থৌবাল জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
থৌবাল জিলা
ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛ
—  মণিপুৰৰ জিলা  —
মণিপুৰত থৌবালৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ থৌবাল
মহকুমা থৌবাল, লিলং
চৰকাৰ
 - লোকসভা সমষ্টি ইনাৰ মণিপুৰ
মাটিকালি
 - মুঠ ৫১৪ কি.মি. 
(১৯৮.৫ বৰ্গ মাইল)
উচ্চতা ৭৯০ মিটাৰ (২,৫৯১.৮৬৩৫১৭০৬০৪ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৪,২০,৫১৭ জন
 - জনঘনত্ব ৮১৮.১ প্ৰতি বৰ্গ কি.মি. 
(২,১১৮.৯ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৭৬.৬৬%
 - লিংগ অনুপাত ১০০০ / ১০০৬
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
যানবাহনৰ নম্বৰ MN
স্থানাঙ্ক 24°39′N 93°59′E / 24.65°N 93.983°E / 24.65; 93.983স্থানাংক: 24°39′N 93°59′E / 24.65°N 93.983°E / 24.65; 93.983
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

থৌবাল জিলা (Thoubal district, Pron:/ˈθɑʊbɑːl orˈθɑʊbəl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে সেনাপতি জিলা, পূবে উখৰুল আৰু চান্দেল জিলা, দক্ষিণে চুড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা আৰু পশ্চিমে পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা অৱস্থিত৷ থৌবাল জিলাৰ মুঠ মাটিকালি ৫১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ৪,২০,৫১৭ জন৷[1] জিলাখনৰ সদৰ ঠাই থৌবাল টাউন৷ এই জিলাৰ উল্লেখযোগ্য ঠাই হৈছে খঞ্জম (Khongjom), য’ত ১৮৯১ চনৰ এপ্ৰিল মাহত ব্ৰিটিছৰ সৈতে মণিপুৰৰ স্বাধীনতাৰ বাবে অন্তিম যুদ্ধখন সংঘটিত হৈছিল৷

ইতিহাস[সম্পাদনা কৰক]

১৯৮৩ চনত পূৰ্বৰ মণিপুৰ কেন্দ্ৰীয় জিলাৰ থৌবাল মহকুমাক পৃথক কৰি স্বকীয় জিলা হিচাপে স্বীকৃতি দিয়া হয়৷ তেতিয়া এই জিলা তিনিটা মহকুমাৰে গঠিত হৈছিল: থৌবাল (Thoubal), লিলং (Lilong) আৰু কাকচিং (Kakching)৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

থৌবাল জিলাখনে মণিপুৰ উপত্যকাৰ পূবৰ প্ৰায় অৰ্ধাংশ জুৰি আছে৷ জিলাখনৰ সীমা ত্ৰিভুজাকাৰ৷ এই জিলা ২৩° ৪৫' – ২৪° ৪৫' উত্তৰ অক্ষাংশ আৰু ৯৩° ৪৫' – ৯৪° ১৫' পূব দ্ৰাঘিমাংশত অৱস্থিত৷ থৌবাল জিলাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৭৯০ মিটাৰ৷

থৌবাল জিলাৰ দক্ষিণ-পশ্চিম অংশত মণিপুৰৰ বিখ্যাত লকটক হ্ৰদ অৱস্থিত৷ এই অঞ্চলত থকা অন্যান্য হ্ৰদবোৰ হৈছে খাৰুং (Kharung), ইক’প (Ikop), পুমলেন (Pumlen), লৌছি (Lousi) আৰু গাংগু (Ngangou)৷

অৰ্থনীতি[সম্পাদনা কৰক]

কৃষি থৌবাল জিলাৰ মূল আৰ্থিক অৱলম্বন৷ জিলাখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০% লোক কৃষিৰ লগত জড়িত৷ এই জিলাৰ উপত্যকা সাৰুৱা আৰু জলসিঞ্চনৰ বাবে উপযোগী৷ জিলাখনত উৎপাদিত মূল শস্য হৈছে ধান৷ ইয়াত উৎপাদিত অন্যান্য শস্যবোৰ হৈছে কুঁহিয়াৰ, গোমধান, মাহ, আলু, জলকীয়া ইত্যাদি৷ থৌবাল জিলাত মণিপুৰৰ ভিতৰতে সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়৷[2]

জনসংখ্যা[সম্পাদনা কৰক]

থৌবাল জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
  
৬৩.২৮%
ইছলাম ধৰ্ম‎
  
২৫.৪২%
অন্য
  
১০.০৩%
খ্ৰীষ্টান ধৰ্ম‎
  
১.০২%
তথ্য নাই
  
০.১৯%
শিখ ধৰ্ম‎
  
০.০৩%
বৌদ্ধ ধৰ্ম‎
  
০.০৩%
জৈন ধৰ্ম‎
  
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি থৌবাল জিলাৰ মুঠ জনসংখ্যা ৪,২০,৫১৭ জন৷[3] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৫৫৷[3] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৮১৮ জন৷[3] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫.৪৮%৷[3] থৌবাল জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০০৬ গৰাকী[3] আৰু সাক্ষৰতাৰ হাৰ ৭৬.৬৬%৷.[3]

যাতায়ত[সম্পাদনা কৰক]

থৌবাল জিলাৰ যাতায়ত ব্যৱস্থা যথেষ্ট কাৰ্যকৰী৷ প্ৰায়বোৰ নগৰ আৰু গাওঁ জিলাখনৰ সদৰঠাইৰ সৈতে সংযুক্ত৷ প্ৰথম এছিয় ৰাষ্ট্ৰীয় ঘাইপথ (AH-1) জিলাখনৰ মাজেদি পাৰ হৈ হৈছে৷

শিক্ষা[সম্পাদনা কৰক]

থৌবাল মহাবিদ্যালয়

থৌবাল আৰু কাকচিং জিলাখনৰ শিক্ষাৰ মূল কেন্দ্ৰ৷ জিলাখনত অৱস্থিত উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে থৌবাল মহাবিদ্যালয়, খা-মণিপুৰ মহাবিদ্যালয় ইত্যাদি৷ থৌবাল জিলা চিকিৎসালয়ত এখন নাৰ্ছিং মহাবিদ্যালয়ৰো নিৰ্মান হৈ আছে৷ অন্যান্য বিদ্যালয়সমূহ হছে জৱাহৰ নবোদয় বিদ্যালয়, পদ্ম ৰত্ন বিদ্যালয়, এভআৰগ্ৰীণ ফ্লাৱাৰ ইংলিছ স্কুল ইত্যাদি৷

প্ৰশাসন[সম্পাদনা কৰক]

থৌবাল জিলাৰ মহকুমা দুটা:

  • থৌবাল
  • লিলং ( Lilong)

শেহতীয়াকৈ কাকচিং মহকুমাক এই জিলাৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্যদ্যা দিয়া হয়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Ranking of Districts by Population Size, 2001 and 2011" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010–2011. http://censusindia.gov.in/2011-prov-results/data_files/Manipur/statement1.xls। আহৰণ কৰা হৈছে: 2011-09-18. 
  2. http://www.ias.ac.in/currsci/sep252005/1018.pdf
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]