সমললৈ যাওক

অৰুণাচল প্ৰদেশৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণাচল প্ৰদেশৰ জিলাসমূহ

অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।[1]

১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ নেফা (North-East Frontier Agency)-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: কামেং জিলা, সোৱণশিৰি জিলা, ছিয়াঙ জিলা, লোহিত জিলা, আৰু টিৰাপ জিলা

১৯৮০ চনৰ ১৩ মে’ত সোৱণশিৰি জিলা দুভগত বিভক্ত হয়: নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলা। সেইসময়ৰ সোৱণশিৰি জিলাৰ দাপৰিজো মহকুমাক লৈ উজনি সোৱণশিৰি জিলা গঠিত হয় আৰু বাকীঅংশৰে গঠন হয় নামনি সোৱণশিৰি জিলা।

১৯৮০ চনৰে ১ জুনত লোহিত জিলাক দুভগত বিভক্ত কৰা হয়: লোহিত জিলা আৰু দিবাং উপত্যকা জিলা। একেদিনাখনেই ছিয়াং জিলাকো দুভাগত ভাগ কৰা হয়: পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলা। লগতে কামেং জিলাৰ চেপ্লা আৰু ব’মডিলা মহকুমাক লৈ ক্ৰমে পূব কামেং জিলা আৰু পশ্চিম কামেং জিলাৰ গঠন কৰা হয়।

১৮৮৪ চনৰ ৬ অক্টোবৰত পূব কামেং জিলাৰ পৰা টাৱাং জিলা পৃথক হৈ যায়। ১৯৮৭ চনত সেই সময়ৰ টিৰাপ জিলাক দুভাগত ভাগ কৰি বৰ্তমনৰ টিৰাপ জিলা আৰু চাংলাং জিলাৰ গঠন কৰা হয়। ১৯৯২ চনৰ ২২ চেপ্টেম্বৰত সেইসময়ৰ নামনি সোৱণশিৰি জিলাক পুনৰ দুভাগত ভাগ কৰি নামনি সোৱণশিৰি জিলা আৰু পাপুমপাৰে জিলাৰ গঠন কৰা হয়। ২০০০ চনৰ জুন মাহত নামনি সোৱণশিৰি জিলাৰ পৰা পুনৰ এখন নতুন জিলা কুৰুং কুমেইৰ গঠন কৰা হয়। ২০০১ চনৰ ১৬ ডিচৰম্বৰত দিবাং উপত্যকা জিলাৰ অংশৰ পৰা নামনি দিবাং উপত্যকা জিলাৰ গঠন কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে লোহিত জিলাৰ একাংশৰ পৰা অঞ্জাও জিলাৰ গঠন কৰা হয়।

প্ৰশাসন

[সম্পাদনা কৰক]

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (ইংৰাজী: Superintendent of Police) পৰিচালনা কৰে।

জিলাসমূহ

[সম্পাদনা কৰক]

বৰ্তমান, অৰুণাচল প্ৰদেশ ১৭ খন জিলাৰে গঠিত। এই জিলাসমূহত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে। জিলাসমূহ হৈছে[2]:

ক’ড জিলা সদৰ জনসংখ্যা
(২০১১)[3]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)
ৱেবছাইট মানচিত্ৰ
AJঅনজৌ জিলা
(Anjaw)
হাৱাই
Hawai
২১,০৮৯৬,১৯০lohit.nic.in
CHচাংলাং জিলা
(Changlang)
চাংলাং
(ইংৰাজী: Changlang)
১৪৭,৯৫১৪,৬৬২২৭changlang.nic.in
EKপূব কামেং জিলা
(ইংৰাজী: East Kameng)
ছেপ্পা
(ইংৰাজী: Seppa)
৭৮,৪১৩৪,১৩৪১৪eastkameng.nic.in
ESপূব ছিয়াং জিলা
(ইংৰাজী: East Siang)
পাছিঘাট
(ইংৰাজী: Pasighat)
৯৯,০১৯৪,০০৫২২eastsiang.nic.in
ELলোহিত জিলা
(Lohit)
তেজু
(ইংৰাজী: Tezu)
১৪৫,৫৩৮২,৪০২১৩lohit.nic.in
লংডিং জিলা
(Longding)

লংডিং
(ইংৰাজী: Longding)
----------
LBনামনি সোৱণশিৰি জিলা
(ইংৰাজী: Lower Subansiri)
জিৰ’
(ইংৰাজী: Ziro)
৮২,৮৩৯৩,৪৬০২৪lowersubansiri.nic.in
PAপাপুমপাৰে জিলা
(ইংৰাজী: Papum Pare)
য়ুপিয়া
(ইংৰাজী: Yupia)
১৭৬,৩৮৫২,৮৭৫৪২papumpare.nic.in
TAটাৱাং জিলা
(Tawang)
টাৱাং চহৰ
(ইংৰাজী: Tawang Town)
৪৯,৯৫০২,০৮৫১৯tawang.nic.in
TIটিৰাপ জিলা
(Tirap)
খ’নছা
(ইংৰাজী: Khonsa)
১১১,৯৯৭২,৩৬২৪২tirap.nic.in
UDনামনি দিবাং উপত্যকা জিলা
(ইংৰাজী: Lower Dibang Valley)
ৰ’য়িং
(ইংৰাজী: Roing)
৫৩,৯৮৬৩,৯০০১৪roing.nic.in
USউজনি ছিয়াং জিলা
Upper Siang
য়িংকিয়ং
(ইংৰাজী: Yingkiong)
৩৩,১৪৬৬,১৮৮uppersiang.nic.in
UBউজনি সোৱণশিৰি জিলা
(ইংৰাজী: Upper Subansiri)
দাপ’ৰিজ’
(ইংৰাজী: Daporijo)
৮৩,২০৫৭,০৩২--
WKপশ্চিম কামেং জিলা
(ইংৰাজী: West Kameng)
ব’মডিলা
(ইংৰাজী: Bomdila)
৮৭,০১৩৭,৪২২১০westkameng.nic.in
WSপশ্চিম ছিয়াং জিলা
(West Siang)
আলং
(ইংৰাজী: Along)
১১২,২৭২৮,৩২৫১২westsiang.nic.in
উজনি দিবাং উপত্যকা জিলা
(ইংৰাজী: Upper Dibang Valley)
আনিনি
(ইংৰাজী: Anini)
৭,৯৪৮৯,১২৯--
কুৰুং কুমেই জিলা
(Kurung Kumey)
ক’ল’ৰিয়াং
(ইংৰাজী: Koloriang)
৮৯,৭১৭৮,৮১৮১০--

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Arunachal Pradesh at a glance". Arunachal Pradesh State Govenment. Archived from the original on August 4, 2013. https://web.archive.org/web/20130804193321/http://arunachalpradesh.nic.in/glance.htm আহৰণ কৰা হৈছে: August 23, 2012.
  2. "At a glance". Government of Arunachal Pradesh website. Archived from the original on 2013-08-04. https://web.archive.org/web/20130804193321/http://arunachalpradesh.nic.in/glance.htm আহৰণ কৰা হৈছে: 2012-08-23.
  3. "Distribution of Population, Decadel Growth Rate, Sex-Ration and Population Density" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/arunachal/17_Table%201%20-%20B.xls আহৰণ কৰা হৈছে: 2012-08-23.