তামেংলং জিলা
তামেংলং জিলা | |
---|---|
— মণিপুৰৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | মণিপুৰ |
সদৰ | তামেংলং |
মহকুমা | তামেংলং, তামেই, তউছেম |
চৰকাৰ | |
- লোকসভা সমষ্টি | আউটাৰ মণিপুৰ |
মাটিকালি | |
- মুঠ | ৪,৩৯১ কি.মি.২ (১,৬৯৫.৪ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১,৪০,১৪৩ জন |
- জনঘনত্ব | ৩১.৯ প্ৰতি বৰ্গ কি.মি. (৮২.৭ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 24°59′N 93°29′E / 24.983°N 93.483°Eস্থানাংক: 24°59′N 93°29′E / 24.983°N 93.483°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
তামেংলং জিলা (Tamenglong district, Pron:/tæmɛŋˈlɒŋ/) ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷[1]এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷
ইতিহাস[সম্পাদনা কৰক]
১৯১৯ চনত ব্ৰিটিছৰ শাসনৰ সময়ত মণিপুৰ হিলছৰ চাৰিটা মহকুমা প্ৰতিষ্ঠা কৰা হয়- উত্তৰ-পূব মহকুমা, উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম মহকুমা৷ ইয়াৰে উত্তৰ-পশ্চিম মহকুমাটোৰ সদৰ খঞ্জাও, তামেংলং গাঁৱত প্ৰতিষ্ঠা কৰা হয়৷ Khunjao, এই মহকুমাৰ বিষয়া হিচাপে নিয়োগ কৰা হয় ৱিলিয়াম শ্ব (Mr. William Shaw) ক৷ ১৯২৩ চনত এই সদৰ ঠাই খুঞ্জাওৰ পৰা ৩ কিমি দুৰত্বত অৱস্থিত বৰ্তমানৰ তামেংলঙলৈ স্থানান্তৰিত কৰা হয়৷ পৰৱৰ্তী কালত উত্তৰ-পশ্চিম মহকুমাকে তামেংলং নামেৰে অভিহিত কৰে৷ ১৯৬৯ চনত এই তামেংলং পূৰ্ণাংগ জিলা হিচাপে পৰিগণিত হয়৷
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
তামেংলং জিলাৰ উত্তৰে নাগালেণ্ড ৰাজ্য, পূবে সেনাপতি জিলা, দক্ষিণে চুড়াচন্দ্ৰপুৰ জিলা আৰু পশ্চিমে ইম্ফল পশ্চিম জিলা আৰু অসম ৰাজ্য অৱস্থিত৷ এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷
অৰ্থনীতি[সম্পাদনা কৰক]
২০০৬ চনৰ ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ ভিতৰত তামেংলং এখন বুলি অভিহিত কৰে।[2] ভাৰতৰ Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা অনুমোদন লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত তামেংলং অন্যতম৷[2]
মহকুমা[সম্পাদনা কৰক]
তামেংলং জিলাৰ তিনিটা মহকুমা আছে:
- তামেংলং (Tamenglong)
- তামেই (Tamei)
- তউছেম (Tousem)
শেহতীয়াকৈ ননী জিলা (Noney District)-খন তামেংলঙৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়া হয়৷
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ মুঠ জনসংখ্যা ১৪০,৬৫১ জন[1]৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬০৭৷ এই জিলাৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জন৷ ২০০১-২০১১ লৈ জিলাখনৰ জনসংখ্য বৃদ্ধিৰ হাৰ আছই ২৫.৬৯%৷ তামেংলং জিলাৰ পৰ্তি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৩ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৪%৷
ভাষাসমূহ[সম্পাদনা কৰক]
জিলাখনৰ ব্যৱহৃত মূল ভাষাসমূহ চিনী-তীব্বতীয় মূলৰ (Sino-Tibetan languages)৷ এই ভাষা/উপভাষাসমূহ হৈছে:
- জেলিয়াংগ্ৰং (Zeliangrong Language)
- জেমি (Zeme language)
- লিয়াংমাই (Liangmai Language)
- ৰংমেই (Rongmei Language)
- ইনপুই (Inpui language)
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Tamenglong". Government of India2011 Census of India. Archived from the original on 14 September 2017. https://archive.is/20170914173236/http://www.censusindia.gov.in/pca/SearchDetails.aspx?Id=304560। আহৰণ কৰা হৈছে: 14 September 2017.
- ↑ 2.0 2.1 Ministry of Panchayati Raj (September 8, 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on April 5, 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: September 27, 2011.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ডিমা হাছাও জিলা, অসম | পেৰেণ জিলা, নাগালেণ্ড | ![]() | |
কাছাৰ জিলা, অসম | ![]() |
সেনাপতি জিলা | ||
![]() ![]() | ||||
![]() | ||||
চুড়াচান্দপুৰ জিলা |
|