সমললৈ যাওক

বিষ্ণুপুৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিষ্ণুপুৰ জিলা
মণিপুৰত বিষ্ণুপুৰৰ অৱস্থান
মণিপুৰত বিষ্ণুপুৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ বিষ্ণুপুৰ
মহকুমা বিষ্ণুপুৰ, নামব’ল, মইৰাং
চৰকাৰ
  লোকসভা সমষ্টি ইনাৰ মণিপুৰ
কালি
  মুঠ
৪৯৬ বৰ্গকিমি (১৯২ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
২,৪০,৩৬৩
  ঘনত্ব ৪৮০/বৰ্গকিমি (১,৩০০/বৰ্গমাইল)

বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।

ভাৰতৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ খুমন খাম্বাৰ এটা ৰিলিফ ভাস্কৰ্য্য

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

বিষ্ণুপুৰ টাউন জিলাখনৰ মূল সদৰ ঠাই। এই জিলাৰ উল্লেখযোগ্য নগৰবোৰ হৈছে Nambol, Moirang, Ningthoukhong আৰু Kumbi আৰু গাওঁসমূহ হৈছে Nachou, Ngaikhong Khullen, Toubul, আৰু Khoijuman Khullen।

জনসংখ্যা

[সম্পাদনা কৰক]
বিষ্ণুপুৰ জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
 
৯১.৫৬%
অন্য
 
১৬.২০%
ইছলাম ধৰ্ম
 
৭.৮৭%
খ্ৰীষ্টান ধৰ্ম‎
 
১.৮০%
তথ্য নাই
 
০.৩১%
বৌদ্ধ ধৰ্ম‎
 
০.০৩%
শিখ ধৰ্ম‎
 
০.০২%
জৈন ধৰ্ম‎
 
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি বিষ্ণুপুৰৰ মুঠ জনসংখ্যা হৈছে ২৪০,৩৬৩ জন।[1] ভাৰতত মুঠ ৬৪০জন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৫৮৩।[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৮৩ জন।[1] ২০০১-২০১১ দশকত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ১৫.৩৬% [1] বিষ্ণুপুৰৰ সাক্ষৰতাৰ হাৰ ৭৬.৩৫%।[1]

বিষ্ণুপুৰৰ মূল ভাষা মেইটেইল’ন (Meiteilon)। অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে বিষ্ণুপুৰীয়া মণিপুৰী আৰু চাইন’-তীব্বেতীয় মূলৰ আইম’ল (Aimol)[2]। চাইন’-তীব্বেতীয় মূলৰ অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে:

  • উত্তৰৰ কুকী-চীন ভাষা (Kuki-Chin languages)
    • কম (Kom language)
    • চিৰু (Chiru language)
    • আইম’ল (Aimol language)
    • চ’থ (Chothe language)
  • জেমি (Zeme languages)
    • জেমি ভাষা

জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

১৯৭৭ চনত বিষ্ণুপুৰৰ 40 বৰ্গ কি.মি. (15.4 বৰ্গ মাইল) জোৰা অঞ্চলটোক কেইবুল লাঞ্জাও ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়।[3]

জিলাখন তিনিটা মহকুমাৰে গঠিত:

  • বিষ্ণুপুৰ (Bishnupur)
  • নামব’ল (Nambol)
  • মইৰাং (Moirang)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  2. M. Paul Lewis, ed. (2009). "Aimol: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
  3. Indian Ministry of Forests and Environment. "Protected areas: Manipur". Archived from the original on October 9, 2011. https://web.archive.org/web/20111009113803/http://oldwww.wii.gov.in/envis/envis_pa_network/page_states_ut.htm আহৰণ কৰা হৈছে: September 25, 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]