জুন্হেব’ট’ জিলা
জুন্হেব’ট’ জিলা | |
|---|---|
জুন্হেব’ট’ জিলাত চুমি নগাসকলৰ এক উৎসৱ | |
নাগালেণ্ডত জুন্হেব’ট’ জিলাৰ অৱস্থান | |
| স্থানাংক: 26°01′N 94°31′E / 26.017°N 94.517°Eস্থানাংক: 26°01′N 94°31′E / 26.017°N 94.517°E | |
| দেশ | |
| ৰাজ্য | নাগালেণ্ড |
| কালি | |
• মুঠ |
১,২৫৫ বৰ্গকিমি (৪৮৫ বৰ্গমাইল) |
| • ভূমি | ১,২০০ বৰ্গকিমি (৫০০ বৰ্গমাইল) |
| • পানী | ৫৫ বৰ্গকিমি (২১ বৰ্গমাইল) 1.8% |
| জনসংখ্যা (২০১১)[1] | |
• মুঠ |
১,৪০,৭৫৭ |
| • ঘনত্ব | ১১০/km২ (২৯০/sq mi) |
জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]এই জিলাৰ উত্তৰে নাগালেণ্ডৰ মোককচাং জিলা, পশ্চিমে ক’হিমা জিলা আৰু ৱখা জিলা, দক্ষিণে ফেক জিলা আৰু পূবে টুৱেনচাং আৰু কিফিৰে জিলা৷ এই জিলাৰ সদৰ ঠাই জুন্হেব’ট’৷
জিলাখনৰ সৰহভাগ অঞ্চলেই পাহাৰীয়া আৰু চিৰসেউজীয়া বনাঞ্চলেৰে আগুৰা৷ এই জিলাত চাটৈ ৰেঞ্জ অৱস্থিত যি পক্ষী নীৰিক্ষক আৰু জীৱবিজ্ঞানীসকলৰ গৱেষণাৰ প্ৰধান থলী৷ এই অংশটো Satakha মহকুমাৰ দহখন গাওঁ লৈ গঠিত হৈছে৷ চাটৈ ৰেঞ্জক ভাৰতৰ Important Bird Area আৰু Endemic Bird Area হিচাপে স্বীকৃতি দিয়া হৈছে৷ বহুতো আপুৰুগীয়া চৰাই যেনে Blyth'sTragopan, Kalij Pheasent আৰু Peacock Pheasent ইত্যাদি অঞ্চলটোত দেখিবলৈ পোৱা যায়৷
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৪০,৭৫৭ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৮৷[1] এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮১ গৰাকী৷[1] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.২৬%।[1]
জুন্হেব’ট’ৰ সংখ্যাগৰিষ্ঠ লোক চুমি নগা (Sumi Nagas) জনজাতিৰ৷ এই জিলাত খ্ৰীষ্টান মিছনেৰীসকলৰ আগমণৰ সময়লৈকে মুণ্ড চিকাৰ (Head hunting) প্ৰচলিত আছিল৷ এই জিলাৰ অধিকাংশ লোকৰ মূল জীৱিকা কৃষি৷[2]
শিক্ষা
[সম্পাদনা কৰক]এই জিলাৰ আকুলুট’ (Akuluto) মহকুমাৰ লুমামি (Lumami) গাঁৱত নাগালেণ্ড বিশ্ববিদ্যালয় অৱস্থিত৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ "Asia's largest church built in Nagaland; new church building set for dedication". International Business Times. http://www.ibtimes.co.in/asias-largest-church-built-nagaland-new-church-building-set-dedication-723949। আহৰণ কৰা হৈছে: 30 April 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|
মোককচাং জিলা | টুৱেনচাং জিলা |
| |
| ৱখা জিলা | কিফিৰে জিলা | |||
| ক’হিমা জিলা | ফেক জিলা |
| ||||||||||||||||||||
