জিৰ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জিৰ'ৰ পৰা পুনঃনিৰ্দেশিত)
জিৰ’
—  পাহাৰীয়া এলেকা (Hill station)  —
জিৰ’ is located in অৰুণাচল প্ৰদেশ
জিৰ’
ভৌগোলিক স্থানাংক: 27°33′59″N 93°49′53″E / 27.566389°N 93.831389°E / 27.566389; 93.831389স্থানাংক: 27°33′59″N 93°49′53″E / 27.566389°N 93.831389°E / 27.566389; 93.831389
দেশ ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা নামনি সোৱণশিৰি
উচ্চতা ১,৭০০ মিটাৰ (৫,৫৭৭.৪৩ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১২,২৮৯ জন
ভাষা
 - চৰকাৰী ইংৰাজী
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+5:30)
পিন ৭৯১১২০
টেলিফ’ন ক’ড ০৩৭৮৮

জিৰ’ (ইংৰাজী: Ziro) হৈছে অৰুণাচল প্ৰদেশনামনি সোৱণশিৰি জিলাৰ সদৰ। ই অৰুণাচল প্ৰদেশৰ এখন উল্লেখযোগ্য ঠাই।

ভূগোল[সম্পাদনা কৰক]

জিৰ’ (ইংৰাজী: Ziro) হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ সদৰ আৰু ৰাজ্যখনৰ পুৰণি চহৰসমূহৰ মাজত অন্যতম। পূৰ্বতে ই অবিভক্ত নামনি সোৱণশিৰি জিলা (বৰ্তমানৰ উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, কুৰুঙ কুমে’ আৰু পাপুমপাৰে জিলা)ৰ সদৰ আছিল। ইয়াৰ অৱস্থান হৈছে 27°38′N 93°50′E / 27.63°N 93.83°E / 27.63; 93.83[1]। ই সমুদ্ৰপৃষ্ঠৰ পৰা ১৬৮৮ মিটাৰ (৫৫৩৮ ফুট) উচ্চতাত অৱস্থিত। জহকালিৰ ঠাণ্ডা বতৰ হৈছে জিৰ’ৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আপাতানি লোকসকলৰ অধিকাংশ লোকেই জিৰ’ত বাস কৰে। আপাতানি লোকসকলৰ কিছুমান বৈশিষ্ট্য হৈছে:

  • আপাতানি লোকসকলে সাধাৰণতে একে ঠাইতে বাস কৰে। তেওঁলোকে অন্যান্য জনগোষ্ঠীসমূহৰ দৰে সাৰুৱা মাটি বিচাৰি ঘূৰি নুফুৰে। একে টুকুৰা ঠাইতে চাৰি-পাঁচ বছৰমান বাস কৰে।
  • আপাতানি লোকসকলে permanent wet land cultivation কৰে আৰু অন্যান্য জনগোষ্ঠীসমূহৰ লোকসকলে হাবি কাটি ঠাই মুকলি কৰি dry land cultivations কৰে।
  • পূৰ্বতে আপাতানি লোকসকলে বেজীৰে খুচি মুখমণ্ডলত চিত্ৰ অংকন কৰি (টাতু কৰা) লৈছিল। কিন্তু বৰ্তমান প্ৰজন্মৰ লোকসকলৰ মাজত এই টাটু কৰা দেখা নাযায়।
জিৰ’ৰ হিজা গাঁৱৰ এগৰাকী আপাতানি জনগোষ্ঠীৰ মহিলা


জনগাঁথনি[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল[2] মতে, জিৰ’ৰ মুঠ জনসংখ্যা হৈছে ১২,২৮৯। মুঠ জনসংখ্যাৰ ৫২% শতাংশ লোক পুৰুষ আৰু ৪৮% শতাংশ লোক মহিলা। জনসংখ্যাৰ ১৭% শতাংশ হৈছে ছয় বছৰৰ তলৰ শিশু।

শিক্ষা[সম্পাদনা কৰক]

জিৰ’ৰ গড় সাক্ষৰতা হাৰ হৈছে ৬৬%। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৭২%আৰু মহিলাৰ সাক্ষৰতা হাৰ ৬০%। অৰুণাচল প্ৰদেশৰ ভিতৰত জিৰ’ত আটাইতকৈ বেছি বিদ্যালয় আছে। ইয়াৰে কিছুমান বিদ্যালয় চৰকাৰী আৰু আন কিছুমান ব্যক্তিগত খণ্ডৰ। ইয়াত এখন মহাবিদ্যালয়, ছেইণ্ট ক্লাৰেট কলেজ আছে।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহ[সম্পাদনা কৰক]

ধান খেতিৰ লগত মীন পালন

ধান খেতিৰ লগত মীন পালন কৰাৰ বৈশিষ্টৰ বাবে জিৰ’ সকলোতে পৰিচিত। আপাতানি লোকসকলৰ পৰম্পৰাগত খেতিৰ মাটিত পানী যোগান ধৰা প্ৰক্ৰিয়াৰ ফলত ধান খেতিৰ লগত মীন পালন কৰাৰ সম্ভৱপৰ হৈছে[3]। খেতিৰ মাটিত ধান ৰোৱাৰ পাছত পাখ’ (Pakho) হেতেই (Hetey) (ধান খেতিৰ মাজত পানী যোগানৰ বাবে ব্যৱহৃত পুখুৰী) সমূহত মাছৰ পোনা মেলি দিয়া হয়। এইসমূহ আঁঠু সমান দ পানীত ধান খেতি চপোৱাৰ আগতে ২-৩ মাহৰ বাবে ৰখা হয়[4]। আপাতানি লোকসকলে ফেব্ৰুৱাৰী মাহত ধান সিঁচা হয় আৰু অক্টোবৰ মাহত ধান কটা হয়। আনহাতে, মে’ মাহত মাছ পোহা আৰম্ভ কৰা হয় আৰু জুলাইৰ পৰা ছেপ্তেম্বৰ মাহলৈকে খেতি পথাৰত মীন পালন কৰা হয়।

তাৰিণ মীন পালন কেন্দ্ৰ

হাপ’লি চহৰৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰত এটা মীন পালন পুখুৰী আছে। ইয়াত উচ্চ স্থানত পোৱা মাছ পালন কৰা হয়। ধান খেতি কৰাৰ সময়ত ইয়াত মাছৰ পোনা বিক্ৰী কৰা হয়।

জিৰ’ পুটু

স্থানীয় লোকসকলে জিৰ' পুটুক আৰ্মী পুটু (Army Putu) বুলিও কয়। পূৰ্বৰ জিৰ'ত প্ৰায় ৬০ দশকত এটা টিলাত সেনাবাহিনীৰ ছাউনী আছিল যদিও পিছত স্থানান্তৰ কৰা হ'ল। এই টিলাৰ পৰা জিৰ'ৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি।

শিৱ লিংগ, কাৰড’

হাপ’লি চহৰৰ পৰা প্ৰায় ৪ কিঃমিঃ দূৰৰ কাৰড’(Kardo)ত শিৱ লিংগ আছে। ইয়াৰ উচ্চতা প্ৰায় ২৫ ফুট আৰু বহলে প্ৰায় ২২ ফুট[4]। দৈনিক বহুতো ভক্তই এই ঠাই ভ্ৰমণ কৰিবলৈ আহে।

টালেই উপত্যকা (Talley Valley)

ইয়াত বৈচিত্ৰপূৰ্ণ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। ইয়াৰ ভিতৰত giant silver fir গছ, বিভিন্ন প্ৰজাতিৰ rhododendron, অৰ্কিড, ঢেকীয়া জাতীয় উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ গছ আদি উল্লেখযোগ্য। জিৰ’ৰ পৰা প্ৰায় ৩২ কিঃমিঃ দূৰৰ উত্তৰ-পূবত Talley উপত্যকা অৱস্থিত।

তাপ্যো নিমখ

তাপ্যো (Tapyo Salt) হৈছে আপাতানি লোকসকলে প্ৰস্তুত কৰা এক ব্যতিক্ৰমী ঔষধিয় নিমখ। ইয়াত পৰ্য্যাপ্ত পৰিমাণৰ আয়'ডিন পোৱা যায় আৰু ইয়েই আপাতানি লোকসকলক বেমাৰৰ পৰা মুক্ত কৰি ৰাখিছিল[5]

জিৰ’ ভ্ৰমণ কৰাৰ সময়[সম্পাদনা কৰক]

জিৰ’ ভ্ৰমণ কৰাৰ উত্তম সময় হৈছে আপাতানি সকলে জানুৱাৰী মাহত উদযাপন কৰা মুৰুং উত্‍সৱ, মাৰ্চ মাহৰ Myoko rituals আৰু ৪ৰ পৰা ৭ জুলাইলৈ উদযাপিত ড্ৰী উৎসৱ (ইংৰাজী: Dree Festival)। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ মতে, জিৰ’ ভ্ৰমণ কৰাৰ ভাল সময় হৈছে ফেব্ৰুৱাৰীৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ইয়াত খেতি-বাতি কৰাৰ সময়ত[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Falling Rain Genomics, Inc – Ziro. Fallingrain.com. Retrieved on 2012-02-23.
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. Kala, C.P. et al. Land use management and wet rice cultivation by the Apatani people in Arunachal Pradesh, India, traditional knowledge and practices. Outlook on Agriculture, 37 (2): 125-129.http://www.ingentaconnect.com/content/ip/ooa/2008/00000037/00000002/art00007
  4. 4.0 4.1 In and around Ziro::Official website of Lower Subansiri District. Lowersubansiri.nic.in. Retrieved on 2012-02-23
  5. Kala, CP and Dollo M. 2009. Plant Talk, UK. http://www.plant-talk.org/india-tapayo-a-herbal-salt-of-the-apatani.htm
  6. The Telegraph – Calcutta : Northeast. Telegraphindia.com (2005-06-17). Retrieved on 2012-02-23.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]