বিষ্ণুপুৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিষ্ণুপুৰ জিলা
—  মণিপুৰৰ জিলা  —
মণিপুৰত বিষ্ণুপুৰৰ অৱস্থান
মণিপুৰত বিষ্ণুপুৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ বিষ্ণুপুৰ
মহকুমা বিষ্ণুপুৰ, নামব’ল, মইৰাং
চৰকাৰ
 - লোকসভা সমষ্টি ইনাৰ মণিপুৰ
মাটিকালি
 - মুঠ ৪৯৬ কি.মি. 
(১৯১.৫ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ২,৪০,৩৬৩ জন
 - জনঘনত্ব ৪৮৪.৬ প্ৰতি বৰ্গ কি.মি. 
(১,২৫৫.১ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 24°38′N 93°46′E / 24.633°N 93.767°E / 24.633; 93.767স্থানাংক: 24°38′N 93°46′E / 24.633°N 93.767°E / 24.633; 93.767
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।

ভাৰতৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ খুমন খাম্বাৰ এটা ৰিলিফ ভাস্কৰ্য্য

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

বিষ্ণুপুৰ টাউন জিলাখনৰ মূল সদৰ ঠাই। এই জিলাৰ উল্লেখযোগ্য নগৰবোৰ হৈছে Nambol, Moirang, Ningthoukhong আৰু Kumbi আৰু গাওঁসমূহ হৈছে Nachou, Ngaikhong Khullen, Toubul, আৰু Khoijuman Khullen।

জনসংখ্যা[সম্পাদনা কৰক]

বিষ্ণুপুৰ জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
  
৯১.৫৬%
অন্য
  
১৬.২০%
ইছলাম ধৰ্ম
  
৭.৮৭%
খ্ৰীষ্টান ধৰ্ম‎
  
১.৮০%
তথ্য নাই
  
০.৩১%
বৌদ্ধ ধৰ্ম‎
  
০.০৩%
শিখ ধৰ্ম‎
  
০.০২%
জৈন ধৰ্ম‎
  
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি বিষ্ণুপুৰৰ মুঠ জনসংখ্যা হৈছে ২৪০,৩৬৩ জন।[1] ভাৰতত মুঠ ৬৪০জন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৫৮৩।[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৮৩ জন।[1] ২০০১-২০১১ দশকত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ১৫.৩৬% [1] বিষ্ণুপুৰৰ সাক্ষৰতাৰ হাৰ ৭৬.৩৫%।[1]

ভাষা[সম্পাদনা কৰক]

বিষ্ণুপুৰৰ মূল ভাষা মেইটেইল’ন (Meiteilon)। অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে বিষ্ণুপুৰীয়া মণিপুৰী আৰু চাইন’-তীব্বেতীয় মূলৰ আইম’ল (Aimol)[2]। চাইন’-তীব্বেতীয় মূলৰ অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে:

  • উত্তৰৰ কুকী-চীন ভাষা (Kuki-Chin languages)
    • কম (Kom language)
    • চিৰু (Chiru language)
    • আইম’ল (Aimol language)
    • চ’থ (Chothe language)
  • জেমি (Zeme languages)
    • জেমি ভাষা

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

১৯৭৭ চনত বিষ্ণুপুৰৰ 40 বৰ্গ কি.মি. (15.4 বৰ্গ মাইল) জোৰা অঞ্চলটোক কেইবুল লাঞ্জাও ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়।[3]

মহকুমা[সম্পাদনা কৰক]

জিলাখন তিনিটা মহকুমাৰে গঠিত:

  • বিষ্ণুপুৰ (Bishnupur)
  • নামব’ল (Nambol)
  • মইৰাং (Moirang)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. M. Paul Lewis, ed. (2009). "Aimol: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  3. Indian Ministry of Forests and Environment. "Protected areas: Manipur". Archived from the original on October 9, 2011. https://web.archive.org/web/20111009113803/http://oldwww.wii.gov.in/envis/envis_pa_network/page_states_ut.htm। আহৰণ কৰা হৈছে: September 25, 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]