকল ৷
  • চাখ্ৰ’ আংগামী (Chakhro Angami)- মূলত: ডিমাপুৰৰ আশে পাশে থকা গাওঁ আৰু সৰু টাউনসমূহ যেনে মেডজিফেমা (Medziphema), চুমুকেডিমা (Chumukedima), চ’ভিমা (Sovima), ৰাজাফে (Razaphe), পিফিমা (Piphema) ইত্যাদিৰ অধিবাসীসকল৷

পূৰ্বৰ পূব আগামীসকল বৰ্তমান পৃথক হৈ চাকেচাঙ (Chakhesang) নামৰ জনজাতি গঠন কৰিছে৷

সংস্কৃতি[সম্পাদনা কৰক]

Captain Butler and assembled Nagas; seated left to right: Lt. Ridgeway, Capt. Butler, Angami Naga interpreter Sezele of Chephama, Mikir coolie. Standing left to right: Angami Naga, Inspector of Police, Angami Naga Dotsole of Chedema, Angami Naga, Rengma Naga, Commander in Chief Manipur Army, (sacred tree with skulls), ?, 2 Rengma Nagas, Dr Brown - Political Agent, Manipur

আংগামী সকল মূলত: খেতি আৰু পশুপালনৰ ওপৰতে নিৰ্ভৰশীল পৰ্বতীয়া জনজাতি৷ তেওঁলোকক terraced wet-rice cultivation ৰ বাবে জনা যায়৷মূল সোতৰটা নগা জনজাতিৰ ভিতৰত এনে খেতি কৰা দুটা জনজাতিৰ অন্যতম এই আংগামীসকল৷ ইয়াৰ ফলত তেওঁলোকে একেডোখৰ মাটিতে প্ৰতিবছৰে ধানৰ খেতি কৰিব পাৰে আৰু সেয়ে ঝুম খেতিৰ ওপৰত তেওঁলোক তুলনামূলকভাৱে কম নিৰ্ভৰশীল৷

সামাজিক শ্ৰেণীবিভাজন আংগামী সমাজত দেখা পোৱা নাযায়৷ পৰম্পৰাগতভাৱে, সতি-সন্ততিৰ মাজত সম্পত্তিৰ সমানে ভাগ কৰি দিয়া হয়৷ পৰিয়ালৰ আটাইতকৈ নুমলীয়া পুত্ৰই পিতৃ-মাতৃৰ ঘৰ ’কিথ’কি’ (Kithoki ) লাভ কৰে৷ তেওঁলোকক বৃদ্ধাৱস্থাত চোৱাচিতা কৰাৰ দায়িত্বও ইয়াৰ লগতে তেওঁ পালন কৰে৷

ধৰ্ম[সম্পাদনা কৰক]

আংগামীসকল পৰম্পৰাগতভাৱে যুদ্ধপ্ৰিয় জনজাতি আছিল৷ পূৰ্বতে আংগামী পুৰুষসকলে শত্ৰু গাৱঁৰ সৈতে যুদ্ধ কৰি আৰু মূৰ কাটি সময় অতিবাহিত কৰিছিল৷ ১৮৭৯ চনত বিট্ৰিছ চৰকাৰে তেওঁলোকৰ অঞ্চলসমূহ হস্তগত কৰি এনে যুদ্ধ-বিগ্ৰহৰ অন্ত পেলায়৷ খ্ৰীষ্টান ধৰ্মপ্ৰচাৰৰ ফলশ্ৰুতিত প্ৰায়ভাগ আংগামী লোকে ধৰ্মান্তৰিত হৈ পূৰ্বৰ ৰীতি-নীতি ত্যাগ কৰে৷ খ্ৰীষ্টানধৰ্মী আংগামীসকল মূলসুঁতি পাঁচটা- বেপ্টিষ্ট, খ্ৰীষ্টান ৰিভাইভেল, ৰোমান কেথ’লিক, পেন্টিক’ষ্টেল আৰু সপ্তম দিনীয়া এডভেন্টিষ্ট (Seventh-day Adventist)৷ অৱশ্যে খ্ৰীষ্টানধৰ্মী আংগামীসকলৰ প্ৰায় ৮০% ই বেপ্টিষ্ট৷ বৰ্তমান প্ৰায় ৯৮% আংগামী লোকেই খ্ৰীষ্টান ধৰ্মী যদিও পূৰ্বৰ এনিমিষ্ট ধৰ্ম জীয়াই ৰখা অন্তিম নগা জনজাতিবোৰৰ এটা এই আংগামীসকল৷ এই এনিমিষ্ট আংগামীসকলে পালন কৰা ধৰ্মক ’ফুটছানা’ (Pfutsana religion) বুলি জনা যায়৷ ১৯৯১ চনৰ লোকপিয়ল অনুসৰি এই ধৰ্মাৱলম্বী আংগামীৰ সংখ্যা আছিল ১৭৬০ জন, কিন্তু দহবছৰৰ পিছত এই সংখ্যা ৮৮৪ লৈ হ্ৰাস পায়৷ বৰ্তমান এই ধৰ্মী লোকসকল কহিমাৰ দক্ষিণে নখন গাঁৱত সিঁচৰতি হৈ আছে৷ [4][5]

প্ৰখ্যাত ব্যক্তি[সম্পাদনা কৰক]

  • Metsülhou Angami (১৯৯০-২০১৫): হাস্যৰসিক (Comedian), নৃত্যশিল্পী তথা সামাজিক কমেন্টেটৰ (social commentator)৷ নগা মুক্তিযুদ্ধৰ দাবীৰে প্ৰতিষ্ঠিত ঐতিহাসিক চাইমন কমিছনৰ তেওঁ এগৰাকী signatory আছিল৷
  • A Z. Phizo (১৯০৩-১৯৯০): নাগা নেশ্যনেল কাউন্সিলৰ নেতা৷
  • A Kevichüsa (1903-1990): সৰ্বপ্ৰথম নগা স্নাতক৷ নগা নেশ্যনেল কাউন্সিলৰ সাধাৰণ সম্পাদক৷ 

  • T. N. Angami (১৯১৩-১৯৮৬): নাগালেণ্ড Nagaland Legislative Assembly ৰ সৰ্বপ্ৰথম মুখপত্ৰ (speaker) তথা ১৯৬৬ ৰ পৰা ১৯৬৯ চনলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী৷
  • Vizol Angami (১৯১৪-২০০৮): প্ৰথম নগা বিমানচালক (Indian Air Force during World War II) আৰু পৰৱৰ্তী কালত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী (১৯৭৪-১৯৭৫; ১৯৭৭-১৯৮০)
  • Samuel Mezhür Sekhose (১৯১৮-১৯৮৯): ব্ৰিটিছ এম্পায়াৰ মেডেল (British Empire Medal) লাভ কৰা একমাত্ৰ ভাৰতীয় ৷
  • Dr. Khrielieü Kire (১৯১৮-২০১৩): প্ৰথম মহিলা নগা ডাক্তৰ আৰু নাগালেণ্ডত চিকিৎসাবিদ্যাৰ অগ্ৰগতিৰ ক্ষেত্ৰত বাটকটীয়া৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.nagalandonline.in/Profile/districts/Kohima.asp
  2. Table ST-14, Indian Census of 2001
  3. "The Constitution (Scheduled Tribes): Order, 1950". Ministry of Law and Justice (India). http://lawmin.nic.in/ld/subord/rule9a.htm. 
  4. Table ST-14, Table ST-14a, Census of India 2001
  5. "nscn: Japfuphiki Pfutsana annual feast". Nscn.livejournal.com. 2006-03-26. http://nscn.livejournal.com/201698.html। আহৰণ কৰা হৈছে: 2014-06-10. 

লগতে চাওক[সম্পাদনা কৰক]

  • Alban von Stockhausen: Imag(in)ing the Nagas: The Pictorial Ethnography of Hans-Eberhard Kauffmann and Christoph von Fürer-Haimendorf. Arnoldsche, Stuttgart 2014, ISBN 978-3-89790-412-5.
  • Durkheim, E. and Mauss, 1963. Primitive Classification. (trans. R. Needham), London, Free Press.
  • Edsman, C.M., 1987. ‘Fire’, The Encyclopaedia of Religion, vol. 5, ed. by M. Eliade. pp. 340–46. New York, Macmillan Publishing Company.
  • Hutton, J.H., 1969. The Angami Nagas, Bombay, Oxford University Press. (first published in 1921 by Macmillan & Co. London).
  • Joshi, Vibha. A Matter of Belief: Christian Conversion and Healing in North-East India (Berghahn Books; 2012) 298 pages; a study of Christian conversion and the revival of traditional animist culture among the Angami Naga.
  • Rudhardt, J., 1987. ‘Water’, The Encyclopaedia of Religion, vol. 15, ed. by M. Eliade, pp. 350–61. New York, Macmillan Publishing Company.
  • Stirn, Aglaja & Peter van Ham. The Hidden world of the Naga: Living Traditions in Northeast India. London: Prestel.
  • Oppitz, Michael, Thomas Kaiser, Alban von Stockhausen & Marion Wettstein. 2008. Naga Identities: Changing Local Cultures in the Northeast of India. Gent: Snoeck Publishers.
  • Kunz, Richard & Vibha Joshi. 2008. Naga – A Forgotten Mountain Region Rediscovered. Basel: Merian.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]