বাৰ্তা:জিৰ’

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"জিৰো" পৃষ্ঠাৰ পৰা কপী কৰা পাঠ; অনুগ্ৰহ কৰি মূল প্ৰবন্ধত ইয়াৰ তথ্যসমূহ যোগ দিয়ক:


জিৰো[1] হৈছে নামনি সোঁৱণশিৰি জিলাৰ সদৰ ঠাই অৰুণাচল প্ৰদেশ ৰ প্ৰাচীনত ঠাইবোৰৰ মাজত এখন। আগতে জিৰো সংযুক্ত উজনি আৰু নামনি সোঁৱণশিৰি জিলা সদৰ আছিল। জিৰো সাগৰপৃষ্ঠৰ পৰা ৫৫৩৮ ফুট উচ্চতাত অৱস্থিত। ইয়াৰ নীতিশিতোষ্ণ জলবায়ুৰ কাৰণে গ্ৰীষ্ম কালতো পৰ্য্যটকক আকৰ্ষণ কৰে। জিৰো আপাটনি সম্প্ৰদায়ৰ বাসস্থল। এই আপাটনি সকলৰ কিছুমান বৈশিষ্ঠ আছে যাৰ বাবে এওঁলোকৰ প্ৰকৃতি অৰুণাচলৰ বাকী জনগোষ্ঠীৰ সকলৰ পৰা পৃথক। অৰুণাচলৰ বাকী জনগোষ্ঠীবোৰ প্ৰায়ে উৰ্বৰা ঠাই বিছাৰি এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ চোং সলাই ঘুৰি ফুৰে, কিন্তু আপাটনি সকল এটুকুৰা নিৰ্দিষ্ট ঠাইতে সিঁচৰিত হৈ জীৱন নিৰ্বাহ কৰি থাকে। আপাট্নি সকলে একেখন পথাৰতে বছৰত বিভিন্ন খেতি কৰে কিন্তু বাকী জনগোষ্ঠী সকলে হাবি-জংঘল কাটি উলিয়াই আৰু তাতে নতুন নতুন খেতি কৰে। আগতে আপাটনি সকলৰ মুখত স্থায়ী চিত্ৰ(tattoo) অংকন কৰা এক প্ৰথা আছিল কিন্তু আজিকালি এইটো প্ৰথা প্ৰায় লুপ্ত হবলৈ ধৰিছে।

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

জলবায়ু[সম্পাদনা কৰক]

তাপমাত্ৰা একে হ'লেও জিৰোৰ জলবায়ু ঋতু পৰিৱৰ্তনৰ কাৰণে সলনি হৈ থাকে।

  • শীতকাল=ডিচেম্বৰ-ফেব্ৰুৱাৰী[2]
  • গ্ৰীষ্মকাল= জুন-অক্টোবৰ

জিৰোৰ নামনি অঞ্চলৰ জলবায়ু ইয়াৰ উজনি অংশৰ লগত নিমিলে।নামনিৰ অঞ্চলবোৰত শীতকালি প্ৰচন্ড ঠান্ডা আৰু গ্ৰীষ্মকালি প্ৰখৰ গৰম হয়। জুলাই মাহটো আটাইতকৈ গৰমৰ মাহ আৰু জানুৱাৰী মাহত আটাইতকৈ ঠান্ডৰ। নামনি অংশৰ বাৰ্ষিক বৃষ্টিপাত তুলনামূলক ভাৱে উত্তৰৰ অঞ্চলবোৰতকৈ বেছি। ২০০০ বৰ্ষত জিৰোত অভিলেখ সংখ্যক ৯৩৪.৮৮ মিঃমিঃ বৰষুণ হৈছিল।

আন্তঃ গাঁথনি[সম্পাদনা কৰক]

জন গাঁথনি[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল মতে জিৰোৰ জনসংখ্যা ১২,২৮৯ জন।পুৰুষৰ সংখ্যা ৫২% আৰু মহিলাৰ ৪৮%

শিক্ষা[সম্পাদনা কৰক]

জিৰোত অৰুণাচলৰ ভিতৰত আটাইতকৈ বেছি বিদ্যালয় আছে। মুঠতে ১০০ খনতকৈও বেছি চৰকাৰী আৰু বে-চৰকাৰী শিক্ষাঅনুষ্ঠান আছে। জিৰোৰ সাক্ষৰতা হাৰ ৬৬%। পুৰুষ সাক্ষৰতা ৭২% আৰু মহিলা ৬০%।

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সুত্ৰ[সম্পাদনা কৰক]