ভাৰতীয় মান সময়
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ কৰিছিল।[1]
ভাৰতৰ মান সময় গ্ৰীনউইছৰ পৰা ৮২.৫° পূৰ্ব দ্ৰাঘিমাংশ ধৰি হিচাপ কৰা হয়, এই ৰেখাডাল উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদৰ নইনিৰ ওপৰেদি পাৰ হৈ গৈছে।
ইতিহাস
[সম্পাদনা কৰক]ব্ৰিটিছ শাসন কালত ১৯০৬ চনৰ ১ জানুৱাৰীত মাদ্ৰাজ সময় (ৰেলৱে সময়) পৰ্যায়ক্ৰমে বন্ধ কৰি ভাৰতীয় মান সময় গ্ৰহণ কৰা হৈছিল,[2] আৰু ১৯৪৭ চনত স্বাধীনতাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই মান সময় সমগ্ৰ দেশৰ আনুষ্ঠানিক সময় হিচাপে প্ৰতিষ্ঠা কৰে যদিও কলকাতা আৰু মুম্বাইয়ে ক্ৰমে ১৯৪৮ আৰু ১৯৫৫ চনলৈকে নিজৰ স্থানীয় মান সময় (কলিকতা সময় আৰু বম্বে সময় নামেৰে জনাজাত) প্ৰচলিত কৰি ৰাখিছিল।[3] ভাৰতীয় মান সময়ৰ বাবে কেন্দ্ৰীয় নিৰীক্ষণ কেন্দ্ৰটো মাদ্ৰাজৰ পৰা এলাহাবাদ জিলাৰ শংকৰগড় দুৰ্গৰ এটা স্থানলৈ স্থানান্তৰ কৰা হৈছিল, যাতে ই গ্ৰীনউইছ মান সময়+০৫:৩০ৰ যিমান পাৰি সিমান নিকটবৰ্তী হ’ব পাৰে।[4]
১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ তথা ১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতত দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ কৰা হৈছিল।[1]
পূৰ্ৱৰ সময় অঞ্চলসমূহ
[সম্পাদনা কৰক]সময় অঞ্চল | ইউটিচি | সময়সীমা | উদ্দেশ্য |
---|---|---|---|
বম্বে সময় | ইউটিচি+০৪:৫১ | ১৮৮৪–১৯৫৫ | চৰকাৰী |
কলকাতা সময় | ইউটিচি+০৫:৫৩:২০ | ১৮৮৪–১৯৪৮ | চৰকাৰী |
চেন্নাই/মাদ্ৰাজ সময় | ইউটিচি+০৫:২১:১৪ | ১৮০২–১৯০৬ | ৰেলৰ সময় |
পৰ্ট ব্লেয়াৰ মান সময় | ইউটিচি+০৬:১০:৩৭ | ১৯ শতিকা–১৯০৬ | স্থানীয় |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "India Time Zones". Greenwich Mean Time. http://wwp.india-time.com/indian-time-zones.htm। আহৰণ কৰা হৈছে: 2006-11-25.
- ↑ Menon, Nitya (22 August 2014). "When Madras clocked the time". The Hindu. https://www.thehindu.com/news/cities/chennai/Madras-375-When-Madras-clocked-the-time/article60343496.ece। আহৰণ কৰা হৈছে: 1 January 2023.
- ↑ "Odds and Ends". Indian Railways Fan Club. http://www.irfca.org/faq/faq-misc.html। আহৰণ কৰা হৈছে: 2006-11-25.
- ↑ "India Standard Time". The Hans India (Hyderabad Media House Limited). 19 April 2018. https://www.thehansindia.com/posts/index/Hans-Classroom/2018-04-19/India-Standard-Time/374988.