পূব ইম্ফল জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূব ইম্ফল জিলা
—  মণিপুৰৰ জিলা  —
Imphal East in Manipur (India).svgমণিপুৰৰ মানচিত্ৰত পূব ইম্ফল জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
প্ৰতিষ্ঠাপন ১৮ জুন ১৯৯৭ (1997-06-18)
সদৰ প’ৰম্পাত
মাটিকালি
 - মুঠ ৭১০ কি.মি. 
(২৭৪.১ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৪,৫২,৬৬১ জন
 - জনঘনত্ব ৬৩৭.৬ প্ৰতি বৰ্গ কি.মি. 
(১,৬৫১.২ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী মৈতৈ ভাষা
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-MN-EI
যানবাহনৰ নম্বৰ MN
ৱেবছাইট imphaleast.nic.in

পূব ইম্ফল জিলা (Imphal East district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ পিছতে এই জিলা মণিপুৰৰ দ্বিতীয় জনবহুল জিলা৷[1] ১৯৯৭ চনৰ ১৮ জুনত পূব ইম্ফাল জিলা প্ৰতিষ্ঠা হয়৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

ইম্ফল
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
১৩
 
২১
 
 
৩১
 
২৩
 
 
৬১
 
২৭
১১
 
 
১০১
 
২৯
১৫
 
 
১৪৬
 
২৯
১৮
 
 
২৮৪
 
২৯
২১
 
 
২৩১
 
২৯
২২
 
 
১৯৭
 
২৯
২১
 
 
১২৪
 
২৯
২০
 
 
১২০
 
২৮
১৭
 
 
৩৬
 
২৫
১০
 
 
১০
 
২২
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত
উৎস: IMD

পূব ইম্ফল জিলাৰ সদৰ ঠাই প’ৰম্পাত (Porompat) নগৰ৷ জিলাখনৰ মুঠ মাটিকালি ৭১০ বৰ্গ কিলোমিটাৰ৷ জিলাখন সাগৰ পৃষ্ঠৰ পৰা গড়ে ৭৯০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই জিলাৰ উষ্ণতা সৰ্বনিম্ন ০.৬ ডিগ্ৰীৰ পৰা সৰ্বোচ্চ ৪১ ডিগহৰী ছেলছিয়াছ পৰ্যন্ত হ’ব পাৰে৷ জিলাখনত কোনো ৰেলপথেৰে সংযোগী নহয়৷ জিলাখন ৩৯, ৫৩ আৰু ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত৷

জনসংখ্যা[সম্পাদনা কৰক]

পূব ইম্ফল জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
  
৬০.২৭%
ইছলাম ধৰ্ম‎
  
১৭.৫৮%
অন্য
  
১৫.৫৩%
খ্ৰীষ্টান ধৰ্ম‎
  
৬.০০%
তথ্য নাই
  
০.৪৩%
বৌদ্ধ ধৰ্ম‎
  
০.১৪%
শিখ ধৰ্ম‎
  
০.০৪%
জৈন ধৰ্ম‎
  
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি পূব ইম্ফল জিলাৰ মুঠ জনসংখ্যা ৪,৫২,৬৬১ জন৷[1] ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৫৫১৷[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৬৩৮ জন৷[1] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ১৪.৬৩% ৷[1] পূব ইম্ফল জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০১১ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮২.৮১%৷[1]

প্ৰশাসন[সম্পাদনা কৰক]

পূব ইম্ফল জিলা তিনিটা মহকুমাত বিভক্ত:

  • প’ৰম্পাত (Porompat)
  • কেইৰাও বিত্ৰা (Keirao Bitra)
  • চাৱ'মবুং (Sawombung)

শেহতীয়াকৈ এই জিলাৰে কিছু অংশ পৃথক কৰি জিৰিবাম জিলা (Jiribam ) গঠন কৰা হয়৷

অৰ্থনীতি[সম্পাদনা কৰক]

কৃষি[সম্পাদনা কৰক]

কৃষি এই জিলাৰ মূল অৱলম্বন৷ এই জিলাত উৎপাদিত মূল শস্যসমূহ হৈছে ধান, আলু আৰু শাক-পাচলি৷ অন্যান্য শস্যৰ ভিতৰত কুঁহিয়াৰ, ঘেঁহু, সৰিয়হ আদি উল্লেখযোগ্য৷ জিলাখনৰ ৪৫০ হেক্টৰ গোমধান, ৬০ হেক্টৰ ঘেঁহু আৰু ৩৫০ হেক্টৰ আলু খেতিৰ বাবে ব্যৱহৃত হয়৷ ১৯৯১ চনৰ লোকপিয়ল অনুসৰি জিলাখনত কৃষকৰ সংখ্যা ৪২,৪৭৩ জন৷ ইয়াৰে ২৮,৬৬১ জন পুৰুষ আৰু ১৩,৮১২ গৰাকী মহিলা৷

১৯৯৮-৯৯ বৰ্ষত পূব ইম্ফল জিলাৰ মূল শস্যৰ মুঠ মাটিকালি আৰু উৎপাদন
ক্ৰমিক নং শস্য মাটিকালি (হেক্টৰ) উৎপাদন (মেট্ৰিক টন)
খাৰিফ শস্য
ধান (হাইব্ৰীড) ২৭.০০ ৮০.১৪
স্থানীয় ধান ৪.১০ ৫.৪৪
ঘেঁহু ০.৪৫ ০.৮০
কুঁহিয়াৰ ০.২৯ ১৭.৮৪
খাৰিফ মাহজাতীয় শস্য ০.২২ ০.২৭
ৰৱি শস্য
ঘেঁহু ০.০৬ ০.০৮
মাহজাতীয় শস্য ১.৫৩ ১.০৯
আলু ০.৩৫ ১.৫২
সৰিয়হ আৰু অন্যান্য তৈলজাতীয় শস্য ০.৬০ ১.২২

উদ্যানকৃষি (Horticulture)[সম্পাদনা কৰক]

উদ্যানকৃষিৰ ক্ষেত্ৰতো পূব ইম্ফল জিলাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ ফলমূল যেনে আনাৰস, কল, নেমু আৰু অমিতা ইত্যাদি জিলাখনত উৎপাদন হয়৷ ১৯৯৮-৯৯ বৰ্ষত জিলাখনত উৎপন্ন হোৱা উদ্যানকৃষিজাত শস্যসমূহ হৈছে-

ক্ৰমিক নং শস্য মাটিকালি (হেক্টৰ) বাৰ্ষিক উৎপাদন (মেট্ৰিক টন)
আনাৰস ৬৫০ ৩৭০০
কল ৫০ ৩৯২
নেমু ৫৬ ২২৪
Plum, Pear & Peach ৩০ ১৮০
অমিতা ২৩০ ১১৫০
আম ১২ ৬০
মধুৰিআম ৩০ ১৩৮
অন্যান্য 250 397
মুঠ ১৩৫৮ ৬৬৪০

পোহনীয়া জীৱজন্তু[সম্পাদনা কৰক]

পূব ইম্ফল জিলাৰ পাঁচখন জন্তুৰ চিকিৎসালয় আছে৷ ১৯৯৭ চনৰ পিয়ল অনুসৰি এই জিলাৰ বিভিন্ন পোহনীয়া জীৱজন্তুৰ সংখ্যা তলৰ তালিকাত দিয়া হ’ল:

ক্ৰমিক নং বিভাগ মুঠ সংখ্যা
গৰু ৮৫৯৬৪
ম’হ ২৩১০
ভেড়া ৪৬১
ছাগলী ২১৮৯
ঘোঁৰা ৫৪২
গাহৰি ১০৫৬৩
কুকুৰ ১৫৯৪০
শহা ৭৯৯

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]