চান্দেল জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চান্দেল জিলা
—  মণিপুৰৰ জিলা  —
মণিপুৰত চান্দেলৰ অৱস্থান
মণিপুৰত চান্দেলৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
স্থাপিত ১৩ মে' ১৯৭৪ (1974-05-13)
সদৰ চান্দেল
মহকুমা চান্দেল, চ’কপিকাৰং, খেঞ্জয়
চৰকাৰ
 - লোকসভা সমষ্টি আউটাৰ মণিপুৰ
মাটিকালি
 - মুঠ ৫২১ কি.মি. 
(২০১.২ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১,৬৮,২১৭ জন
 - জনঘনত্ব ৩২২.৯ প্ৰতি বৰ্গ কি.মি. 
(৮৩৬.২ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 24°19′N 93°59′E / 24.317°N 93.983°E / 24.317; 93.983স্থানাংক: 24°19′N 93°59′E / 24.317°N 93.983°E / 24.317; 93.983
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

চান্দেল জিলা (Pron:/ˌtʃænˈdɛl/) উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷[1]

ইতিহাস[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১৩ মে’ তাৰিখে তেংন’পল (Tengnoupal) নামেৰে এই জিলাৰ স্ৰৃষ্টি কৰা হয়৷ ১৯৮৩ চনত জিলাখনৰ সদৰ ঠাই চান্দেললৈ অনা হয় আৰু পৰৱৰ্ত্তী কালত জিলাখনক চান্দেল নামেৰেই অভিহিত কৰা হয়৷ চান্দেল নামটো প্ৰকৃততে Chamdil শব্দৰ পৰা অহা৷ আনাল ভাষা (Anāl (Pakan) language) ত এই নামৰ অৰ্থ: cham = 'simple', আৰু dil = 'trousers'৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

এই জিলাৰ প্ৰশাসনৰ মূল কেন্দ্ৰ চান্দেল নগৰ৷ মণিপুৰ আৰু ম্যানমাৰৰ মাজৰ বেহা-বেপাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ম’ৰে নগৰ (Moreh town) জিলাখনৰ দক্ষিণ দিশত অৱস্থিত৷ জিলাখনৰ বাণিজ্যৰ অন্য এক উল্লেখযোগ্য কেন্দ্ৰস্থলী হৈছে চ’কপিকাৰং নগৰ (Chakpikarong town)৷ এই নগৰৰ মাজেদি চ’কপি নদী (Chakpi) বৈ গৈছে৷

অৰ্থনীতি[সম্পাদনা কৰক]

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০ খন জিলাৰ ভিতৰত চান্দেল জিলাকো অন্তৰ্ভুক্ত কৰে৷[2] ভাৰতৰ Backward Regions Grant Fund Programme (BRGF) ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত চান্দেল জিলা অন্যতম৷[2]

মহকুমা[সম্পাদনা কৰক]

চান্দেল জিলাখনক তিনিটা মহকুমাত বিভক্ত কৰা হৈছে:

  • চান্দেল (Chandel)
  • চ’কপিকাৰং (Chakpikarong)
  • খেঞ্জয় (Khengjoy)

জনসংখ্যা[সম্পাদনা কৰক]

চান্দেল জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
খ্ৰীষ্টান ধৰ্ম‎
  
৮৯.৫০%
হিন্দু ধৰ্ম‎
  
৭.৫০%
ইছলাম ধৰ্ম
  
২.১৪%
বৌদ্ধ ধৰ্ম
  
০.২৮%
অন্য
  
০.২৫%
তথ্য নাই
  
০.২০%
জৈন ধৰ্ম‎
  
০.০৪%
শিখ ধৰ্ম‎
  
০.০২%

২০১১ চনৰ লোকপিয়ল অনুসৰি চান্দেল জিলাৰ জনসংখ্যা ১৪৪,০২৮ জন৷[1] ভাৰতৰত মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৬০২৷[1] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৩ জন৷[1] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ২১.৭২%৷ [1] চান্দেলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩২ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৮৫%।[1]

ভাষাসমূহ[সম্পাদনা কৰক]

চান্দেল জিলাৰ সদৰ ঠাই চান্দেলৰ মূল ব্যৱহৃত ভাষা Anāl (Pakan), Lamkang আৰু মেইতেই ভাষা৷ এই নগৰৰ সংখ্যাগৰিষ্ঠ লোক Anāl, Lamkang, Moyon আৰু Monsang জনজাতিৰ৷[3] [4]

জিলাখনত ব্যৱহৃত অন্যান্য ভাষাসমূহ হ’ল:

  • উত্তৰ-পশ্চিম কুকী-চীন (Kuki-Chin) ভাষাসমূহ
    • Aimol ভাষা
    • Anal ভাষা
    • Zou ভাষা
    • Thadou ভাষা
    • Lamkang ভাষা
    • Chothe ভাষা
    • Purum ভাষা
    • Moyon ভাষা
    • Namfau ভাষা
    • Monsang ভাষা
    • Tarao ভাষা
  • Zeme ভাষা
  • Maring ভাষা
  • বড়ো ভাষা

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

১৯৮৯ চনত এই জিলাৰ ১৮৫ বৰ্গ কিলোমিটাৰ জুৰা এটা অঞ্চল Yangoupokpi-Lokchao বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়৷[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. 2.0 2.1 Ministry of Panchayati Raj (September 8, 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on April 5, 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: September 27, 2011. 
  3. M. Paul Lewis, ed. (2009). "Aimol: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  4. M. Paul Lewis, ed. (2009). "Anal: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  5. Indian Ministry of Forests and Environment. "Protected areas: Manipur". Archived from the original on October 9, 2011. https://web.archive.org/web/20111009113803/http://oldwww.wii.gov.in/envis/envis_pa_network/page_states_ut.htm। আহৰণ কৰা হৈছে: September 25, 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]