পেৰেণ জিলা
পেৰেণ জিলা | |
---|---|
— জিলা — | |
Liangmai Dance.jpgপেৰেণ জিলাৰ পৰম্পৰাগত এটি নৃত্য | |
নাগালেণ্ডত পেৰেণ জিলাৰ অৱস্থান | |
ৰাজ্য | নাগালেণ্ড |
দেশ | ![]() |
মাটিকালি | |
- মুঠ | ২,৩০০ কি.মি.২ (৮৮৮ বৰ্গ মাইল) |
উচ্চতা | ১,৪৪৫ মিটাৰ (৪,৭৪০.৮১ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯৪,৯৫৪ জন |
- জনঘনত্ব | ৪১.৩ প্ৰতি বৰ্গ কি.মি. (১০৬.৯ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-NL-PE |
ৱেবছাইট | peren-district |
পেৰেণ জিলা নাগালেণ্ডৰ একদশ জিলা৷ এই জিলা পূৰ্বৰ বৃহত্তৰ কহিমা জিলাক বিভক্ত কৰি গঠন কৰা হৈছিল৷
ইতিহাস[সম্পাদনা কৰক]
পেৰেণ জিলা পূৰ্বতে কহিমা জিলাৰ এটা মহকুমা আছিল৷ ২০০৩ চনৰ ২৪ অক্টোবৰত এই জিলাক এক পৃথক জিলা হিচাপে স্বীকৃতি দিয়া হয়৷[1]
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
পেৰেণ জিলাৰ পশ্চিমে অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা আৰু উত্তৰ-পূব দিশত ডিমাপুৰ জিলা অৱস্থিত৷ এই জিলাৰ পূবে কহিমা জিলা আৰু দক্ষিণে মণিপুৰ ৰাজ্য৷
পেৰেণ জিলাৰ সদৰঠাই নিউ পেৰেণ (New Peren)৷ এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৮০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ পৰ্যন্ত৷ পেৰেণ জিলাৰ মূল নগৰ অঞ্চলসমূহ হৈছে টেনিং (Tening), জালুকী (Jalukie) আৰু পেৰেণ৷
পেৰেণ জিলাৰ মূল নদী আৰু উপনৈবোৰ হ’ল Tepuiki, Mbeiki, Ntanki, Mungleu, Tesanki, Nguiki, Nkwareu, Techauki, Ngungreu, Tahaiki আৰু Duilumreu (Tepuiki নৈৰ উপনৈ)৷
পেৰেণ জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউন্ট পাউনা (Mt. Paona) যি সাগৰ পৃষ্ঠৰ পৰা ২৫০০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই পৰ্বত নাগালেণ্ডৰ তৃতীয় উচ্চতম পৰ্বত৷
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি পেৰেণ জিলাৰ মুঠ জনসংখ্যা ৯৪,৯৫৪ জন।[2] গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৬৷[2] পেৰেণ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৭ গৰাকী৷[2] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯%।[2]
পেৰেণ জিলাৰ সংখ্যাগৰিষ্ঠ লোক জেলিয়াং (Zeliang) আৰু কুকী (Kuki) জনজাতিৰ লোক৷[উদ্ধৃতিৰ প্ৰয়োজন]
জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]
পেৰেণ জিলাত ইনটাংকি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত৷ এই উদ্যানে জিলাখনৰ ২০২ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "District Census Handbook - Peren". 2011 Census of India (Directorate of Census Operations, Nagaland). http://www.censusindia.gov.in/2011census/dchb/1311_PART_B_DCHB_PEREN.pdf। আহৰণ কৰা হৈছে: 2015-07-22.
- ↑ 2.0 2.1 2.2 2.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ডিমাপুৰ জিলা | কহিমা জিলা | ![]() | |
কাৰ্বি আংলং জিলা, অসম | ![]() |
সেনাপতি জিলা, মণিপুৰ | ||
![]() ![]() | ||||
![]() | ||||
তামেংলং জিলা, মণিপুৰ |
|