সেনাপতি জিলা
সেনাপতি জিলা | |
---|---|
— মণিপুৰৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | মণিপুৰ |
সদৰ | সেনাপতি |
চৰকাৰ | |
- লোকসভা সমষ্টি | আউটাৰ মণিপুৰ |
- বিধানসভা সমষ্টি | ৬ খন |
মাটিকালি | |
- মুঠ | ৩,২৭১ কি.মি.২ (১,২৬২.৯ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৪,৭৯,১৪৮ জন |
- জনঘনত্ব | ১৪৬.৫ প্ৰতি বৰ্গ কি.মি. (৩৭৯.৪ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৪.১৩% |
- লিংগ অনুপাত | ৯৫৯ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
যানবাহনৰ নম্বৰ | MN03[1] |
ঘাইপথ | NH-39 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
সেনাপতি জিলা (Pron:/ˌseɪnəˈpʌti/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
সেনাপতি জিলা ৯৩.২৯° আৰু ৯৪.১৫° পূব দ্ৰাঘিমাংশ আৰু ২৪.৩৭° আৰু ২৫.৩৭° উত্তৰ অক্ষাংশত অৱস্থিত৷ জিলাখনৰ দক্ষিণে কংপকপি জিলা (Kangpokpi District), পূবে উখৰুল জিলা, পশ্চিমে তামেংলং জিলা আৰু উত্তৰে নাগালেণ্ডৰ ক’হিমা আৰু ফেক জিলা অৱস্থিত৷ এই জিলা সাগৰপৃষ্ঠৰ পৰা ১০৬১-১৭৮৮ মিটাৰ উচ্চতাত অৱস্থিত৷ জিলাখনৰ উষ্ণতা সৰ্বনিম্ন ৩.৪° ছেলছিয়াছ ৰ পৰা সৰ্বোচ্চ ৩৪.১° ছেলছিয়াছ হ’ব পাৰে৷
প্ৰশাসন[সম্পাদনা কৰক]
সেনাপতি মণিপুৰ ৰাজ্যৰ চতুৰ্থ বৃহৎ জিলা৷ এই জিলা উপায়ুক্ত (Deputy Commissioner)ৰ অধীনত পৰিচালিত হয়৷
সেনাপতি জিলাখন সাতটা মহকুমাত বিভক্ত:[2]
মহকুমা | সদৰ ঠাই | |
---|---|---|
১ | Mao-Maram | Tadubi |
২ | Paomata | Paomata |
৩ | Purul | Purul |
৪ | Willong | Willong |
৫ | Chilivai-Phaibung | Phaibung |
৬ | Song Song | Song Song |
৭ | Lairouching | Lairouching |
অৰ্থনীতি[সম্পাদনা কৰক]
কৃষি[সম্পাদনা কৰক]
সেনাপতি জিলাৰ ৬৬.৪৩% মাটি অৰণ্য আৰু ২০% কৃষিভূমি৷ এই জিলাত উৎপাদন কৰা মূল শস্যবোৰ হৈছে ধান, গোমধান, আলু, বন্ধাকবি আৰু মাহজাতীয় শস্য৷ জিলাখনৰ অধইকাংশ লোকেই কৃষক৷


জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি সেনাপতি জিলাৰ মুঠ জনসংখ্যা ৪,৭৯,১৪৮ জন৷[3] ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৫৬৫৷[3] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১০৯ জন৷[3] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৫.১৬% [3] সেনাপতি জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৯ গৰাকী[3] আৰু সাক্ষৰতাৰ হাৰ ৭৫%৷[3]
সেনাপতি জিলাৰ অধিবাসীসকল মূলত মাও নগা (Mao Naga), Maram, Poumai, Thangal, Zemai, Liangmai, Rongmei(Kabui), Tangkhul, Meetei, Thadou, নেপালী, Vaiphei, Chothe, Chiru, Maring আদি জনজাতিৰ লোক৷
ভাষা[সম্পাদনা কৰক]
এই জিলাত প্ৰচলিত মূল ভাষাসমূহ হৈছে:
- মাও (Mao) ভাষা
- পওমাই (Poumai) ভাষা
- ৰংমেই (Rongmei) ভাষা
- জেমি (Zeme) ভাষা
- Lianglad
- জেমি ভাষা
- Maram ভাষা
- Khoirao ভাষা
- Mzieme ভাষা
- Inpui ভাষা
- আংগামী পশ্চুৰী (Angami–Pochuri) ভাষা
- Chokri ভাষা
সংস্কৃতি[সম্পাদনা কৰক]
উৎসৱ[সম্পাদনা কৰক]
সেনাপতি জিলাত পালন কৰা প্ৰধান উৎসৱসমূহ হৈছে:
- Chaga Ngee:এই উৎসৱ ৩০ অক্টোবৰৰ দিনা লিয়াংমাই জনজাতি (liangmai tribe) ৰ লোকসকলে পালন কৰে৷
- Thounii: এই উৎসৱ পওমাই নগা (Poumai Naga) জনজাতিৰ লোকসকলে ৫ জানুৱাৰীৰ দিনা পালন কৰে৷
- Laonii: এই উৎসৱো পওমাই নগাসকলৰ কৃষিৰ লগত জড়িত উৎসৱ৷ সাধাৰণতে জুলাই মাহৰ শেষৰফালে এই উৎসৱ পালন কৰা হয়৷
- Chiithuni: এই উৎসৱ ডিচেম্বৰ মাহত মাও নগা (Mao Naga) সকলে ছদিনীয়াকৈ উদযাপন কৰে৷
- Saleni: এই উৎসৱ কৃষিৰ লগত জড়িত৷ জুলাই মাহত ধান ৰোৱাৰ সময়ত মাও নগাসকলে এই উৎসৱ উদযাপন কৰে৷
- Ponghi: মাৰাম নগা (Maram Naga) লোকসকলে জুলাই মাহত ধান ৰোৱাৰ সময়ত সাতদিনীয়াকৈ এই উৎসৱ পালন কৰে৷
- Kanghi: এই উৎসৱ মাৰাম নগাসকলে ডিচেম্বৰ মাহত সাতদিন পৰ্যন্ত উদযাপন কৰে৷ পৰম্পৰাগত মল্লযুঁজ এই উৎসৱৰ এক অন্যতম অংগ৷
পৰ্য্যটন[সম্পাদনা কৰক]

- কওব্ৰু পৰ্বত (Koubru Mountain): এই পৰ্বত মণিপুৰৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বত৷ এই পৰ্বত মেইটেই লোকসকলৰ জনবিশ্বাসত আৰাধ্য দেবতা "Koubru" ৰ উপাসনাৰ স্থল৷ এই পৰ্বতত ভালেসংখ্যক গুহা আছে৷
- কওব্ৰু লাইখা (Koubru Laikha)': কওব্ৰু লাইখা মণিপুৰৰ এটা বিখ্যাত শিব মন্দিৰ৷ এই মন্দিৰটো ইম্ফল নদীৰ পাৰত অৱস্থিত৷ শিৱৰাত্ৰিৰ দিনা এই মন্দিৰত অসংখ্য লোকৰ সমাগম হয়৷
- কংপকপি (Kangpokpi): সেনাপতি জিলাৰ দ্বিতীয় বৃহৎ নগৰ৷ মূল অধিবাসী থাদও কুকী জনজাতিয় লোকসকল৷
- মাও দ্বাৰ (Mao Gate): মণিপুৰ-নাগালেণ্ড সীমান্তত অৱস্থিত এক পাহাৰীয়া ঠাই৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ http://rtoaifmvd.com/Contact_Manipur.aspx
- ↑ Office of the Registrar General of India
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
পেৰেণ জিলা, নাগালেণ্ড | ক’হিমা জিলা, নাগালেণ্ড | ফেক জিলা, নাগালেণ্ড | ![]() |
তামেংলং জিলা | ![]() |
উখৰুল জিলা | ||
![]() ![]() | ||||
![]() | ||||
চুড়াচান্দপুৰ জিলা | বিষ্ণুপুৰ জিলা পশ্চিম ইম্ফল জিলা |
পূব ইম্ফল জিলা থৌবাল জিলা |
|