লংলেং জিলা
লংলেং জিলা | |
|---|---|
নাগালেণ্ডত লংলেং জিলাৰ অৱস্থান | |
| স্থানাংক: 26°31′N 94°56′E / 26.517°N 94.933°Eস্থানাংক: 26°31′N 94°56′E / 26.517°N 94.933°E | |
| ৰাজ্য | নাগালেণ্ড |
| দেশ | |
| বিধানসভা সমষ্টি | লংলেং |
| উচ্চতা | ১,০৬৬ মিটাৰ (৩,৪৯৭ ফুট) |
| জনসংখ্যা (2011) | |
• মুঠ |
৫০,৫৯৩ |
লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷[1]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]লংলেং নাগালেণ্ডৰ দশম জিলা৷ এই জিলাৰ উত্তৰে মন জিলা, দক্ষিণে টুৱেনছাং জিলা আৰু পশ্চিমে মককচুং জিলা অৱস্থিত৷ এই জিলাৰ সদৰঠাই লংলেং যি সাগৰ পৃষ্ঠৰ পৰা ১০৬৬ মিটাৰ উচ্চতাত অৱস্থিত৷ এই জিলাৰ প্ৰধান টাউনসমূহ হৈছে তামলু (Tamlu) আৰু লংলেং আৰু মূল নদী দিখো (Dikhu)।
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ জনৰ জনসংখ্যা অনুসৰি লংলেং জিলাৰ মুঠ জনসংখ্যা ৫০,৫৯৩ জন৷[1] গতিকে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬৩২৷ [1] লংলেঙৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯০৩ গৰাকী৷[1] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৩.১%।[1]
লংলেং জিলাৰ সংখ্যাগৰিষ্ঠ লোকে ব্যৱহাৰ কৰা ভাষাটো হ’ল ফ’ম (Phom)৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
|
শিৱসাগৰ জিলা, অসম |
| ||
| মোককচাং জিলা | মন জিলা | |||
| টুৱেনচাং জিলা |
| ||||||||||||||||||||
