টিৰাপ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টিৰাপ জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত টিৰাপৰ অৱস্থান
অৰুণাচল প্ৰদেশত টিৰাপৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ খ'নছা
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি ৪টা (নামচাং, পূব খ’নছা, পশ্চিম খ’নছা, বৰডুৰীয়া-বগাপানী)
মাটিকালি
 - মুঠ ২,৩৬২ কি.মি. 
(৯১২ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১,১১,৯৯৭ জন
 - জনঘনত্ব ৪৭.৪ প্ৰতি বৰ্গ কি.মি. 
(১২২.৮ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৫২.২%[1]
 - লিংগ অনুপাত ৯৩১[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 26°59′27″N 95°30′10″E / 26.9907°N 95.5028°E / 26.9907; 95.5028স্থানাংক: 26°59′27″N 95°30′10″E / 26.9907°N 95.5028°E / 26.9907; 95.5028
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

টিৰাপ জিলা (Tirap district, Pron:/tɪˈɹæp/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোক মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী

ইতিহাস[সম্পাদনা কৰক]

ঐতিহাসিক দিনৰে পৰা টিৰাপ জিলাত স্থানীয় জনজাতিৰ পূৰ্বপুৰুষসকলে বসবাস কৰি আহিছে। প্ৰায় ১৬শ শতিকাত আহোম ৰাজত্বৰ সময়ত স্থানীয় ন’কটে জনজাতিৰ লোকসকলে এই জিলাত প্ৰৱেশ কৰে। ১৯৪৫-ৰ যুদ্ধৰ পিছত জাপানী সৈন্যই কিছুদিন এই অঞ্চল দখল কৰিছিল। শেহতীয়াকৈ নগা প্ৰতিবাদী সন্থা এন এছ চি এনে বৃহত্তৰ নাগালিমত টিৰাপ জিলাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী কৰি আহিছে।

১৯৯৭ চনৰ ১৪ নৱেম্বৰত এই জিলাৰ একাংশ পৃথক কৰি চাংলাং জিলা গঠন কৰা হয়। ২০১৩ চনত পুনৰ টিৰাপ জিলাক বিভক্ত কৰি লংডিং জিলা সৃষ্টি কৰা হয়।[2]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

টিৰাপ জিলাৰ মুঠ মাটিকালি ২৩৬২ বৰ্গ কিলোমিটাৰ।[3] এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা উত্তৰ-দক্ষিণে ২০০ মিটাৰৰ পৰা পাটকাই পাহাৰত ৪০০০ মিটাৰ পৰ্যন্ত।

প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]

টিৰাপ জিলাত অৰুণাচল প্ৰদেশ বিধানসভা চাৰিটা সমষ্টি আছে- নামচাং, পূব খ'নছা, পশ্চিম খ'নছা আৰু বৰডুৰীয়া-বগাপানী (Borduria-Bogapani)। এই সকলোবোৰ ঠাই পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[4]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি টিৰাপ জিলাৰ জনসংখ্যা ১,১১,৯৯৭ জন।[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৩।[5] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৭ জন।[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১.৬৩%।[5] টিৰাপ জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩১ গৰাকী।[5] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫২.২৩%।[5]

টিৰাপ জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোকৰ অধিকাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী। প্ৰায়ভাগ লোকেই নগা জনজাতীয় লোক আৰু ক’নিয়াক, ৱাংচ’ সকলৰ ওচৰ সম্পৰ্কীয়। এই লোকসকলে পালন কৰা প্ৰধান উৎসৱৰ ভিতৰত ন’কটেসকলৰ ল’কু (Loku), ৱাংচু সকলৰ উৰিয়া (Oriya বা Ojiyele) আৰু টুট্সা সকলৰ পংটু (Pongtu) উৎসৱেই উল্লেখযোগ্য। অৰুণাচল প্ৰদেশৰ ভিতৰতৰ পোনপ্ৰথমে টিৰাপ জিলালৈ খ্ৰীষ্টান ধৰ্মৰ আগমণ ঘটিছিল।

শিক্ষা[সম্পাদনা কৰক]

ৰামকৃষ্ণ মিছন স্কুল টিৰাপ জিলাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]