উজনি দিবাং উপত্যকা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উজনি দিবাং উপত্যকা জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত উজনি দিবাং উপত্যকাৰ অৱস্থান
অৰুণাচল প্ৰদেশত উজনি দিবাং উপত্যকাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১৬ ডিচেম্বৰ ২০০১ (2001-12-16)
সদৰ আনিনি
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি আনিনি
মাটিকালি
 - মুঠ ৯,১২৯ কি.মি. 
(৩,৫২৪.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৭,৯৪৮ জন
 - জনঘনত্ব ০.৯ প্ৰতি বৰ্গ কি.মি. 
(২.৩ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল ২৭.৫৫% জন
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৬৪.৮%[1]
 - লিংগ অনুপাত ৮০৮[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 28°42′N 95°42′E / 28.7°N 95.7°E / 28.7; 95.7স্থানাংক: 28°42′N 95°42′E / 28.7°N 95.7°E / 28.7; 95.7
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

উজনি দিবাং উপত্যকা (Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।[2] এই জিলাখনৰ নাম দিবাং নদীৰ পৰা আহিছে।[3] জিলাখনৰ অধিবাসী মিচমি সকলে দিবাং নদীক তালুন (Talon) আখ্যা দিয়ে। মাটিকালিৰ ফালৰ পৰা উজনি দিবাং উপত্যকা ৰাজ্যৰ সৰ্ববৃহৎ জিলা যদিও এই জিলাৰ জনসংখ্যা ভাৰতৰ ভিতৰতে সৰ্বনিম্ন।[1]

ইতিহাস[সম্পাদনা কৰক]

১৯৮০ চনৰ জুন মাহত অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ একাংশ পৃথক কৰি দিবাং উপত্যকা জিলা গঠন কৰা হয়।[4] ২০০১ চনৰ ১৬ ডিচেম্বৰত এই দিবাং উপত্যকা জিলাক বিভক্ত কৰি পুনৰ উজনি আৰু নামনি দিবাং উপত্যকা জিলা নামেৰে দুখন পৃথক জিলা গঠন কৰা হয়।[4]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

দিবাং নদী তিব্বতৰ পৰ্বতৰ পৰা ওলাই উজনি দিবাং উপত্যকা জিলাৰ মাজেৰে বৈ গৈছে। জিলাখনৰ সদৰ ঠাইৰ নাম আনিনি (Anini)। এই জিলা উত্তৰ-পূব ভাৰতৰ আটাইতকৈ উত্তৰত অৱস্থিত।

যাতায়ত[সম্পাদনা কৰক]

শেহতীয়াকৈ প্ৰস্তাৱিত মেকমোহন লাইনেদি স্থিৰ কৰা মাগ’-থিংবু (Mago-Thingbu)-ৰ পৰা বিজয়নগৰ সংযোগী অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱে (Arunachal Pradesh Frontier Highway) এই জিলাৰ মাজেৰেই পাৰ হৈ যাব।[5][6][7][8]

সমষ্টি[সম্পাদনা কৰক]

এই জিলাৰ আনিনি অৰুণাচল প্ৰদেশ বিধানসভাৰ এটা সমষ্টি। ই পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰো অন্তৰ্ভুক্ত।[9]

জনসংখ্যা[সম্পাদনা কৰক]

উজনি দিবাং উপত্যকা জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
  
৫০.০৪%
Animist
  
৩৯.৬২%
বৌদ্ধ ধৰ্ম‎
  
২.২০%
ইছলাম ধৰ্ম‎
  
১.৭৩%
খ্ৰীষ্টান ধৰ্ম‎
  
১.৩৩%
শিখ ধৰ্ম‎
  
০.২৬%
অন্য
  
৪.৮১%

২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি দিবাং উপত্যকা জিলাৰ মুঠ জনসংখ্যা ৭,৯৪৮ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলা অন্তিম স্থানত আছে।[1] জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ০.৯ জন। এই জিলাৰ ভাৰতৰ ভিতৰত সৰ্বনিম্ন জনবসতি পূৰ্ণ জিলা।[1] ২০০১-২০১১ দশকত এই জিলাৰ জনবসতি বৃদ্ধিৰ হাৰ আছিল ৯.৩%।[1] দিবাং উপত্যকা জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮০৮ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৬৪.৮%। [1]

এই জিলাৰ সংখ্যআগৰিষ্ঠ লোক মিচমি জনজাতিৰ।

ভাষা[সম্পাদনা কৰক]

এই জিলাত ব্যৱহৃত প্ৰধান ভাষা হৈছে মিচমি (Mishmi)। এই ভাষা চীন-তিব্বতীয় মূলৰ।[10]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

এই জিলা জৈৱবৈচিত্ৰৰ ক্ষেত্ৰত চহকী। জিলাখনত আপুৰুগীয়া জীৱ-জন্তু যেনে মিচমি টাকিন (Mishmi takin), ৰঙা গৰাল (Red goral), Mishmi Hills Giant Flying Squirrel, Sclater's Monal আদি দেখা পোৱা যায়।[11][12]

১৯৯১ চনত এই জিলাৰ ৪১৪৯ বৰ্গকিলোমিটাৰ লৈ দিবাং বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয়।[13]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "Dibang Valley District Population Census 2011, Arunachal Pradesh literacy sex ratio and density". Census Organization of India. Archived from the original on 3 January 2013. http://www.census2011.co.in/census/district/477-dibang-valley.html. 
  2. National Portal of India : Know India : Districts of India. India.gov.in.
  3. History : Lower Dibang Valley. Roing.nic.in (16 December 2001).
  4. 4.0 4.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  5. "Top officials to meet to expedite road building along China border". Dipak Kumar Dash. timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/india/Top-officials-to-meet-to-expedite-road-building-along-China-border/articleshow/44831871.cms। আহৰণ কৰা হৈছে: 27 October 2014. 
  6. "Narendra Modi government to provide funds for restoration of damaged highways". http://www.dnaindia.com. http://www.dnaindia.com/india/report-narendra-modi-government-to-provide-funds-for-restoration-of-damaged-highways-2020106। আহৰণ কৰা হৈছে: 27 October 2014. 
  7. "Indian Government Plans Highway Along Disputed China Border". Ankit Panda. thediplomat.com. http://thediplomat.com/2014/10/indian-government-plans-highway-along-disputed-china-border/। আহৰণ কৰা হৈছে: 27 October 2014. 
  8. "Govt planning road along McMohan line in Arunachal Pradesh: Kiren Rijiju". Live Mint. http://www.livemint.com/Politics/nqEwdXxkIgrSHPpTSzsFRN/Govt-planning-road-along-McMohan-line-in-Arunachal-Pradesh.html। আহৰণ কৰা হৈছে: 2014-10-26. 
  9. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  10. M. Paul Lewis, ed. (2009). "Mishmi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  11. Choudhury, Anwaruddin(2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp.
  12. Choudhury, Anwaruddin (2009).One more new flying squirrel of the genus Petaurista Link, 1795 from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 8: 26–34, plates.
  13. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]